কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? ৫ শক্তিশালী দাবীদাৰক কেন্দ্ৰ কৰি জল্পনা-কল্পনা

Story by  atv | Posted by  [email protected] • 2 d ago
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ প্ৰভেশ ভাৰ্মা
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ প্ৰভেশ ভাৰ্মা
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

দিল্লী বিধানসভা নিৰ্বাচন ২০২৫ৰ ফলাফল ভাৰতীয় জনতা পাৰ্টিৰ বাবে ঐতিহাসিক বুলি প্ৰমাণিত হৈছে। ২৭ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত দিল্লীত পুনৰ ক্ষমতালৈ আহিছে বিজেপি। দলটোৱে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে আম আদমী পাৰ্টিয়ে মাত্ৰ ২২খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। একে সময়তে একেৰাহে তৃতীয়বাৰৰ বাবে কংগ্ৰেছে এখনো আসন লাভ কৰিব নোৱাৰিলে।
 
এতিয়া প্ৰশ্ন উত্থাপন হৈছে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব? বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা নাই যদিও দলটোৰ বহু জ্যেষ্ঠ নেতা এই পদৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে। সেই সম্ভাৱ্য নামবোৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰো আঁহক।
 
প্ৰভেশ বাৰ্মাঃ ‘জায়েন্ট-কিলাৰ’ উপাধি অৰ্জন কৰা নেতা
 
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ প্ৰভেশ ভাৰ্মাই এই নিৰ্বাচনত বিজেপিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ জয় সাব্যস্ত কৰে। নতুন দিল্লীৰ আসনৰ পৰা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি তেওঁ সকলোকে চমকিত কৰিবলৈ সক্ষম হৈছে। ২০১৩ চনত তেওঁ প্ৰথমবাৰৰ বাবে মেহৰৌলী বিধানসভাৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ২০১৪ আৰু ২০১৯ চনত তেওঁ পশ্চিম দিল্লী লোকসভাৰ আসনৰ পৰা সাংসদ আছিল।
 
অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰভেশ বাৰ্মা
 
২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল যদিও এতিয়া তেওঁ বিধানসভা নিৰ্বাচনত জয়ী হৈ এজন শক্তিশালী নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ পৰা অহা প্ৰভেশ বাৰ্মা তৃণমূল পৰ্যায়ৰ এগৰাকী শক্তিশালী নেতা। কেজৰিৱালক পৰাস্ত কৰি তেওঁ নিজৰ নেতৃত্বৰ দক্ষতা প্ৰমাণ কৰিছে।
 
বিজেন্দ্ৰ গুপ্তাঃ বিজেপিৰ অভিজ্ঞ যোদ্ধা
 
দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে থকা বিজেন্দৰ গুপ্তাই এইবাৰ ৰোহিনী আসনৰ পৰা আম আদমি পাৰ্টিৰ প্ৰদীপ মিট্টালক পৰাস্ত কৰে। তেওঁ দিল্লী বিজেপিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে প্ৰভাৱশালী ভূমিকা পালন ককৰা গুপ্তা সাংগঠনিক দক্ষতাৰ বাবে বিশেষভাৱে পৰিচিত। গুপ্তাৰ অভিজ্ঞতা আৰু সংগঠনৰ ওপৰত দৃঢ় দখলে তেওঁক মুখ্যমন্ত্ৰী পদৰ বাবে এক শক্তিশালী দাবীদাৰ কৰি তুলিছে।

