আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ মৃত্যুত কিয় শোকৰ ছাঁ পৰিছে হাৰিয়ানাৰ এখন গাঁওত?

Story by  atv | Posted by  [email protected] • 3 d ago
১৯৭৮ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ আৰু তেওঁৰ পত্নী ৰোজালিন কাৰ্টাৰৰ কাৰ্টাৰপুৰী ভ্ৰমণ
১৯৭৮ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ আৰু তেওঁৰ পত্নী ৰোজালিন কাৰ্টাৰৰ কাৰ্টাৰপুৰী ভ্ৰমণ

নতুন দিল্লী

দেওবাৰে জৰ্জিয়াৰ বাসগৃহত ১০০ বছৰ বয়সত মৃত্যু হোৱা আমেৰিকাৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ হৈছে দিল্লীৰ ওচৰৰ এখন গাঁৱৰ দত্তক ‘পুত্ৰ’। এইখন গাঁৱৰ নাম তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। পূৰ্বতে দৌলতপুৰ নাছিৰাবাদ নামেৰে জনাজাত এই গাঁওখনৰ নাম হৈছে কাৰ্টাৰপুৰী। ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এনচিআৰ) অংশ হাৰিয়ানাৰ গুৰুগ্ৰাম জিলাত অৱস্থিত।
 
১৯৭৮ চনত জিমি কাৰ্টাৰৰ ভাৰত ভ্ৰমণৰ ঐতিহাসিক ভ্ৰমণৰ সময়ত গাঁওখনৰ নাম সলনি কৰা হয়, যিটো জৰুৰীকালীন অন্ধকাৰ যুগৰ পিছত কোনো বিদেশী নেতাৰ প্ৰথম ভ্ৰমণ আছিল।
 
কাৰ্টাৰৰ সৈতে তেওঁৰ পত্নী ৰোজালিন কাৰ্টাৰ আছিল আৰু দুয়োজনে ৩ জানুৱাৰীত দৌলতপুৰ নাছিৰাবাদ গাওঁ ভ্ৰমণ কৰিছিল। তাত তেওঁলোকে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰিছিল। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই স্থানীয় লোকসকলক তেওঁলোকৰ গাঁওখনৰ নাম আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নামেৰে সলনি কৰিবলৈ পৰামৰ্শ দিছিল আৰু এইদৰেই কাৰ্টাৰপুৰীয়ে জিমি কাৰ্টাৰৰ সৈতে চিৰকালৰ সম্পৰ্ক স্থাপন কৰিছিল।
 
কাৰ্টাৰপুৰী গাঁওৰ পৰিৱেশ
 
জিমি কাৰ্টাৰে সেই গাঁওখন ভ্ৰমণৰ বাবে বাছি লোৱাৰ আঁৰৰ কাৰণটো আছিল ইয়াৰ শিপাৰ সৈতে থকা এক নষ্টালজিয়া। জিমি কাৰ্টাৰৰ মাতৃ লিলিয়ান কাৰ্টাৰ আছিল এগৰাকী নাৰ্ছ, যিয়ে ষাঠিৰ দশকত গাঁওখনত পিছ কৰ্পছৰ স্বেচ্ছাসেৱক (Peace Corps Volunteer) হিচাপে বাস কৰিছিল।
 
গতিকে গাঁৱৰ মানুহে জিমিক ইতিমধ্যে মাকৰ জৰিয়তে চিনি পাইছিল। জেইলদাৰ ছৰফৰাজৰ ঘৰত বাস কৰা লিলিয়ানক স্থানীয় লোকৰ মনত আছে। গতিকে যেতিয়া জিমি কাৰ্টাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল তেতিয়া গাঁৱখনৰ মানুহে উদযাপন কৰিছিল। উল্লেখ্য যে, ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে জিমি কাৰ্টাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল আৰু ২০০২ চনত ইজৰাইল আৰু ইজিপ্তৰ মাজত শান্তি স্থাপনৰ বাবে তেওঁক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।
 
প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ সৈতে জিমি কাৰ্টাৰ
 
কাৰ্টাৰপুৰৰ গাঁওবাসীয়ে জিমি কাৰ্টাৰৰ নোবেল বঁটা উদযাপন কৰাই নহয়, তেওঁলোকৰ সম্পৰ্কৰ স্মৃতিত ৩ জানুৱাৰী (ভ্ৰমণৰ দিন)ৰ দিনটোক স্থানীয় বন্ধৰ দিন হিচাপেও পালন কৰি আহিছে। ১৯৭৮ চনৰ ৩ জানুৱাৰীৰ দিনা স্থানীয় লোকে কাৰ্টাৰ দম্পতীক উষ্ম আদৰণি জনাইছিল আৰু ৰোজালিন কাৰ্টাৰক এযোৰ হাৰিয়ানৱী পোছাক উপহাৰ দিয়াৰ কথা তেওঁলোকৰ এতিয়াও মনত আছে। 
 
কিন্তু কাৰ্টাৰপুৰীক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ হোৱা নাই। জিমি কাৰ্টাৰৰ ভাৰত ভ্ৰমণ ঐতিহাসিক আছিল কাৰণ তেওঁ সংসদত ভাষণ দি দিল্লী ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল য’ত দুয়োখন দেশৰ উমৈহতীয়া মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তেওঁ লগতে ভাৰতীয় গণতন্ত্ৰক প্ৰশংসা কৰি কৈছিল যে ভাৰতীয় গণতন্ত্ৰই নিৰ্বাচনৰ জৰিয়তে মানুহক নিজৰ চৰকাৰ সলনি কৰাৰ সুযোগ দিছে।


শেহতীয়া খবৰ