আৱাজ দ্য ভইচ অসম ব্যুৰ'
পাকিস্তানৰ দক্ষিণ-পশ্চিম প্ৰদেশ বেলুচিস্তানে বহু বছৰ ধৰি এক বৃহৎ নিৰাপত্তাজনিত সংকটৰ সন্মুখীন হৈ আহিছে। খনিজ পদাৰ্থৰে সমৃদ্ধ এই অঞ্চলটোৰ সশস্ত্ৰ গোটসমূহে দশক দশক ধৰি বেলুচিস্তানৰ স্বাধীনতাৰ বাবে যুঁজ দি আছে। শেহতীয়াকৈ অঞ্চলটোৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে (বিএলএ) এখন ৰে’ল অপহৰণ কৰি ইয়াৰ যাত্ৰীসকলক পণবন্দী কৰি ৰাখে। এই গোটটো ইৰাণ আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চল বেলুচিস্তানত সক্ৰিয় হৈ আছে।
১১ মাৰ্চৰ বিয়লি সশস্ত্ৰ আক্ৰমণকাৰীয়ে ৰে’লপথ বিস্ফোৰণ কৰি কুৱেটাৰ পৰা পেছাৱাৰলৈ ৪০০ৰো অধিক যাত্ৰীক কঢ়িয়াই নিয়া ৰে’লগাড়ী জাফ্ফৰ এক্সপ্ৰেছ (Jaffar Express)ক ৰখাই দিয়ে। ৰমজান মাহৰ বাবে বহু সাধাৰণ নাগৰিক আৰু বিষয়াই ৰেলগাড়ীখনেৰে ঈদ উদযাপন কৰিবলৈ ঘৰলৈ গৈ আছিল। দুৰ্গম অঞ্চলৰ এটা সুৰংগৰ ভিতৰত ৰে’লখন ৰৈ যোৱাৰ ফলত আক্ৰমণকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়। আত্মঘাতী বোমাৰুৱে পণবন্দীসকলক পহৰা দি থকাত পৰিস্থিতি আৰু অধিক বিপদজনক হৈ পৰিছিল।
ৰাজ্যিক বাহিনীয়ে অপহৰণ কৰা বুলি দাবী কৰা বেলুচ ৰাজনৈতিক বন্দী আৰু সাধাৰণ নাগৰিকক বিদ্ৰোহীসকলে মুক্তিৰ দাবী জনায়। ৪৮ ঘণ্টাৰ ভিতৰত দাবী পূৰণ নহ’লে সমগ্ৰ ৰে’লখন তেওঁলোকে উৰুৱাই দিয়াৰ হুংকাৰ দিয়ে। কিন্তু ৩০ ঘণ্টাৰ ভিতৰতে পাকিস্তানী বাহিনীয়ে অভিযান আৰম্ভ কৰাত পণবন্দী কাণ্ডৰ অন্ত পৰে। গুলীয়াগুলীত ৩৩ জন বিদ্ৰোহী নিহত হয় আৰু পণবন্দীসকলক উদ্ধাৰ কৰা হয়। দুৰ্ভাগ্যজনকভাৱে এই আক্ৰমণৰ সময়ত ২১জন যাত্ৰী আৰু চাৰিজন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱায়।
ভাৰতৰ পৰা পৃথক হৈ পাকিস্তান স্বাধীন হোৱাৰ পিছৰে পৰা চলি থকা দীৰ্ঘদিনীয়া বেলুচ বিদ্ৰোহৰ আন এক অধ্যায় হিচাপে পৰিগণিত হৈছে এই ৰে’ল অপহৰণ কাণ্ড। এই সংঘাতৰ মূলতে আছে পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ প্ৰতাৰণা। তেওঁ প্ৰথমে পাকিস্তানত যোগদান কৰিব নোখোজা এখন ৰাজকীয় ৰাষ্ট্ৰৰ স্বায়ত্তশাসন গ্ৰহণ কৰিছিল আৰু পিছলৈ ইয়াক পাকিস্তানৰ সৈতে একত্ৰিত কৰে। যাৰ ফলত বেলুচসকলৰ মাজত স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল।
বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰাৰ মুহূৰ্ত
