৩৭০নং অনুচ্ছেদ বাতিলে কি দিলে জম্মু-কাশ্মীৰবাসীক

Story by  atv | Posted by  [email protected] • 2 d ago
জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে শাৰী পাতিছে স্থানীয় জনসাধাৰণে
জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে শাৰী পাতিছে স্থানীয় জনসাধাৰণে
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

জম্মু-কাশ্মীৰৰ নিৰ্বাচনত এজন ভোটাৰে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল-‘এটা পিঞ্জৰাবদ্ধ চৰাইক মুক্ত কৰা হৈছে।' তেওঁৰ এই আৱেগভৰা কথাশাৰীয়ে আন বহুতৰ মনৰ কথা কৈ গৈছিল। ইয়াৰ উপৰিও ই আছিল এই প্ৰশ্নৰো উত্তৰ যে ৩৭০ অনুচ্ছেদ বাতিলে জম্মু-কাশ্মীৰত কি পৰিৱৰ্তন সাধন কৰিলে। প্ৰথমবাৰৰ বাবে মঙলবাৰে জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচনত পশ্চিম পাকিস্তান শৰণাৰ্থী (WPR), বাল্মিকী আৰু গোৰ্খাকে ধৰি পাকিস্তানৰ পৰা অহা হিন্দু শৰণাৰ্থীয়ে ভোটদান কৰে।

জম্মু-কাশ্মীৰত এই সম্প্ৰদায়সমূহৰ প্ৰায় ১.৫ লাখ লোক আছে, আৰু তেওঁলোকৰ বাবে মঙলবাৰৰ দিনটো আছিল আৱেগেৰে ভৰা এটা দিন। "যোৱা ৭০ বছৰে আমাৰ সম্প্ৰদায়ৰ কোনো ভোটাধিকাৰ নাছিল। বাল্মিকী সম্প্ৰদায়ক ভোটদান প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হৈছিল।"-জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে ভোটদান কৰা পাকিস্তানৰ পৰা অহা হিন্দু শৰণাৰ্থী এগৰাকীয়ে উপত্যকাটোৰ কাকত ডেইলী এক্সেলচিয়াৰ (Daily Excelsior)ক এইদৰে কয়।

শৰণাৰ্থী নেতা লভ ৰাম গান্ধীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ বাবে তেওঁলোকে জম্মু-কাশ্মীৰৰ নাগৰিক আৰু ভোটাৰ হিচাপে স্বীকৃতি পাইছে। ইয়াৰ বাবে তেওঁলোকৰ সম্প্ৰদায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

আনকি মঙলবাৰে চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত এগৰাকী ৫০ বছৰ বয়সীয়া লোকে জীৱনত প্ৰথমবাৰৰ বাবে ভোটদানৰ সুযোগ লাভ কৰিছে। ৩৭০নং অনুচ্ছেদ বাতিলৰ ফলত প্ৰদান কৰা অধিকাৰৰ তালিকাৰ ভিতৰত ভোটদানৰ যোগ্যতা অন্যতম আছিল। আন আন অধিকাৰৰ ভিতৰত মাটিৰ মালিকীস্বত্বৰ অধিকাৰো আছে।
 

ভোটাধিকাৰ সাব্যস্ত কৰি দুগৰাকী কাশ্মীৰী যুৱতী
 
ভোটদান দিৱসৰ পূৰ্বে পশ্চিম পাকিস্তানৰ শৰণাৰ্থীসকলে চাম্বা আৰু জম্মু জিলাৰ চক্ৰ আৰু চাবায় চকত মিঠাই বিতৰণ কৰি গণতন্ত্ৰৰ উত্‍সৱ উদযাপন কৰে। ডেইলী এক্সেলচিয়াৰক এজন ভোটাৰে কয় যে, "মই অতি সুখী। মোৰ বয়স ৫০ বছৰ কিন্তু মই প্ৰথমবাৰৰ বাবে ভোটদান কৰিব পাৰিছো। ইমান বছৰে মই ভোটদানৰ অভিজ্ঞতা লাভ কৰা নাছিলো। এতিয়া কথাবোৰ সলনি হৈছে।"

সাত দশকৰো অধিক সময় ধৰি "অবাঞ্চিত নাগৰিক" হিচাপে জীয়াই থকা পশ্চিম পাকিস্তানৰ শৰণাৰ্থী, বাল্মিকী আৰু গোৰ্খা সম্প্ৰদায়ে এতিয়া ভোটদান কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ সদায় অভাৱ দেখা যায়। ১.৫ লাখ লোকৰে গঠিত এইসকল জম্মু, চাম্বা আৰু কাঠুৱা জিলাৰ বিশেষকৈ সীমান্তৰ আশে-পাশে থকা অঞ্চলত বাস কৰে।
ডব্লিউ পি আৰ, বাল্মিকী আৰু গোৰ্খা এই তিনিটা সম্প্ৰদায়ৰ সদস্যই এতিয়া বিধায়ক নিৰ্বাচন কৰিব। ই এক নতুন যুগৰ আৰম্ভণি বুলি ক'ব পাৰি। "বিগত ৭৫ বছৰ ধৰি জম্মু-কাশ্মীৰত অবাঞ্চিত নাগৰিক হিচাপে বাস কৰাৰ পিছত অৱশেষত আমি ইতিহাসত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অংশ লৈছো। আমাৰ এক দীঘলীয়া সপোন বাস্তৱায়িত হৈছে।’-পশ্চিম পাকিস্তান শৰণাৰ্থী একচন কমিটীৰ সভাপতি লাভা ৰাম গান্ধীয়ে পিটিআইক এইদৰে কয়।

"আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে আমি এতিয়া জম্মু-কাশ্মীৰৰ নাগৰিক আৰু ইয়াৰ ভোটাৰ। আজিৰ দিনটো আমাৰ বাবে সোণালী আখৰেৰে লিখা থাকিব।"-ছাম্বাৰ নুন্দপুৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা ৬৩ বছৰীয়া শৰণাৰ্থী নেতাগৰাকীয়ে কয়। তেওঁ লগতে কয় যে, "৩৭০ অনুচ্ছেদ বাতিল কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক কৃতিত্ব দিবই লাগিব। ইয়াৰ ফলত আমি জম্মু-কাশ্মীৰৰ নাগৰিক আৰু ভোটাৰ হ'বলৈ সক্ষম হৈছো। আমি তেওঁলোকৰ প্ৰতি চিৰকৃতজ্ঞ।"
 

তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইভিএম সাজু কৰিছে চৰকাৰী কৰ্মচাৰীয়ে
 
১৯৪৭ চনত ডব্লিউ পি আৰ নামৰ পশ্চিম পাকিস্তানৰ শৰণাৰ্থীৰ প্ৰায় ৫,৭৬৪টা পৰিয়ালে জম্মুৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰে। এতিয়া পশ্চিম পাকিস্তানৰ শৰণাৰ্থীৰ সংখ্যা ২২ হাজাৰৰো অধিক পৰিয়াল আৰু দুই লাখ লোকলৈ বৃদ্ধি পাইছে। ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিলৰ পিছত হিন্দু শৰণাৰ্থীসকলে জম্মু-কাশ্মীৰত নাগৰিকত্ব লাভ কৰিছে। লগতে এতিয়া তেওঁলোকে ভোট দিব পাৰে, ইয়াত কাম কৰিব পাৰে, শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু মাটিও ক্ৰয় কৰিব পাৰে। 

২০২৪ চনৰ জুলাই মাহত জম্মু-কাশ্মীৰ প্ৰশাসনে ১৯৪৭ চনৰ পিছত ডব্লিউ পি আৰক আবণ্টিত ৰাজ্যিক ভূমিক মালিকানাধীন অধিকাৰ দিয়াৰ সিদ্ধান্ত লয়। 

১৯৫৭ চনত ৰাজ্য চৰকাৰে অনাময় কামৰ বাবে পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ পৰা বাল্মিকী (দলিত) সম্প্ৰদায়ৰ লোকসকলক জম্মু-কাশ্মীৰলৈ আনিছিল। তেওঁলোকেও সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে। গান্ধী নগৰ আৰু ডোগ্ৰা হল অঞ্চলত বসবাস কৰা প্ৰায় ১২ হাজাৰ সদস্যই ৰাজ্যিক বিষয়ৰ প্ৰমাণ পত্ৰ নথকাৰ বাবে ভোটাধিকাৰ, শিক্ষাৰ সুযোগ, চাকৰিৰ সুযোগ আৰু মাটিৰ মালিকীস্বত্বৰ পৰা বঞ্চিত হৈছিল। এতিয়া তেওঁলোকে গৃহ নিৰ্মাণ, শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগৰ দৰে উন্নত সুবিধা বিচাৰিব পাৰিছে।

বাল্মিকী সমাজৰ সভাপতি গৌৰৱ ভাটীয়ে কয়, "এতিয়া আমি জম্মু-কাশ্মীৰৰ নাগৰিক হোৱাৰ বাবে ভোটাধিকাৰ আৰু আন নাগৰিকে ভোগ কৰা আন সকলো বিশেষাধিকাৰ লাভ কৰিছো। মঙলবাৰৰ বিধানসভা নিৰ্বাচন আমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। এই উপলক্ষে আমি আনন্দিত হৈছো।’ 
"আমাৰ সম্প্ৰদায়ৰ লোকসকলে এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈও আৰম্ভ কৰিব। আমি এতিয়া নতুন চাকৰিৰ সুযোগ বিচাৰি উলিয়াব পাৰিম। এইবোৰ আমি বহুদিনৰ পৰাই আশা কৰি আছিলো।"-গৌৰৱ ভাটীয়ে পুনৰ কয়। 

গোৰ্খা জনগোষ্ঠীৰ বাবেও এয়া এক সমানেই ৰোমাঞ্চকৰ সুযোগ। তেওঁলোকৰ পূৰ্বপুৰুষসকলে দশক দশক পূৰ্বে নেপালৰ পৰা জম্মু-কাশ্মীৰলৈ আহি ডোগ্ৰা সেনাবাহিনীত সেৱা আগবঢ়াইছিল। বেছিভাগ পৰিয়ালতে আজি অন্ততঃ এজন যুদ্ধৰ প্ৰবীণ সৈনিক আছে। 

"জম্মু-কাশ্মীৰত আমাৰ ভাগ্য সলনি কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ জীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো। ৩৭০ অনুচ্ছেদ বাতিলৰ সাহসী সিদ্ধান্তৰ বাবেই আমি এতিয়া জম্মু-কাশ্মীৰৰ নাগৰিক হৈছো আৰু সকলো অধিকাৰ লাভ কৰিছো।’-অল জম্মু-কাশ্মীৰ গোৰ্খা সভাৰ সভাপতি কৰুণা ছেত্ৰীয়ে পিটিআইক এইদৰে কয়।