শীতকালীন অধিৱেশন আৰম্ভ; উভয় সদন আগতীয়াকৈ স্থগিত

Story by  atv | Posted by  [email protected] • 3 h ago
শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে ভাষণ দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে
শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে ভাষণ দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে

নতুন দিল্লী

সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হয় যদিও উভয় সদন আগতীয়াকৈ স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। উচ্চ সদনত বিৰোধীয়ে “আদানী কেলেংকাৰী”ৰ ওপৰত আলোচনা বিচৰাৰ বাবে কাৰ্য্যবিধি ব্যাহত হৈ পৰে। বুধবাৰে (২৭ নৱেম্বৰ) পুনৰ সদনৰ কাম-কাজ আৰম্ভ হ’ব।
 
১৯৪৯ চনত সংবিধান সভাই সংবিধান গৃহীত কৰাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে মঙলবাৰে সংসদৰ কোনো বৈঠক অনুষ্ঠিত নহ’ব। ২০ ডিচেম্বৰলৈকে চলিব সংসদৰ শীতকালীন অধিৱেশন।
 
শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিৰোধী পক্ষক সমালোচনা কৰি কয় যে যিসকলক মানুহে ৮০-৯০ বাৰ প্রত্যাখ্যান কৰিছে, তেওঁলোকে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে গুণ্ডাগিৰিৰ আশ্ৰয় লৈ সংসদক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘সংসদত সুস্থ বিতৰ্ক হ’ব লাগে যদিও দুৰ্ভাগ্যজনকভাৱে কিছুমান ব্যক্তিয়ে নিজৰ ৰাজনৈতিক লাভৰ বাবে সংসদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, আৰু বিশৃংখলতাৰ আশ্ৰয় লৈছে।'
সংসদৰ শীতকালীন অধিৱেশনৰ বাবে চৰকাৰে ৱাকফ আইন সংশোধনৰ বাবে এখন আৰু ৫খন নতুন বিধেয়ককে ধৰি ১৫খন বিধেয়ক তালিকাভুক্ত কৰিছে। চৰকাৰে পৰিকল্পনা কৰা নতুন খচৰা আইন মাৰ্চেণ্ট শ্বিপিং বিলখনো চৰকাৰে শীতকালীন অধিৱেশনত উত্থাপন কৰাৰ কথা আছে। 
 
ইয়াৰ উপৰিও উপকূলীয় জাহাজ বিধেয়ক আৰু ভাৰতীয় বন্দৰ বিধেয়কো সংসদত গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে। ৱাকফ (সংশোধনী) বিধেয়ক আৰু মুছলমান ৱাকফ (বাতিল) বিধেয়ককে ধৰি আঠখন বিধেয়ক লোকসভাত বিচাৰাধীন হৈ আছে। আন দুখন বিধেয়ক ৰাজ্যসভাত আছে। 


শেহতীয়া খবৰ