লুট কৰা, অবৈধ অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিয়কঃ মণিপুৰৰ ৰাজ্যপালৰ ৭ দিনৰ সময়সীমা

Story by  atv | Posted by   Imtiaz Ahmed • 1 d ago
মণিপুৰৰ ৰাজ্যপাল অজয় ​​ভল্লা
মণিপুৰৰ ৰাজ্যপাল অজয় ​​ভল্লা
ইম্ফল

মণিপুৰৰ ৰাজ্যপাল অজয় ​​ভল্লাই বৃহস্পতিবাৰে সকলো সম্প্ৰদায়ৰ লোকক ৭ দিনৰ ভিতৰত লুট কৰা আৰু অবৈধভাৱে ৰখা অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিবলৈ কয় আৰু আশ্বাস দিয়ে যে এই ব্যৱস্থা মানি চলাসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়।

ৰাজ্যপালগৰাকীয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বৃহত্তৰ স্বাৰ্থত, যাতে মানুহে নিজৰ স্বাভাৱিক দৈনন্দিন কাম-কাজলৈ ঘূৰি আহিব পাৰে, ৰাজ্যৰ সকলো সম্প্ৰদায়ে শত্ৰুতা বন্ধ হোৱা আৰু সমাজত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আগবাঢ়ি আহিব লাগিব।

ভল্লাই লগতে কয় যে ২০ মাহতকৈ অধিক সময় ধৰি মণিপুৰৰ জনসাধাৰণে — উপত্যকা আৰু পাহাৰ দুয়োটাতে — সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা ধাৰাবাহিক দুখজনক পৰিঘটনাৰ বাবে বহু কষ্টৰ সন্মুখীন হৈছে।

"এই সন্দৰ্ভতেই মই আন্তৰিকতাৰে সকলো সম্প্ৰদায়ৰ লোকক, বিশেষকৈ উপত্যকা আৰু পাহাৰৰ যুৱক-যুৱতীসকলক, অনুৰোধ কৰিছো যে স্বেচ্ছাই আগবাঢ়ি আহি লুট কৰা আৰু অবৈধভাৱে ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসমূহ আজিৰ পৰা কাৰ্যকৰী হুৱাকৈ আগন্তুক সাত দিনৰ ভিতৰত নিকটৱৰ্তী আৰক্ষী থানা, আউটপোষ্ট, নিৰাপত্তা বাহিনী শিবিৰত অৰ্পণ কৰক। আপোনাৰ এই অস্ত্ৰসমূহ ঘূৰাই দিয়াৰ কাৰ্য্যই শান্তি নিশ্চিত কৰাৰ দিশত এক শক্তিশালী ইংগিত হ'ব পাৰে। মই আপোনালোকক নিশ্চিত কৰিব বিচাৰো যে নিৰ্দিষ্ট সময়ৰ ভিতৰত এনে অস্ত্ৰ ঘূৰাই দিলে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়।" - বিবৃতিটোত কোৱা হৈছে।

যোৱা সপ্তাহত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন দিয়া হৈছিল আৰু মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদৰ পৰা পদত্যাগ কৰাৰ কিছুদিন পিছতে ৰাজ্য বিধানসভাক নিলম্বিত কৰি ৰখা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত জনগোষ্ঠীয় হিংসা আৰম্ভ হোৱাৰ প্ৰায় দুবছৰৰ পাছতেই বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।

২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত আৰম্ভ হোৱা এই হিংসাত্মক পৰিস্থিতিত ইম্ফল উপত্যকাৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায় আৰু ইয়াৰ আশে-পাশে পাহাৰত থকা কুকি-জো জনজাতীয় গোটৰ মাজত নৃশংস সংঘৰ্ষ হয়, যাৰ ফলত হাজাৰ হাজাৰ লোকক স্থানচ্যুত হুৱাৰ উপৰিও ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।