দিল্লী জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত নাথাকে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং; অংশ ল'ব প্ৰধানমন্ত্ৰী লি কিয়াঙে
নতুন দিল্লী
চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে নিজৰ ৱেবছাইটত এক চমু বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই সপ্তাহৰ শেষৰ ফালে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে। এই ঘোষণাৰ ফলপ্ৰসূ অৰ্থ হ’ল ৰাষ্ট্ৰপতি ঝি জিনপিং জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত নাথাকিব, কিয়নো বেইজিঙে একে সময়তে নিজৰ দুজন শক্তিশালী নেতাক বিদেশলৈ নপঠিয়ায়, একেটা অনুষ্ঠানতে উপস্থিত হোৱাটো দূৰৰ কথা।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙৰ উদ্ধৃতি দি বিবৃতিটোত কোৱা হৈছে যে, ‘ভাৰত গণৰাজ্য চৰকাৰৰ আমন্ত্ৰণত ৰাজ্যিক পৰিষদৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে অহা ৯ ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু চীনে আশা কৰিছে যে এই সন্মিলনে সহমত সুদৃঢ় কৰিব পাৰিব, আত্মবিশ্বাস প্ৰদান কৰিব পাৰিব আৰু উন্নয়নক প্ৰসাৰিত কৰিব পাৰিব”।
'চীনে সদায় প্ৰাসংগিক অনুষ্ঠানত অধিক গুৰুত্ব দিছে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এই বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী লি কিয়াঙে জি-২০ সহযোগিতাৰ ক্ষেত্ৰত চীনৰ চিন্তা আৰু স্থিতি প্ৰকাশ কৰিব, জি-২০ক ঐক্য আৰু সহযোগিতা শক্তিশালী কৰাৰ বাবে সমৰ্থন আগবঢ়াব। বিশ্বই সন্মুখীন হোৱা অৰ্থনৈতিক আৰু উন্নয়নমূলক প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ চীনে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি যাব’- সংবাদ সংস্থা এ এফ পিৰ উদ্ধৃতিৰে এইদৰে কয় মুখপাত্ৰগৰাকীৰ।
জি-২০ নেতা সন্মিলনৰ সফলতাৰ বাবে আমি সকলো পক্ষৰ সৈতে কাম কৰিবলৈ ইচ্ছুক, আৰু সুস্থিৰ বিশ্ব অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাত সক্ৰিয় অৱদান আগবঢ়াবলৈ ইচ্ছুক বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে, ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং উপস্থিত থাকিব নে নাই, তাক লৈ বহুদিন ধৰি ব্যাপক চৰ্চা চলি আছিল। ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত থাকিব নোৱাৰে বুলি জানাবিলৈ দিছিল।
পুটিনৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ৰাছিয়াত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পংকজ ছাৰণে। তেওঁ কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জি-২০ শীৰ্ষ সন্মিলনত অংশ নোলোৱাটো বিশ্বৰ শান্তি আৰু সম্প্ৰীতিৰ বাবে ভাল নহয়। পুটিনৰ এই সিদ্ধান্তক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি কৌশলগত আৰু নিৰাপত্তা বিষয়ৰ গৱেষণা কেন্দ্ৰ নেটষ্ট্ৰেটৰ আহ্বায়ক ছাৰণে কয় ‘এয়া জি-২০ৰ বাবে ভাল নহয়।এয়া বিশ্বৰ বাবে ভাল নহয়। শান্তি আৰু সম্প্ৰীতিৰ বাবে ই ভাল নহয় যিটো ভাৰতৰ জি-২০ অধ্যক্ষতাৰ মূলমন্ত্ৰ।''
শেহতীয়াকৈ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰি জনাইছে যে তেওঁ ৮-৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি ২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰে আৰু ইয়াৰ পৰিৱৰ্তে তেওঁৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক প্ৰেৰণ কৰিব।