ধৰ্মীয় সমন্বয়ৰ বাবে আয়তুল কুৰ্ছিৰ লকেট পিন্ধে অভিনেতা গোবিন্দৰ পত্নী সুনীতাই

Story by  atv | Posted by  [email protected] • 2 h ago
বিখ্যাত অভিনেতা গোবিন্দৰ পত্নী সুনীতা আহুজা
বিখ্যাত অভিনেতা গোবিন্দৰ পত্নী সুনীতা আহুজা
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
শেহতীয়াকৈ বলীউডৰ বিখ্যাত অভিনেতা গোবিন্দৰ পত্নী সুনীতা আহুজাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। অলপতে তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক ইছলাম ধৰ্মৰ সৈতে জড়িত এটা লকেটৰ কথা কোৱা দেখা গৈছে। আচলতে এই ভিডিঅ'টোত গোবিন্দৰ পত্নী সুনীতা আহুজাই কৈছে যে তেওঁ সদায় ডিঙিত আয়াতুল কুৰ্ছি লিখা লকেট পিন্ধে। তেওঁ কেতিয়াও শৰীৰৰ পৰা এই লকেটটো আঁতৰিব নিদিয়ে।
 
আয়াত আল কুৰ্ছি কি ?
 
আয়াতুল কুৰ্ছিৰ আৰম্ভণি ‘আল্লাহ’ৰ পৰা। বহু পণ্ডিতৰ মতে আল্লাহৰ আটাইতকৈ দীঘল আৰু কোৰআনত সৰ্বাধিক উল্লেখিত নাম। ২৫০০ বাৰতকৈও অধিক উল্লেখিত হৈছে এই নাম।
 
আয়াতুল কুৰ্ছিৰ লকেট দেখুৱাইছে সুনীতা আহুজাই
 
আয়াতুল কুৰ্ছিক কোৰআনৰ অন্যতম শক্তিশালী আয়াত বুলি গণ্য কৰা হয় কাৰণ ইয়াক পাঠ কৰিলে ঈশ্বৰৰ মহত্ত্ব দৃঢ় হয়। ৰাতিপুৱা আৰু গধূলি এই আয়াত পাঠ কৰা ব্যক্তিজন জিনসকলৰ বেয়া প্ৰভাৱৰ পৰা দূৰত থাকে আৰু আল্লাহৰ সুৰক্ষাৰ অধীনত থাকিব। ইয়াক দৈনন্দিন সুৰক্ষা কৱচ বুলিও জনা যায়।
 
হজৰত মহম্মদে আয়াতুল কুৰ্ছিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক কোৰআনৰ সৰ্বশ্ৰেষ্ঠ আয়াত বুলি অভিহিত কৰে। ইয়াৰ কাৰণ হ'ল, এই আয়াতে আল্লাহৰ বৈশিষ্ট্যসমূহক সম্পূৰ্ণৰূপে আকোৱালি লোৱা আৰু সেইবোৰক আপোনাৰ জীৱনত একত্ৰিত কৰাৰ ওপৰত গুৰুত্বৰ দিয়ে। আয়াত আল- কুৰ্ছিয়ে কোৰআনৰ অন্যান্য শিক্ষা বুজিবলৈও ভিত্তি হিচাপে কাম কৰে, কিয়নো ই মৌলিক ইছলামিক বিশ্বাসক শক্তিশালী কৰে।
 
সুনীতা আহুজা
 
সুনীতা আহুজাই সকলো ধৰ্মকে সন্মান কৰে
 
শেহতীয়াকৈ সুনীতা আহুজাই প’ডকাষ্ট শ্ব’ ‘টাইমআউট উইথ অংকিট’ত অংশগ্ৰহণ কৰিছিল। কথা-বতৰাৰ সময়ত তেওঁ শৈশৱৰ বহু আমোদজনক কাহিনী, গোবিন্দৰ সৈতে প্ৰেমৰ কাহিনী আৰু বিয়াৰ পিছৰ জীৱনৰ কাহিনী উল্লেখ কৰে। এটা আমোদজনক ঘটনাৰ কথা মনত পেলাই তেওঁ কয় যে তেওঁ খ্ৰীষ্টান স্কুলত পঢ়িছিল। সেইবাবেই তেওঁৰ খ্ৰীষ্টান ধৰ্মত দৃঢ় বিশ্বাস আছে আৰু গীৰ্জালৈও যায়।
 
সুনীতা আহুজাই এটা সুকীয়া ভিডিঅ’তো কৈছে যে তেওঁ দৰগাহলৈও যায় আৰু সদায় ডিঙিত আয়াত আল কুৰ্ছিৰ লকেট পিন্ধে। পঞ্চমুখী হনুমানজীৰ লকেট এটাও পিন্ধিছে। তেওঁৰ হাতত ৰুদ্ৰাক্ষৰ ব্ৰেচলেট এটাও আছে। সুনীতা আহুজাই কয় যে তেওঁ সকলো ধৰ্মত বিশ্বাস কৰে আৰু তেওঁৰ বাবে সকলো ধৰ্ম সমানেই গুৰুত্বপূৰ্ণ।
 
 
সুনীতা আহুজাৰ সম্পত্তি
 
সুনীতা আহুজাৰ সম্পত্তিৰ আনুমানিক পৰিমাণ ২৫ মিলিয়ন ডলাৰ। যদিও এই সম্পদৰ অধিকাংশই গোবিন্দৰ বলীউডত দীৰ্ঘদিনীয়া আৰু সফল কেৰিয়াৰৰ পৰাই আহিছে, তথাপিও পৰিয়ালৰ বিত্তীয় ব্যৱস্থাপনা আৰু স্মাৰ্ট বিনিয়োগ নিশ্চিত কৰাত সুনীতাৰ ভূমিকাই এই সংখ্যাত যথেষ্ট অৰিহণা যোগাইছে। ঘৰখন চলোৱাই হওক, বিত্তীয় ব্যৱস্থাপনাই হওক বা গোবিন্দক কেৰিয়াৰত সহায় কৰাই হওক, সুনীতাৰ আৰ্থিক সফলতাৰ ওপৰত প্ৰভাৱক আওকাণ কৰিব নোৱাৰি।