নতুন দিল্লী
উচ্চতম ন্যায়ালয়ে ১৯৯১ চনৰ উপাসনা স্থান আইনখন (Places of Worship (Special Provisions) Act, 1991)ক প্ৰত্যাহ্বান জনোৱা এক আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে আবেদনৰ শুনানি প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত আৰু ইয়াক নিষ্পত্তি নকৰালৈকে দেশত আৰু এই সন্দৰ্ভত কোনো নতুন গোচৰ পঞ্জীয়ন কৰা নহয়। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পিভি সঞ্জয় কুমাৰ আৰু কেভি বিশ্বনাথনৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে।
উচ্চতম ন্যায়ালয়ে আজিৰ ৰায়েৰে সমগ্ৰ দেশৰ আদালতসমূহক মছজিদসমূহৰ তলত মন্দিৰ আছে নে নাই, সেইটো নিৰ্ণয় কৰিবলৈ জৰীপ বিচৰা যিকোনো নতুন আবেদন স্বীকাৰ বা গৃহীত কৰাত বাধা প্ৰদান কৰে।
“বিষয়টো বিচৰাধীন হৈ আছে। আমি গোচৰটোৰ শুনানি গ্ৰহণ নকৰা পৰ্যন্ত আৰু ইয়াৰ নিষ্পত্তি নকৰালৈকে এই সন্দৰ্ভত নতুনকৈ কোনো গোচৰ পঞ্জীয়ন কৰিব নোৱাৰিব। আমাৰ হাতত ৰাম জন্মভূমিৰ গোচৰটোও আছে।"-উচ্চতম ন্যায়ালয়ে এইদৰে কয়। পৰ্যালোচনাধীন মূল বিধানসমূহৰ ভিতৰত আছে ধাৰা ২, ৩ আৰু ৪, যিয়ে ধৰ্মীয় স্থানসমূহৰ ৰূপান্তৰকৰণ আৰু ১৯৪৭ চনৰ পৰা ইয়াৰ মৰ্যাদাৰ বিষয়ে গোচৰ চলোৱাত বাধা দিয়ে।
আবেদনখনত যুক্তি দিয়া হৈছিল যে এই আইনখনে আৰাধনাস্থলীসমূহ পুনৰ উদ্ধাৰ বা ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ইয়াৰ মৰ্যাদা সলনি কৰাৰ লক্ষ্যৰে চলি থকা গোচৰসমূহ বন্ধ কৰি দিয়ে। ধৰ্মীয় নেতা, ৰাজনীতিবিদ, অধিবক্তাকে ধৰি আবেদনকাৰীসকলে দাবী কৰে যে এই আইনখনে হিন্দু, জৈন, বৌদ্ধ আৰু শিখসকলৰ পূজাস্থলী পুনৰুদ্ধাৰ আৰু পৰিচালনাৰ অধিকাৰ খৰ্ব কৰিছে, যাৰ ফলত ২৫, ২৬ আৰু ২৯ নং অনুচ্ছেদৰ অধীনত তেওঁলোকৰ সাংবিধানিক অধিকাৰ ভংগ হৈছে।
এই লোকসকলে যুক্তি আগবঢ়ায় যে এই আইনখনে তেওঁলোকৰ ধৰ্ম পালন, পবিত্ৰ স্থান পৰিচালনা, সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ অধিকাৰ খৰ্ব কৰে। বিজেপি নেতা সুব্ৰমণিয়ান স্বামীৰ দৰে বিখ্যাত ব্যক্তি আৰু কাশী ৰয়েল ফেমিলিৰ সদস্যই এই আৱেদন দাখিল কৰিছে। তেওঁলোকৰ মতে এই আইনখন অন্যায় আৰু ভাৰতৰ সমতা আৰু ধৰ্মনিৰপেক্ষতা নীতিৰ বিৰোধী। আবেদনকাৰীসকলে লগতে কয় যে ই তেওঁলোকৰ আদালতলৈ গৈ ন্যায় বিচৰাৰ অধিকাৰত বাধা দিয়ে।
জমিয়ত উলামা-ই-হিন্দ আৰু ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ দৰে মুছলমান গোটে এই আইনক সমৰ্থন কৰে। তেওঁলোকে চিন্তা কৰে যে ইয়াক সলনি কৰিলে মছজিদৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হ’ব পাৰে, যাৰ ফলত সংঘাতৰ সৃষ্টি হ’ব পাৰে। জ্ঞানবাপি মছজিদ পৰিচালনা কৰা গোটটোৱেও এই আৱেদনসমূহ নাকচ কৰিবলৈ আদালতক অনুৰোধ জনাইছে।
এই গোচৰৰ ফলাফলে মছজিদৰ সৈতে সম্পত্তিৰ অধিকাৰ বিচৰা হিন্দুত্ববাদী লোকসকলে এই মছজিদসমূহ প্ৰাচীন মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা বুলি দাবী কৰি দাখিল কৰা গোচৰসমূহত প্ৰভাৱ পেলাব পাৰে। এই গোচৰসমূহৰ ভিতৰত আছে ছম্ভলৰ শ্বাহী জামা মছজিদ, বাৰাণসীৰ জ্ঞানবাপী মছজিদ, মথুৰাৰ শ্বাহী ঈদগাহ মছজিদ, ৰাজস্থানৰ আজমেৰ দৰগাহক লৈ চলি থকা বিবাদ।