দেশত খাদ্য সামগ্ৰীৰ পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ ১০.৮৭ শতাংশ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
দেশত শেহতীয়াকৈ খাদ্য সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পাইছে। এক চৰকাৰী তথ্য মতে, চলিত বৰ্ষৰ জুনত দেশত পাইকাৰী দাম বৃদ্ধিৰ হাৰ আছিল ৩.৩৬ শতাংশ। চৰকাৰে এই তথ্য প্রকাশ কৰাৰ পাছতেই দেশজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো দামবৃদ্ধিৰ এই হাৰ বিগত ১৬ মাহত আটাইতকৈ বেছি আছিল। 
 
লক্ষণীয়ভাৱে যোৱা মাহত খাদ্য সামগ্ৰীৰ পাইকাৰী দাম বৃদ্ধিৰ হাৰ আছিল ১০.৮৭ শতাংশ। যোৱা মাহত কেৱল পিঁয়াজৰ দাম বৃদ্ধিৰ হাৰ আছিল ৯৩.৩৫ শতাংশ। আলুৰ দাম বৃদ্ধিৰ হাৰ আছিল ৬৬.৩৭ শতাংশ। মাহ জাতীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ হাৰ হৈছে ৩৮.৭৬ শতাংশ। 
 
যোৱা মাহত খুচুৰা দাম বৃদ্ধিও ৫.০৮ শতাংশ বৃদ্ধি পাইছে। যিটো যোৱা চাৰি মাহৰ ভিতৰত আটাইতকৈ বেছি আছিল। আনহাতে, খাদ্য সামগ্ৰীৰ খুচুৰা দাম বৃদ্ধিৰ হাৰ হৈছে ৯ শতাংশ। শেহতীয়াকৈ কল-কাৰখানাৰ তৈয়াৰী সামগ্ৰীৰ দাম বৃদ্ধিৰ হাৰ ১.৪৩ শতাংশ বৃদ্ধি পাইছে।