আৱাজ দ্য ভইচ/ নতুন দিল্লী
মহাকুম্ভ মেলাত ভিন্ন বেশ-ভূশাৰ ঋষি-সন্নাসীৰ অনন্য ৰূপ আৰু অলৌকিক কৰ্ম-কাণ্ডই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ মাজতে শৰীৰৰ ওপৰৰ পৰা তললৈ সোণৰ অলংকাৰেৰে ভৰপূৰ এজন বিশেষ বাবা দৰ্শক আৰু ভক্তৰ মাজত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। কেৰালাৰ বাসিন্দা এইজন বাবাক মহাকুম্ভৰ গ'ল্ডেন বাবা আখ্যা দিয়া হৈছে।
তেওঁৰ প্ৰকৃত নাম এছ কে নাৰায়ণ গিৰিজী মহাৰাজ। তেওঁ কেৰালাৰ বাসিন্দা, যদিও বৰ্তমান দিল্লীত থাকে। নিৰঞ্জনী আখৰাৰ লগত জড়িত গ'ল্ডেন বাবাৰ অনন্য শৈলীয়ে ভক্তৰ দৃষ্টি আকৰ্ষণ কৰিছে। বাবাৰ হাতত ৬ টা সোণৰ লকেট আছে, য’ত প্ৰায় ২০ ডাল মালা আছে। তেওঁৰ মোবাইলটোও সোণৰ তৰপেৰে আবৃত। বাবাই কয় যে তেওঁৰ সোণেৰে সজ্জিত ৰূপটো কেৱল দেখুৱাবলৈ নহয়, বৰঞ্চ ই তেওঁৰ আধ্যাত্মিক জীৱন, সাধনা আৰু গুৰুৰ প্ৰতি ভক্তিৰ প্ৰতীক। তেওঁৰ ব্যক্তিত্বই কুম্ভ মেলাত এক বেলেগ ভাবমূৰ্তি উপস্থাপন কৰে, যিয়ে জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। গ'ল্ডেন বাবাই জনসাধাৰণক আধ্যাত্মিকতা আৰু ভক্তিৰ বাৰ্তা দিয়ে।
লাভ কৰা তথ্য অনুসৰি গ'ল্ডেন বাবাই প্ৰায় ৪ কেজি সোণ পিন্ধে, যাৰ মূল্য হৈছে প্ৰায় ৬ কোটি টকা। এএনআইৰ সৈতে হোৱা কথা-বতৰাত কেৰালাৰ বিশিষ্ট হিন্দু আধ্যাত্মিক নেতা স্বামী নাৰায়ণ নন্দ গিৰি মহাৰাজে কয় যে এই অলংকাৰসমূহ নটৰাজ, নৰিষ্মা, মুৰুগন, ভদ্ৰকালি আদি বিভিন্ন হিন্দু দেৱতাৰ প্ৰতি উৎসৰ্গিত।
এই অলংকাৰৰ উদ্দেশ্যৰ বিষয়ে সোধাত স্বামী নাৰায়ণে কয় যে ই তেওঁক "ইতিবাচক শক্তি" প্ৰদান কৰে আৰু পূজাৰ সময়ত ইয়াৰ প্ৰয়োজন হয়। তেওঁৰ বিভিন্ন অলংকাৰৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি গ'ল্ডেন বাবাই কয় যে ইয়াৰ ভিতৰত ৰুদ্ৰাক্ষ, প্ৰবাল, স্ফটিক, মুংগা আৰু অন্যান্য বহুমূলীয়া শিল যেনে ৰুবি, নীলাম, পান্না আছে, যিবোৰ পূজাৰ সময়ত ব্যৱহাৰ কৰা হয়।
তেওঁৰ গহনাত শ্ৰীযন্ত্ৰৰ প্ৰতীকো সন্নিবিষ্ট কৰা হৈছে। গ'ল্ডেন বাবাই কয়, "মোৰ নাম শ্ৰী শ্ৰী ১০০৮ অনন্ত শ্ৰী বিভূষিত স্বামী নাৰায়ণ নন্দ গিৰিজী মহাৰাজ। মই কেৰালাৰ বাসিন্দা আৰু সনাতন ধৰ্ম ফাউণ্ডেশ্যনৰ সভাপতি। এই অলংকাৰবোৰত ৰুদ্ৰাক্ষ, প্ৰবাল, স্ফটিক আদি আছে। এই সকলোবোৰ নটৰাজ, নৰিষ্মা, মুৰুগন, ভদ্ৰকালি দেৱতাৰ প্ৰতি উৎসৰ্গিত। পূজাৰ সময়ত মোক ৰুবি, নীলাম আৰু পান্নাৰ দৰে বিভিন্ন শিলৰ প্ৰয়োজন হয়। ইয়াত শ্ৰীযন্ত্ৰও আছে। এই সকলোবোৰ গহনাত বিশেষ কিবা এটা আছে। মই ৬.৮ কেজিতকৈও অধিক ওজনৰ গহনা পিন্ধিছো।"
১৫ বছৰ আগতে পিন্ধিবলৈ তেওঁ এইবোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি গ'ল্ডেন বাবাই কয় যে ৰুদ্ৰাক্ষ ডাল তেওঁক তেওঁৰ পিতৃয়ে দিছিল। ইয়াৰ ফলত ইতিবাচক শক্তি ওলায়,যিটো আনেও প্ৰত্যক্ষ কৰিব পাৰে। "মই যদি ট্ৰাউজাৰ আৰু চাৰ্ট পিন্ধিলোহেঁতেন,তেন্তে আপুনি মোৰ লগত কথা পাতিবলৈ নাহিলহেঁতেন। ভগৱানে মোক ইতিবাচক শক্তি বিয়পোৱাৰ এই সুযোগ দিছে।" তেওঁ কয়।
গ'ল্ডেন বাবাৰ গাত সোণৰ গহনা যেনে আঙঠি, ব্ৰেচলেট, ঘড়ী আনকি সোণৰ লাঠিও আছে। এই লাঠিডালত দেৱ-দেৱীৰ লকেট সংলগ্ন হৈ আছে, যিবোৰ তেওঁৰ ভক্তি আৰু বিশ্বাসৰ প্ৰতীক। জানিব পৰা মতে ৬৭ বছৰীয়া গ'ল্ডেন বাবাই নিৰঞ্জনী আখৰাৰ সভাপতি ৰবীন্দ্ৰ পুৰী মহাৰাজৰ পৰা দীক্ষা লৈছিল।
ধৰ্ম আৰু শিক্ষাৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় হৈ আছে আৰু ধৰ্ম আৰু শিক্ষাক একেলগে আগবঢ়াই নিলে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পৰা যাব বুলি গ'ল্ডেন বাবাই বিশ্বাস কৰে। বাবাৰ প্ৰতি শ্ৰদ্ধা থকা মানুহেৰে সদায় তেওঁৰ চৌদিশ ভৰি থাকে। ভক্তসকলে তেওঁক গ'ল্ডেন বাবা বুলি মাতে আৰু তেওঁৰ সান্নিধ্যত এক অনন্য মনোমোহাতা দেখা যায়। বাবাই পুনৰ এবাৰ কয় যে তেওঁৰ সোণ কেৱল দেখুৱাবৰ কাৰণে নহয়, বৰঞ্চ ই তেওঁৰ সাধনা আৰু আধ্যাত্মিক শক্তিৰ প্ৰতীক।