পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সীমা হাইদৰে ইউটিউবৰ জৰিয়তে উপাৰ্জন কৰিছে মাহিলী লাখ টকা

Story by  atv | Posted by  [email protected] • 2 d ago
স্বামী শচীন মীনাৰ সৈতে সীমা হাইদৰ
স্বামী শচীন মীনাৰ সৈতে সীমা হাইদৰ
 
নতুন দিল্লী

পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সীমা হাইদৰৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। ২০২৩ চনৰ মে’ মাহত সীমা ভাৰতলৈ আহি উত্তৰ প্ৰদেশৰ বৃহত্তৰ নয়দাৰ বাসিন্দা শচীন মীনাৰ সৈতে বিয়াত বহিছিল। ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় এই দম্পতীয়ে বৰ্তমান মুঠ ছটা ইউটিউব চেনেল চলাই লাখ লাখ টকা উপাৰ্জন কৰে।
 
শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত সীমা হাইদৰে প্ৰকাশ কৰে যে তেওঁ ইউটিউবৰ পৰা প্ৰথম পেমেণ্ট হিচাপে ৪৫ হাজাৰ টকা লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁৰ উপাৰ্জন বৃদ্ধি পাই আছে আৰু এতিয়া সীমাই প্ৰতিমাহে ৮০ হাজাৰৰ পৰা ১ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰে। এই ধনৰাশি ইউটিউবৰ ভিউ, লাইভ ষ্ট্ৰীমিংৰ সময়ত লাভ কৰা অনুদান, স্প'নছৰ্ড ভিডিঅ’, আৰু ব্ৰেণ্ড প্ৰচাৰৰ জৰিয়তে উপাৰ্জন কৰা হয়।
 
চাৰি সন্তান আৰু স্বামীৰ সৈতে সীমা হাইদৰ
 
সীমা আৰু শচীনৰ বৰ্তমান মুঠ ছটা ইউটিউব চেনেল আছে, য’ত তেওঁলোকে অন্যান্য বিষয়ৰ লগতে নিজৰ পাৰিবাৰিক জীৱনৰ ভিডিঅ’ পোষ্ট কৰে। এই চেনেলসমূহত দম্পতীহালৰ ক্ৰমবৰ্ধমান ১৭ লাখৰো অধিক ছাইস্ক্ৰাইবাৰ আছে। তেওঁলোকে ভিডিঅ’বোৰত গড়ে ২৫ হাজাৰ ভিউ (Views) লাভ কৰে। দৰাচলতে শচীনে এতিয়া চাকৰি এৰি সম্পূৰ্ণৰূপে ইউটিউব চেনেলৰ বাবে সময় উচৰ্গা কৰিছে।
 
উল্লেখ্য যে, সীমা হাইদৰে নিজৰ চাৰিটা সন্তানৰ সৈতে নেপাল হৈ ভাৰতত প্ৰৱেশ কৰি জনপ্ৰিয় অনলাইন গেম PUBGৰ জৰিয়তে প্ৰেমত পৰা শচীনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল। ডিচেম্বৰ মাহত দম্পতীহালে এটা ভিডিঅ’যোগে ঘোষণা কৰিছিল যে তেওঁলোকে এতিয়া একেলগে প্ৰথমটো সন্তান জন্ম দিয়াৰ আশা কৰিছে। শেহতীয়াকৈ তেওঁ শচীনৰ ফালৰ পৰা প্ৰথমটো সন্তানৰ মাতৃ হৈছে। সীমাৰ প্ৰথম স্বামী গুলাম হাইদৰ পাকিস্তানত বাস কৰে।