গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অধিক দৰত বিক্ৰী চাহ

Story by  atv | Posted by  Munni Begum • 4 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ৰাজ্যখনত চাহ উদ্যোগৰ গভীৰ সংকট চলি থকাৰ লগতে চাহ শ্রমিকৰ অনাদায় বকেয়া পৰিশোধ কৰিব নোৱৰাৰ বাবে অসম চাহ নিগমৰ সম্পত্তি বিক্ৰী কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিবলগীয়া হোৱাৰ সময়ত আশাৰ বাতৰি এয়াই যে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ অধীনত চাহ ব্যবসায়ীসকলে পূৰ্বতকৈ অধিক দৰত চাহ বিক্ৰী কৰাৰ সুবিধা পাইছে। এই কথা সদৰী কৰিছে নিগমৰ ক্রেতা সংস্থাৰ সম্পাদক দীনেশ বিভানীয়ে।
 
নিগমৰ তথ্য দাঙি ধৰি তেওঁ কয় যে, যোৱা বছৰটোত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে ১০২.৯২ নিযুত কিলোগ্রাম চাহ ২,০৫৯ কোটি টকাত বিক্রী হোৱাৰ বিপৰীতে এই বছৰ এতিয়ালৈকে ১১১.০৩ নিযুত কিলোগ্রাম চাহপাত ২,৮০০ কোটি টকাত বিক্রী হৈছে। উল্লেখ্য যে, জলবায়ু পৰিবৰ্তনৰ বাবে চলিত বৰ্ষত চাহৰ উৎপাদন পূৰ্বৰ তুলনাত হ্রাস পালেও চাহ নিলাম কেন্দ্রযোগে চাহ বিক্রীত অধিক দাম লাভ কৰাক লৈ চাহ ব্যৱসায়ীসকলৰ মাজলৈ উৎসাহ কঢ়িয়াই আনিছে। 
 
তেওঁৰ মতে, যোৱা বছৰ গড় হিচাপত প্রতি কিলোগ্রাম চাহৰ মূল্য ২০০.০৮ টকা লাভ কৰাৰ বিপৰীতে চলিত বর্ষত প্রতি কিলোগ্রাম চাহৰ মূল্য হিচাপে লাভ কৰিছে ২৫২.৮৩ টকা। সেই হিচাপে এইবাৰ চাহ ব্যৱসায়ীসকলে গড় হিচাপত প্রতি কিলোগ্রাম চাহৰ বিপৰীতে পূৰ্বতকৈ ৫২ টকা ৭৫ পইচা বেছিকৈ লাভ কৰিছে। এই দৰ বৃদ্ধিয়ে ৰাজ্যৰ চাহ ব্যৱসায়ীসকলৰ মনত আশাৰ সঞ্চাৰ কৰা বুলি দাবী কৰিছে নিগমৰ ক্রেতা সংস্থাই। 
 
তেওঁৰ মতে, এইবাৰ উত্তৰ-পূব ভাৰতৰ পৰা চাহৰ ৰপ্তানিও আগৰ তুলনাত বৃদ্ধি পাইছে। সংস্থাৰ নেতৃত্বই দাখিল কৰা তথ্যানুসৰি জলবায়ু পৰিবৰ্তনৰ বাবেই যোৱা বৰ্ষৰ তুলনাত এইবাৰ ৰাজ্যত চাহৰ উৎপাদন হ্রাস পাইছে। যোৱা বছৰ ডিচেম্বৰ মাহত ৯০.২০ নিযুত কিলোগ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে এই বছৰ ছেপ্টেম্বৰ মাহত উৎপাদনৰ পৰিমাণ আছিল ৮৯.৯৮ নিযুত কিলোগ্রাম।