ছানিয়া মিৰ্জাই সুস্থ থাকিবলৈ ব্যৱহাৰ কৰা আইভি ড্ৰিপৰ উপযোগিতা কি

Story by  atv | Posted by  [email protected] • 11 d ago
খেলি থকা সময়ত মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা
খেলি থকা সময়ত মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা
 
হায়দৰাবাদ

টেনিছ তাৰকা ছানিয়া মিৰ্জাই নিজৰ স্বাস্থ্য আৰু সুস্থতা বৃদ্ধিৰ বাবে নতুন পথ বাছি লৈছে। এইবাৰ তেওঁ ১১১ স্কিন ব্ৰেণ্ডৰ পৰা শিৰাত দিয়া ড্ৰিপ লৈ নিজকে সুস্থ ৰখাৰ সিদ্ধান্ত লৈছে। ছানিয়াৰ মতে, ১১১ স্কিনত আছে শৰীৰৰ সকলো প্ৰয়োজনৰ বাবে সৰ্বোত্তম আইভি ড্ৰিপ (IV drips)। ছানিয়াই হায়দৰাবাদৰ নিজৰ ঘৰত এই ড্ৰপবোৰ শিৰাত শোষণ কৰি থকা এটা ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰে।
 
ছানিয়া মিৰ্জাৰ শিৰাত দিয়া হেলথ ফৰ্মূলাৰ পৰা অনুপ্ৰাণিত হৈ আমি জানো আহক এইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ উপকাৰিতা কি।
 
আই ভি ড্ৰিপে কেনেকৈ কাম কৰে?
 
স্বাস্থ্যসেৱা বিশেষজ্ঞই আপোনাৰ আগবাহু, হাতৰ কব্জি, হাত বা ভৰিৰ এটা শিৰা বাছি ল’ব। তাৰ পিছত সেই ঠাইখিনি চেনিটাইজ কৰি কেনিউলাৰ লগত সংলগ্ন বেজী এটা শিৰাত সুমুৱাই দিয়া হয়। যিহেতু কেনিউলাটো IVৰ লগত সংলগ্ন হৈ থাকে, গতিকে দ্ৰৱটো লাহে লাহে ৩০ৰ পৰা ৬০ মিনিটৰ ভিতৰত টোপাল টোপালকৈ শৰীৰত শোষিত হয়।
 
অৱশেষত কেনিউলা (cannula) আঁতৰাই বেজী সোমোৱা ঠাইত হেঁচা প্ৰয়োগ কৰি ৰক্তক্ষৰণ বন্ধ কৰা হয়।
 
 
IV Drips ৰ উপযোগিতাসমূহঃ
 
১/ এন্টিঅক্সিডেন্ট প্ৰদান কৰেঃ আই ভি ড্ৰিপে ছালত এন্টিঅক্সিডেন্ট পোনে পোনে তেজৰ সোঁতত যোগান ধৰি ছালৰ বয়স বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
 
২/ ভিটামিন আৰু মিনাৰেলেৰে (খনিজ পদাৰ্থ) সমৃদ্ধঃ আই ভি ড্ৰিপত বি ১২ৰ দৰে ভিটামিন থাকে যিয়ে চুলি, ছাল আৰু নখক সুস্থ কৰি তোলে। জিংকে ছালৰ দাগ কমায়, ছালৰ বিষ আৰু ৰঙা পৰা দূৰ কৰে।
 
৩) পাচনতন্ত্ৰ পৰিহাৰ কৰেঃ পাচনতন্ত্ৰ এৰাই চলি আইভি থেৰাপীয়ে সৰ্বাধিক ফলপ্ৰসূতা আৰু ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ সুবিধা প্ৰদান কৰে। এইবোৰেই হৈছে ছানিয়া মিৰ্জাৰ "ঘৰতে সুস্থ হৈ থকাৰ" অভিনৱ উপায়।