ৱাশ্বিংটন
অৱশেষত ৯ মাহৰ অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাটচ উইলম’ৰ ২৮৬ দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিছে। ভাৰতীয় সময় অনুসৰি, বুধবাৰে পুৱা ৩:২৭ বজাত তেওঁলোকৰ সৈতে ফ্ল’ৰিডা সাগৰত অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স মহাকাশযান। চাৰিওগৰাকী মহাকাশচাৰী নিৰাপদে পৃথিৱীলৈ উভতি অহা বুলি নাছাই ঘোষণা কৰিছে।
নাছাৰ মহাকাশচাৰী নিক হগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভো তেওঁলোকৰ সৈতে একেখন মহাকাশযানেৰে উভতি আহে। সুনীতা যোৱা বছৰৰ জুন মাহত মহাকাশলৈ উৰা মাৰিছিল। স্পেচএক্সৰ ড্ৰেগন মহাকাশযানখনে মঙলবাৰে পুৱা ১০:৩৫ বজাত সুনীতাক লৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা ৰাওনা হৈছিল।
বুধবাৰে আটলাণ্টিক মহাসাগৰৰ ফ্ল’ৰিডাৰ উপকূলত নিৰাপদে অৱতৰণ কৰাৰ পিছত আমেৰিকাৰ নৌসেনাবাহিনীয়ে আদৰণি জনায়। ইয়াৰ পিছত নৌসেনাই মডিউলৰ সৈতে সুনীতা আৰু তেওঁৰ সহযোগীসকলক জাহাজলৈ লৈ আহে। ড্ৰেগনৰ কেপচুলৰ দুৱাৰখন খোলাৰ পিছত প্ৰথমে নিক হগ ওলাই আহে।
প্ৰায় ৫ মিনিট পিছত ভাৰতীয় সময় অনুসৰি পুৱা ৪:২২ বজাত সুনীতা উইলিয়ামছে হাঁহি হাঁহি মহাকাশযানখনৰ পৰা ওলাই আহিল। ইয়াৰ পিছত জাহাজখন মূল ভূখণ্ডৰ দিশে যাত্ৰা কৰে। তাৰ পৰা তেওঁলোকৰ গন্তব্যস্থান হ’ল হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰ। ইতিমধ্যে হিউষ্টনৰ স্পেচ চেণ্টাৰে নাছাৰ এই সফলতা উদযাপন কৰিছে।
কিন্তু পৃথিৱীলৈ ঘূৰি অহাৰ পাছতো মহাকাশচাৰীসকলে লগে লগে পৰিয়ালক লগ কৰিব নোৱাৰিব। তেওঁলোকক এতিয়া ক্ৰু কোৱাৰ্টাৰত ৰখা হ’ব। তাত কেইবা সপ্তাহ ধৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা চলি থাকিব। ইয়াৰ পিছত সুনীতা আৰু আন মহাকাশচাৰীসকলে পৰিয়ালৰ লোকক লগ কৰাৰ অনুমতি পাব।