গণ প্ৰহাৰৰ বিৰুদ্ধে পিআইএলঃ শপতনামা দাখিল কৰিবলৈ ৫খন ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Story by  atv | Posted by  [email protected] • 14 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

দেশৰ বিভিন্ন প্ৰান্তত ‘Cow Vigilantes’ৰ দ্বাৰা গণপ্ৰহাৰ আৰু হিংসাৰ ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰি নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনে (NFIW) দাখিল কৰা এখন পিআইএলৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৫খন ৰাজ্য ক্ৰমে অসম, ছত্তীশগড়, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু বিহাৰক পৰৱৰ্তী তাৰিখৰ ভিতৰত কাউণ্টাৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
 
ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে নিৰ্দেশ দিয়ে যে পাল্টা শপতনামা (counter-affidavits) পাঁচখন ৰাজ্যৰ মুখ্য সচিবে দাখিল কৰিব, আৰু এই ক্ষেত্ৰত ৰাজ্যসমূহ ব্যৰ্থ হ’লে মুখ্য সচিবসকল নিজেই আদালতৰ সন্মুখত উপস্থিত থাকিব লাগিব আৰু তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা ল’ব নালাগে তাৰ কাৰণ দৰ্শন কৰিব লাগিব।
 
পঞ্জীয়ক (ন্যায়িক)ক এই নিৰ্দেশ সংশ্লিষ্ট মুখ্য সচিবসকলক জনোৱাৰ লগতে ৪ সপ্তাহৰ পিছত তালিকাভুক্ত বিষয়টো জনোৱাৰ নিৰ্দেশ দিয়া হৈছে।
 
নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনে শীৰ্ষ আদালতক আহ্বান জনাইছে যে ক্ৰমাৎ বৃদ্ধি পোৱা সমস্যাটোৰ সমাধানৰ বাবে তেহছিন পুনাৱাল্লাত পোৱা তথ্য আৰু নিৰ্দেশনাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্তৃপক্ষক মেণ্ডামছ জাৰি কৰক।
এই আৱেদনখনত বিহাৰৰ ছাৰণ আৰু মহাৰাষ্ট্ৰৰ নাছিকত গো-মাংস সৰবৰাহৰ সন্দেহত কেইজনমান মুছলমানক গণপ্ৰহাৰ কৰাৰ দুটা ঘটনাৰ কথা উল্লেখ কৰা হৈছে। দুটা গৰু কঢ়িয়াই নিয়াৰ বাবে বজৰং দলে এজন মুছলমান শ্ৰমিকক আক্ৰমণ, উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত ক্ষুব্ধ গোটৰ দ্বাৰা দুজন মুছলমান লোকক হিংসাত্মক আক্ৰমণ, অবৈধ আটক আৰু অপমান; আৰু ৰাজস্থানৰ কোটাত কেইবাজনো হজযাত্ৰী কঢ়িয়াই অনা বাছত হিংস্ৰ জনসাধাৰণৰ আক্ৰমণ আদি ঘটনাও আৱেদনত উল্লেখ কৰা হৈছে।
 
এনএফআইডব্লিউৱে আৰু অভিযোগ কৰে যে ৰাজ্যিক প্ৰশাসন যন্ত্ৰই গণপ্ৰহাৰ আৰু হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ পৰ্যাপ্ত প্ৰতিৰোধমূলক আৰু ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে। 
 
আবেদনকাৰীয়ে আৰু দাবী কৰিছে যে মব লিঞ্চিং আৰু গো সৰবৰাহক লৈ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগতে ছ’চিয়েল মিডিয়া চেনেল, নিউজ চেনেল, ছবি আদিৰ জৰিয়তে সংখ্যালঘুৰ বিৰুদ্ধে মিছা অপপ্ৰচাৰ বিয়পি পৰিছে, যাৰ ফলত মুছলমান লোকসকল সময়ে সময়ে গণপ্ৰহাৰ আৰু হিংসাৰ বলি হৈছে।