বীৰেন্দ্ৰ সচদেৱঃ দিল্লী বিজেপিৰ অধ্যক্ষ তথা কৌশলবিদ
 
বীৰেন্দ্ৰ সচদেৱ দিল্লী বিজেপিৰ অধ্যক্ষ আৰু তেওঁ দলৰ নিৰ্বাচনী কৌশল সফলতাৰে ৰূপায়ণ কৰে। তেওঁৰ নেতৃত্বত এইবাৰ দিল্লীত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। ২০২৩ চনত দিল্লী বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱা বীৰেন্দ্ৰ সচদেৱৰ সংগঠনটোৰ ওপৰত দখল অতি শক্তিশালী। তেওঁ বিজেপিৰ নিৰ্বাচনী কৌশলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
যিহেতু তেওঁ দিল্লী বিজেপিৰ অধ্যক্ষ, গতিকে দলীয় নেতৃত্বই তেওঁৰ নাম মুখ্যমন্ত্ৰী হিচাপে বিবেচনা কৰিব পাৰে। অৱশ্যে তেওঁৰ প্ৰত্যক্ষ ৰাজনৈতিক জনপ্ৰিয়তা আন প্ৰাৰ্থীতকৈ কম।
 
হৰিশ খুৰানাঃ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ
 
মতি নগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হৰিশ খুৰানা বিজেপিৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মদন লাল খুৰানাৰ পুত্ৰ। তেওঁ বিজেপিৰ দিল্লী ইউনিটৰ সম্পাদক আৰু মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। জনসংযোগ আৰু কৌশলগত দক্ষতাৰ দিশত তেওঁ এগৰাকী বিশেষজ্ঞ। বংশগত ৰাজনীতি আৰু পুৰণি বিজেপি নেতাৰ সমৰ্থনৰ বাবে তেওঁ মুখ্যমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বী হ’ব পাৰে।
 
বানসুৰী স্বৰাজঃ বিজেপিৰ নতুন প্ৰজন্মৰ নেত্ৰী
 
প্রাক্তন বৈদেশিক মন্ত্রী সুষমা স্বৰাজৰ কন্যা বানসুৰী স্বৰাজে প্রথমবাৰৰ বাবে সাংসদ হৈ নতুন দিল্লী লোকসভাৰ আসনৰ পৰা জয়লাভ কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপিৰ মুখপাত্ৰ হিচাপে তেওঁ কাম কৰি আহিছে। ২০২৪ চনত প্ৰথমবাৰৰ বাবে তেওঁ নতুন দিল্লীৰ পৰা সাংসদ হয়। নতুন প্ৰজন্মৰ নেত্ৰীগৰাকীক দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়।
 
সাংসদ বানসুৰী স্বৰাজ
 
প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হ’লেও তেওঁৰ বংশগত পটভূমি আৰু বিজেপি নেতৃত্বৰ সান্নিধ্যই তেওঁক মুখ্যমন্ত্ৰীৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে পৰিগণিত কৰিছে। 
 
দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ বাবে অন্যান্য সম্ভাৱ্য প্ৰাৰ্থীসকলঃ
 
১. সতীশ উপাধ্যায়ঃ বিজেপিৰ ব্ৰাহ্মণ মুখ বুলি গণ্য কৰা হয়।
 
২) আশীষ ছুদঃ পাঞ্জাবী সমাজৰ নেতা আৰু সংগঠনত প্ৰভাৱশালী ভূমিকা পালন কৰি আহিছে।
 
৩/ জিতেন্দ্ৰ মহাজনঃ বৈশ্য সম্প্ৰদায়ৰ পৰা অহা আৰু একেৰাহে তৃতীয়বাৰৰ বাবে বিধায়ক হৈছে।
 
কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী?
 
বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা নাই। এই বিষয়ত দলীয় নেতৃত্বই কেন্দ্ৰীয় হাইকমাণ্ডৰ মতামত গ্ৰহণ কৰিব। যদি বিজেপিয়ে জাতীয় আৰু আঞ্চলিক ভাৰসাম্যৰ কথা মনত ৰাখে তেন্তে প্ৰভেশ বাৰ্মা, বিজেন্দ্ৰ গুপ্তা আৰু বীৰেন্দ্ৰ সচদেৱ আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হ'ব।
 
একে সময়তে উদীয়মান আৰু নতুন মুখক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত বানসুৰী স্বৰাজৰ নামো বিবেচনালৈ আহিব পাৰে।