পাকিস্তানৰ সৰ্ববৃহৎ আৰু কম জনবসতিপূৰ্ণ প্ৰদেশ বেলুচিস্তানে সদায় স্বাধীন হোৱাৰ সপোন দেখি আহিছে। ব্ৰিটিছ শাসনৰ সময়ত এই অঞ্চলটোক ৰাছিয়াৰ দৰে সম্প্ৰসাৰণবাদী শক্তিৰ পৰা ঔপনিৱেশিক স্বাৰ্থ ৰক্ষাৰ বাবে কৌশলগত ভিত্তি হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু বেলুচ জনগোষ্ঠীৰ প্ৰবল প্ৰতিৰোধৰ বাবে ১৯ শতিকাত ব্ৰিটিছে হস্তক্ষেপহীন নীতি গ্ৰহণ কৰিছিল বুলি বেলুচিস্তান বিশ্ববিদ্যালয়ৰ গৱেষণা আলোচনীত উল্লেখ কৰা হৈছে।
১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত পৰিস্থিতি সলনি হয় যেতিয়া পাকিস্তানে বেলুচ নেতাসকলক তেওঁলোকৰ সৈতে একত্ৰিত হ’বলৈ হেঁচা প্ৰয়োগ কৰে। এই বলপূৰ্বক একত্ৰীকৰণে স্থানীয় জনসাধাৰণক ক্ষুব্ধ কৰি তুলিছিল আৰু স্বাধীন বেলুচিস্তানৰ বাবে আৰু অধিক শক্তিশালী আন্দোলন আৰম্ভ হৈছিল।
বেলুচ জনসাধাৰণে পাকিস্তান চৰকাৰে তেওঁলোকৰ সম্পদ শোষণ কৰাৰ লগতে তেওঁলোকৰ সম্প্ৰদায়টোক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ ফলত প্ৰদেশখনত গভীৰ ক্ষোভ আৰু গোষ্ঠীগত অসন্তুষ্টিৰ সৃষ্টি হৈছে, যিয়ে তেওঁলোকৰ স্বাধীনতাৰ যুঁজত ইন্ধন যোগাইছে। যদিও বেলুচিস্তানৰ অধিকাংশ অঞ্চল শুকান, তথাপিও ই খনিজ সম্পদেৰে সমৃদ্ধ। চাঘি জিলাত ৰেকো ডিক আৰু ছাইণ্ডকত সোণ আৰু তামৰ ডাঙৰ খনি আছে। এই প্ৰদেশখনত লোহাৰ অক্সাইড, সীহ, জিংক, কয়লা আদিও আছে। বেলুচসকলে এই প্ৰাকৃতিক সম্পদসমূহ তেওঁলোকৰ বুলি দাবী কৰে যদিও পাকিস্তান চৰকাৰে এইবোৰ নিজৰ স্বাৰ্থৰ বাবে গ্ৰহণ কৰিছে।
বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ) আৰু বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট (বিএলএফ)কে ধৰি কেইবাটাও সশস্ত্ৰ সংগঠনে প্ৰতিৰোধৰ নেতৃত্ব দিছে। এই সংগ্ৰামৰ অংশ হিচাপে তেওঁলোকে পাকিস্তানৰ নিৰাপত্তা বাহিনী, চৰকাৰী ভৱন, আন্তঃগাঁথনি প্ৰকল্প আদিৰ ওপৰত আক্ৰমণ চলাইছে। তেওঁলোকৰ আক্ৰমণৰ এটা ডাঙৰ লক্ষ্য হৈছে চীনৰ পুঁজিৰে চলি থকা প্ৰকল্পসমূহ, বিশেষকৈ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC)।
বেলুচ য়াকজেহতি সমিতিৰ সদস্যসকলে বেলুচৰ জনসাধাৰণৰ অপহৰণ আৰু নিৰুদ্দেশৰ প্ৰতিবাদ সাব্যস্ত কৰিছ
চীনে পৰিচালনা কৰা ডীপ ৱাটাৰ প'ৰ্ট Gwadar বেলুচ বিদ্ৰোহীসকলৰ প্ৰতিৰোধৰ মূল কেন্দ্ৰবিন্দু। তেওঁলোকৰ মতে অস্থিৰতা সৃষ্টি কৰি তেওঁলোকে চীন আৰু পাকিস্তানক নিজৰ স্বাধীনতাৰ দাবীক স্বীকৃতি দিবলৈ হেঁচা দিব বিচাৰে।
