২৯ বছৰীয়া যুগ্ম জীৱনৰ পিছত কিয় বিবাহ বিচ্ছেদ ঘটিল প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমান আৰু ছাইৰা বানুৰ

Story by  atv | Posted by  [email protected] • 11 h ago
সুখৰ দিনত এ আৰ ৰহমান আৰু ছাইৰা বানু (ফাইল ফটো)
সুখৰ দিনত এ আৰ ৰহমান আৰু ছাইৰা বানু (ফাইল ফটো)
 
মুম্বাই

অস্কাৰ বঁটা বিজয়ী বলীউদৰ প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৰ বিচ্ছেদ ঘটিছে। বিবাহৰ ২৯ বছৰ সম্পূৰ্ণ পিছত তেওঁলোকে জীৱনৰ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাইৰাই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ ৰাজহুৱা কৰাৰ পিছত এ আৰ ৰহমানেও টুইটাৰত এটা হৃদয় বিদাৰক বাৰ্তাৰে এই কথা নিশ্চিত কৰে। চেলিব্ৰিটি অধিবক্তা বন্দনা শ্বাহে ছাইৰাৰ হৈ এই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।  এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৰ বিচ্ছেদৰ খবৰে অনলাইনত ব্যাপক চৰ্চা লাভ কৰিছে।
 
এই সিদ্ধান্তৰ কাৰণ হিচাপে দম্পতীহালে এৰাব নোৱাৰা আৱেগিক টান বুলি উল্লেখ কৰে। ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্টত ৰহমানে বিচ্ছেদক ​​লৈ নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁ টুইট কৰি কয়, “আমি বৈবাহিক জীৱনৰ ৩০ বছৰ উলহ-মালহেৰে উদযাপন কৰিম বুলি ভাবি আছিলো, কিন্তু সকলো কথাই এক অনিশ্চয়তা কঢ়িয়াই লৈ ফুৰে। ভগ্ন হৃদয়ে আনকি ঈশ্বৰৰ সিংহাসনো কঁপাব পাৰে। তথাপিও এই ভগ্ন সম্পৰ্ক মাজত আমি অৰ্থ বিচাৰো, যদিও হৃদয়ৰ টুকুৰাবোৰে হয়তো আকৌ নিজৰ স্থান নাপাব। এনে সময়ত আপোনালোকৰ দয়া-মৰম আৰু আমাৰ গোপনীয়তাক সন্মান কৰাৰ বাবে আমাৰ বন্ধুসকললৈ অশেষ ধন্যবাদ।"
১৯৯৫ চনত বিবাহপাশত আবদ্ধ হোৱা এ আৰ ৰহমান আৰু ছাইৰা বানু হৈছে তিনিটা সন্মানৰ পিতৃ-মাতৃ। তেওঁলোকৰ সন্তান কেইটা হৈছে কন্যা খাটিজা আৰু ৰহিমা, আৰু পুত্ৰ আমিন। অধিবক্তা বন্দনা শ্বাহৰ জৰিয়তে প্ৰকাশ কৰা এক যৌথ বিবৃতিত ৰহমান আৰু বানুৱে কয় যে, “বহু বছৰৰ বিবাহৰ অন্তত ছাইৰা আৰু তেওঁৰ স্বামী এ আৰ ৰহমানে ইজনে সিজনৰ পৰা পৃথক হোৱাৰ কঠিন সিদ্ধান্ত লৈছে।”

তেওঁলোকৰ সম্পৰ্কত যথেষ্ট আৱেগিক চাপৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। ইজনে সিজনৰ প্ৰতি গভীৰ প্ৰেম থকাৰ পিছতো দম্পতীহালে দেখিছে যে কিছু উত্তেজনা আৰু কঠিনতাৰ বাবে তেওঁলোকৰ মাজত এক অতিক্ৰম কৰিব নোৱাৰা ব্যৱধানৰ সৃষ্টি হৈছে, যিটো এই সময়ত কোনো পক্ষই দূৰ কৰিব পৰা নাই।

ৰহমানৰ পুত্ৰ আমিনেও ইনষ্টাগ্ৰাম ষ্ট’ৰীজত পিতৃ-মাতৃৰ বিচ্ছেদৰ বিষয়ে এইদৰে লিখিছে, "আমি সকলোকে এই সময়ছোৱাত আমাৰ পৰিয়ালৰ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছো। আপোনালোকৰ বুজাবুজিৰ বাবে অশেষ ধন্যবাদ।"
উল্লেখ্য যে, শেহতীয়াকৈ এটা প’ডকাষ্টত জনপ্ৰিয় অধিবক্তা বন্দনা শ্বাহে চেলিব্ৰিটিৰ বিবাহ বিচ্ছেদৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ কৈছিল যে বলীউডত অবিশ্বাসৰ বাবে নহয়, বিৰক্তিৰ বাবেই প্ৰায়ে চেলিব্ৰিটিসকলৰ মাজত বিচ্ছেদ ঘটে। অধিবক্তাগৰাকীয়ে উল্লেখ কৰে যে চেলিব্ৰিটিসকলে সঘনাই একাধিক বিবাহৰ সন্মুখীন হয়, এটা সম্পৰ্কৰ পৰা আন এটা সম্পৰ্কলৈ পৰিৱৰ্তন হয়। 

বন্দনাই কয়, "বলীউডৰ চেলিব্ৰিটীসকলৰ জীৱন বহুত বেলেগ। মই নাভাবো যে অবিশ্বাসৰ ফলত তেওঁলোকৰ বিবাহ বিফল হয়, প্ৰকৃততে ইয়াৰ কাৰণ হৈছে বিৰক্তিবোধ। বিৰক্তিৰ বাবেই তেওঁলোকে এটা বিবাহৰ পৰা আন এটা বিবাহলৈ স্থানান্তৰিত হয়, যিটো বলীউড আৰু অধিক চহকী পৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।"
 
বন্দনাই এইটোও প্ৰকাশ কৰে যে পত্নীৰ মাতৃ, ভাতৃ, আনকি শহুৰেককে ধৰি বাহিৰৰ লোকৰ হস্তক্ষেপে প্ৰায়ে চেলিব্ৰিটিৰ বৈবাহিক জীৱনত প্ৰত্যাহ্বান আৰু অধিক ভয়াৱহ কৰি তোলে।