গুৱাহাটী অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা দিৱস উদযাপন

Story by  atv | Posted by  Munni Begum • 2 d ago
গুৱাহাটী অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত চাফাই অভিযানৰ এক দৃশ্য
গুৱাহাটী অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত চাফাই অভিযানৰ এক দৃশ্য
 
গুৱাহাটী
 
অসম উদ্যান শস্য সমিতিৰ উদ্যোগত যোৱা ২ অক্টোবৰত বশিষ্ঠৰ লতাকটাৰ গুৱাহাটী অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অসমৰ কৃষি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন ছাত্ৰ সন্থা আৰু কৃষি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সহযোগত এক চৌহদ চাফাই কাৰ্যসূচী অনুষ্ঠিত হয়।
 
অনুষ্ঠানৰ উদ্বোধনী ভাষণত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী নিৰুপমা ভট্টাচাৰ্জীয়ে অংশগ্ৰহণকাৰী সংগঠনসমূহৰ সদস্যসকলক আদৰণি জনোৱাৰ লগতে কাৰ্যসূচীৰ বাবে নিজৰ বিদ্যালয়খন বাছনি কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। 
 
অসমৰ কৃষি মহাবিদ্যালয়ৰ সভাপতি ড০ এম এম কলিতা, আৰ এ চি এৰ সভাপতি ড০ এইচ জে বৰুৱা আৰু আই এ এমৰ সভাপতি ড০ পি কলিতাই সদস্যসকলৰ উষ্ম সামূহিক সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰি কাৰ্যসূচীটো সফল কৰাৰ বাবে তেওঁলোকক আহ্বান জনায়।