স্থানীয় প্ৰতিনিধিত্বৰ অভাৱ আৰু অব্যাহত থকা শোষণে বেলুচৰ ক্ষোভ আৰু অধিক বৃদ্ধি কৰিছে। শেহতীয়া বছৰবোৰত মানৱ অধিকাৰৰ গুৰুতৰ উলংঘাৰ বাবে সংঘাত অধিক ভয়াৱহ হৈ পৰিছে। বেলুচ ৰাইজে দাবী কৰে যে তেওঁলোকৰ আন্দোলন দমন কৰাৰ চেষ্টাত শতাধিক কৰ্মী আৰু সাধাৰণ নাগৰিকক পাকিস্তানৰ ৰাজ্যিক বাহিনীয়ে বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰিছে।
ভাৰত আৰু পাকিস্তানৰ সমান্তৰালকৈ বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল। এই অঞ্চলত চাৰিখন পূৰ্বৰ ৰাজকীয় ৰাজ্য আছে - খাৰাণ, মাকাৰান, লাছ বেলা, আৰু কালাট। বিভাজনৰ পূৰ্বে ৰাজকীয় ৰাষ্ট্ৰসমূহক তিনিটা পছন্দ দিয়া হৈছিল-ভাৰত বা পাকিস্তানৰ যিকোনো এখন দেশৰ সৈতে একত্ৰিত হওক বা স্বাধীন হৈ থাকক। তেতিয়া খৰাণ, মাকাৰান, লাছ বেলাৰ শাসকসকলে পাকিস্তানত যোগদান কৰাৰ সিদ্ধান্ত লয় যদিও কালাটৰ খান মিৰ আহমেদ য়াৰ খানে স্বাধীন হৈ থাকিব বিচাৰে।
ইতিহাসবিদ দুষ্কা এইচ ছায়িদৰ মতে কালাটৰ গুৰুত্ব কাশ্মীৰ বা হায়দৰাবাদৰ দৰে নাছিল। সেয়ে, ভাৰত আৰু পাকিস্তানে বিভাজনৰ সময়ত এই ক্ষেত্ৰখনৰ ওপৰত বিশেষ গুৰুত্ব নিদিলে। প্ৰথম অৱস্থাত পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাইও কালাটৰ স্বাধীনতা মানি লৈছিল। কালাটৰ খানে জিন্নাক বিশ্বাস কৰিছিল, তেওঁ বিশ্বাস কৰিছিল যে জিন্নাই কালাটৰ স্বাধীনতা ৰক্ষা কৰিব পৰা প্ৰকৃত বন্ধু।
১৯৪৭ চনৰ ১৫ আগষ্টত কালাটে স্বাধীনতা ঘোষণা কৰে যদিও ব্ৰিটিছে আশংকা কৰিছিল যে কালাটক স্বাধীন হৈ থাকিবলৈ দিয়াটো অত্যন্ত বিপদজনক হ’ব, কিয়নো ই সম্প্ৰসাৰণবাদী শক্তিৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ বাবেই ইংৰাজে পাকিস্তানক হেঁচা প্ৰয়োগ কৰি কালাটৰ দখল ল’বলৈ ধৰে। এই সময়তে মহম্মদ আলী জিন্নাই নিজৰ স্থিতি সলনি কৰিছিল।
১৯৪৭ চনৰ অক্টোবৰ মাহত তেওঁ কালাটৰ খানক পাকিস্তানৰ লগত শীঘ্ৰে একত্ৰিত হ’বলৈ পৰামৰ্শ দিছিল যদিও খানে অস্বীকাৰ কৰিছিল। বুৰঞ্জীবিদ তাজ মহম্মদ ব্ৰেচিগে তেওঁৰ গ্ৰন্থ বালুচ নেচনেলিজম: ইটছ অৰিজিন এণ্ড ডেভেলপমেণ্ট আপ টু ১৯৮০ (Baloch Nationalism: Its Origin and Development up to 1980)ত লিখিছেঃ "তেতিয়াৰ পৰাই পাকিস্তানী কৰ্তৃপক্ষই খানক পাকিস্তানত যোগদান কৰিবলৈ বাধ্য কৰাই নহয়, ৰাষ্ট্ৰখন বলপূৰ্বক একত্ৰীকৰণৰ বাবে জোৰ-জবৰদস্তি পদ্ধতি ব্যৱহাৰ কৰিবলৈও সাজু হৈছিল।"
