বিদুষী গৌৰ / নতুন দিল্লী
দক্ষিণ কাশ্মীৰৰ এগৰাকী দৃঢ়মনা মহিলাই সমাজৰ গোঢ়ামি আৰু কু-সংস্কাৰ ভংগ কৰি কাশ্মীৰলৈ পৰিৱৰ্তনৰ জোৱাৰ কঢ়িয়াই আনিছে। 'এডভোকেট ছিবগাট' নামেৰে জনপ্ৰিয় অধিবক্তাগৰাকীৰ নাম হৈছে টাবাছুম। তেওঁ কেৱল আদালতৰ ভিতৰত আইনী যুঁজ দিয়াই নহয়, এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈও। টাবাছুমে মহিলাসকলক নিজৰ অধিকাৰৰ বিষয়ে জ্ঞান দিয়াৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ দিশত পথ প্ৰদৰ্শন কৰিও মহিলাসকলক শক্তিশালী কৰি তুলিছে।
টাবাছুমৰ এই যাত্ৰা একেবাৰে সহজ নাছিল। তেওঁ এনেকুৱা স্থানত জন্ম গ্ৰহণ কৰিছিল, যি এটা সময়ত সন্ত্ৰাসবাদৰ ৰম্যভূমি আছিল। আপেল চহৰ ছোপোৰেৰ ওচৰৰ তুজাৰ শ্বৰীফ গাঁৱত জন্ম গ্ৰহণ কৰা টাবাছুমে অতি কম বয়সতে (২০১২ চনত) মাতৃক হেৰুৱায়। ইয়াৰ পিছত সমস্ত পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব টাবাছুমৰ কান্ধত পৰে। সমাজে বাধা দিলেও তেওঁ দেউতাকক পুনৰ বিয়া কৰাবলৈ আহ্বান জনায়। ইয়াৰ পিছত টাবাছুম আৰু তেওঁৰ ভাতৃয়ে সতীয়া মাকক সম্পূৰ্ণ হৃদয়েৰে আকোৱালি লৈছিল।
“আমাৰ সমাজে দ্বিতীয় বিবাহৰ ধাৰণাটো সহজে মানি নলয়, কিন্তু মই জোৰ কৰি দেউতাক পুনৰ বিবাহ কৰাই দিছিলোঁ। আমি আমাৰ সতীয়া মাতৃক নিজৰ বুলি মানি লৈছিলো; তেঁৱো আমাক তেনেকৈয়ে গ্ৰহণ কৰিলে। মই অনুভৱ কৰিছিলো যে সমাজ পৰিৱৰ্তনৰ বিপ্লৱ আমি ঘৰতে আৰম্ভ কৰিব লাগিব।"-টাবাছুমে এইদৰে কয়।
সমাজৰ নীতি-নিয়মক প্ৰত্যাহ্বান জনোৱাৰ এই বিশ্বাসে টাবাছুমক আজি এগৰাকী শক্তিশালী নাৰী হিচাপে গঢ়ি তুলিছে। প্ৰয়াত মাতৃতে নিজৰ কন্যাক ক’লা কোট পিন্ধা অধিবক্তাৰ ৰূপত চাব বিচাৰিছিল, সেয়ে টাবাছুমে মাতৃৰ সপোন পূৰণ কৰিবলৈ আইনৰ ক্ষেত্ৰখনক বাচি লয়। এতিয়া শ্ৰীনগৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা হিচাপে তেওঁ নিজৰ জীৱনটো জনসাধাৰণৰ বাবে বিশেষকৈ মহিলাসকলৰ মাজত আইনী সজাগতা সৃষ্টিৰ নামত উৎসৰ্গা কৰিছে।
মহিলা অধিবক্তাৰ এক সন্মিলনত টাবাছুম
‘আমাৰ সমাজত নাৰীক সদায় গৌণ স্থানত ৰখা হৈছে। নাৰীসকলক পিতৃ আৰু পিছলৈ স্বামীৰ আধিপত্যৰ অধীনত জীয়াই থাকিবলৈ শিকোৱা হয়। কিয় তেনেকুৱা হৈছে? মহিলাসকলে নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰিব লাগিব।’-টাবাছুমে কয়। আইনী প্ৰেকটিছৰ জৰিয়তে তেওঁ মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান আৰু পৰামৰ্শ দিয়ে। লগতে তেওঁলোকক নিজৰ পক্ষত থিয় দিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ উৎসাহিত কৰে।
উল্লেখ্য যে, আইনী কেৰিয়াৰৰ বাহিৰেও টাবাছুম এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ। তেওঁ ৭৫ কেজি আৰু ৯৫ কেজি শাখাত অংশগ্ৰহণ কৰে। নিষ্ঠা আৰু দক্ষতাৰ বলত তেওঁ এতিয়ালৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত অসংখ্য পদক লাভ কৰিছে। আনকি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবেও টাবাছুম নিৰ্বাচিত হৈছে যদিও ব্যক্তিগত আৰু পেছাদাৰী দায়িত্বৰ বাবে অংশগ্ৰহণ কৰিব পৰা নাই।
কাশ্মীৰৰ দৰে এটা অঞ্চলৰ এগৰাকী মহিলাই পাঞ্জাৰ দৰে শাৰীৰিক শক্তিৰ প্ৰয়োজন থকা খেলত পাৰদৰ্শিতা আগবঢ়োৱাটো কোনো সৰু কথা নহয়। ‘মই সদায় ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিলো, কিন্তু আমাৰ অঞ্চলত মহিলাসকলে ইয়াক অনুসৰণ কৰাটো সহজ নাছিল। মই এই শক্তিক কণমানি ছোৱালীবোৰলৈ আগবঢ়াব বিচাৰো আৰু তেওঁলোকক বাধা ভাঙিবলৈ উৎসাহিত কৰিব বিচাৰো।’- টাবাছুমে আবেগিকভাৱে কয়। সমাজৰ কল্যাণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আইন আৰু ক্ৰীড়াৰ বাহিৰলৈও বিস্তৃত হৈ আছে। তেওঁ ডিজিটেল জগতৰ ক্ৰমবৰ্ধমান প্ৰভাৱক স্বীকৃতি দি এক চাইবাৰ সজাগতা অনুষ্ঠানো পৰিচালনা কৰে।
“যুৱক-যুৱতীসকল আমাৰ সমাজৰ এক অপৰিহাৰ্য অংশ; চাইবাৰ আইন আৰু ডিজিটেল সুৰক্ষাৰ বিষয়ে তেওঁলোকক জ্ঞান দিয়াটো অতি গুৰুত্বপূৰ্ণ।"-মহিলাগৰাকীয়ে উল্লেখ কৰে। অধিবক্তা টাবাছুমৰ এই কাহিনীটো হৈছে ধৈৰ্য, দৃঢ়তা আৰু পৰিৱৰ্তনৰ কাহিনী।
আদালতৰ কক্ষতেই হওক, মল্লযুঁজৰ মেটতেই হওক, সমাজতেই হওক, তেওঁ ন্যায় আৰু সৱলীকৰণৰ বাবে যুঁজ দি আছে। টাবাছুমৰ দৃঢ়তাপূৰ্ণ মনোভাৱ আৰু ইতিবাচক দৃষ্টিভংগী কেৱল কাশ্মীৰৰে নহয়, সমগ্ৰ দেশৰ মহিলাসকলৰ বাবে এক আশা আৰু প্ৰেৰণা হিচাপে চিহ্নিত হৈছে।