১৯৪৮ চনৰ ১৮ মাৰ্চত মহম্মদ আলী জিন্নাই খৰাণ, মাকাৰান আৰু লাছ বেলাক পাকিস্তানৰ সৈতে একত্ৰিত কৰাৰ কথা ঘোষণা কৰে। এই পদক্ষেপে কালাট (Kalat)ক চৌদিশৰ পৰা ঘেৰি ধৰিছিল আৰু ইয়াৰ ভূখণ্ড মূল আকাৰৰ আধালৈকে হ্ৰাস হৈছিল। ইয়াৰ পিছত কালাটৰ খানে ভাৰতৰ সৈতে একত্ৰিত হ'ব বিচৰা বুলি ভুৱা খবৰ বিয়পি পৰাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। ইয়াৰ ফলত পাকিস্তান ক্ষুব্ধ হৈ পৰে আৰু কালাটৰ ওপৰত আত্মসমৰ্পণৰ হেঁচা বাঢ়ি গ’ল। আন্তঃৰাষ্ট্ৰীয় সমূদায়ৰ কোনো সমৰ্থন নোহোৱাত বেলুচ নেতাগৰাকীয়ে পাকিস্তানৰ সৈতে একত্ৰিত হ’বলৈ সন্মতি দিয়াৰ বাহিৰে আন উপায় নাছিল।
চীন-পাকিস্তান ইক'নমিক ক'ৰিডৰৰ এক দৃশ্য
১৯৫৪ চনত পাকিস্তানে নিজৰ প্ৰদেশসমূহ পুনৰ সংগঠিত কৰাৰ বাবে এক ইউনিট প্লেন প্ৰৱৰ্তন কৰাৰ পিছত দ্বিতীয় বেলুচ বিদ্ৰোহ আৰম্ভ হয়। ১৯৫৫ চনত পশ্চিম পাকিস্তানৰ লগত বেলুচিস্তান ষ্টেটছ ইউনিয়ন একত্ৰিত হোৱাৰ ফলত বেলুচ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয়। ইতিহাসবিদ তাজ মহম্মদ ব্ৰেচিগে কয় যে এই পদক্ষেপে বেলুচিস্তানত অৱহেলা আৰু বঞ্চনাৰ অনুভূতি গভীৰ কৰি তুলিছিল।
১৯৫৮ চনত কালাটৰ খান নবাব নৌৰজ খানে স্বাধীনতা ঘোষণা কৰে। কিন্তু ১৯৫৯ চনত তেওঁক ছলনা কৰি আত্মসমৰ্পণ কৰোৱা হয়। মিৰ আহমদ ইয়াৰ খান বালুচে তেওঁৰ "ইনছাইড বেলুচিস্তান" নামৰ গ্ৰন্থখনত ইয়াৰ পিছত কি হ’ল সেই বিষয়ে এইদৰে বৰ্ণনা কৰিছে: "মই নিজকে সেনাবাহিনীৰ ওচৰত সমৰ্পণ কৰিলোঁ, ইয়াৰ পিছত মোক কালাটৰ ৰাজপথেৰে পেৰেড কৰি অনা হয়। সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত মোৰ কেইবাজনো সতীৰ্থ মাটিত মৃত অৱস্থাত পৰি থকা মই প্ৰত্যক্ষ কৰিছিলো... মই যন্ত্ৰণাত চকু মুদিছিলো আৰু লাহোৰৰ কাৰাগাৰত নিজকে বিচাৰি পোৱালৈকে তাত কি হৈছিল সেই বিষয়ে একো গম পোৱা নাছিলো।"
ইফালে, জেনেৰেল শ্বেৰফ নামেৰেও পৰিচিত শ্বেৰ মহম্মদ বিজৰানী মাৰীৰ নেতৃত্বত ১৯৬৩ চনত তৃতীয় বিদ্ৰোহ আৰম্ভ হয়। তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে দাবী কৰিছিল যে-বেলুচিস্তানৰ পৰা পাকিস্তানী সৈন্য প্ৰত্যাহাৰ কৰক, এক ইউনিট পৰিকল্পনা (One-Unit Plan) বিলুপ্ত কৰক আৰু বেলুচিস্তানক পৃথক প্ৰদেশ হিচাপে পুনৰুদ্ধাৰ কৰক। ১৯৬৯ চনত ফিল্ড মাৰ্শ্বাল আয়ুব খানৰ ঠাইত জেনেৰেল ইহায়া খানক পাকিস্তানৰ নেতা হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁ বেলুচৰ সৈতে যুদ্ধবিৰতিত স্বাক্ষৰ কৰে। তেতিয়া এই বিদ্ৰোহৰ অন্ত পৰে।
এবছৰৰ পাছত ১৯৭০ চনত পাকিস্তানে অৱশেষত One-Unit Plan বিলুপ্ত কৰে আৰু পঞ্জাব, সিন্ধ আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ (বৰ্তমান খাইবাৰ পখতুনখোৱা)ৰ সমান্তৰালভাৱে বেলুচিস্তানক আনুষ্ঠানিকভাৱে পৃথক প্ৰদেশ হিচাপে ঘোষণা কৰা হয়। ১৯৭০ চনত পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতাৰ পৰা অনুপ্ৰাণিত হৈ বেলুচ জনসাধাৰণে অধিক স্বায়ত্তশাসনৰ দাবী কৰিবলৈ আৰম্ভ কৰে। কিন্তু প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোৱে নাকচ কৰাত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।
১৯৭৩ চনত ভুট্টোৱে বেলুচিস্তানৰ আকবৰ খান বুগটিৰ প্ৰাদেশিক চৰকাৰখন অপসাৰণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে এই প্ৰতিবাদক মষিমূৰ কৰিবলৈ সামৰিক অভিযান আৰম্ভ কৰে। ইয়াৰ ফলত সশস্ত্ৰ বিদ্ৰোহৰ সৃষ্টি হয়, য’ত হাজাৰ হাজাৰ বেলুচ জনগোষ্ঠীৰ লোকে পাকিস্তানী বাহিনীৰ বিৰুদ্ধে যুঁজত নামে।
১৯৭৭ চনত জেনেৰেল জিয়া-উল-হাকে ভুট্টোক উৎখাত নকৰালৈকে এই সংঘাত চাৰি বছৰ ধৰি চলিছিল। ইয়াৰ পিছত বেলুচ বিদ্ৰোহীসকলক ক্ষমাদান কৰা হয়, আৰু বেলুচিস্তানৰ পৰা পাকিস্তানী সৈন্য প্ৰত্যাহাৰ কৰা হয়।
২০০০ চনৰ মাজভাগত বেলুচ চহৰত এগৰাকী মহিলা চিকিৎসকক পাকিস্তানী সামৰিক বাহিনীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাই বেলুচ জনসাধাৰণক ক্ষুব্ধ কৰি তুলিছিল আৰু এই ঘটনাই আন এক হিংসাত্মক জোৱাৰৰ সূচনা কৰিছিল। তাৰ পিছৰে পৰা সংঘাত আৰু অধিক ভয়াৱহ হৈ পৰে আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনী আৰু আন্তঃগাঁথনি প্ৰকল্পৰ ওপৰত হিংসাত্মক আক্ৰমণ আৰম্ভ হয়। এই আক্ৰমণৰ প্ৰধান লক্ষ্য হৈ পৰিছে চীন-পাকিস্তান ইকনমিক কৰিডৰ (CPEC)ৰ দৰে চীনৰ পুঁজিৰে চলি থকা প্ৰকল্প।
দশক দশক ধৰি প্ৰতিৰোধ আৰু ৰক্তপাতৰ মাজতো পাকিস্তান চৰকাৰে বেলুচৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছে আৰু বেলুচিস্তানত স্বায়ত্তশাসন আৰু ন্যায়ৰ সংগ্ৰাম এতিয়াও চলি আছে।