আফছা জান: কাশ্মীৰৰ ৩০ বছৰীয়া প্ৰেৰণাদায়ক উদ্যোগী মহিলা

Story by  atv | Posted by  [email protected] • 18 d ago
জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে উদ্যোগী যুৱতী আফছা জান
জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে উদ্যোগী যুৱতী আফছা জান
 
ৰাশী
 
১৯৯৪ চনৰ ১৬ মাৰ্চত কাশ্মীৰৰ শ্ৰীনগৰত জন্মগ্ৰহণ কৰা আফছা জানে অঞ্চলটোৰ এগৰাকী প্ৰেৰণাদায়ক উদ্যোগী হিচাপে পৰিচয় লাভ কৰিছে। সাহস, ইতিবাচক চিন্তা, কষ্ট, অধ্যাৱসায় আৰু এটা স্বাধীনচেতিয়া মন লৈ নিজৰ ব্যৱসায় আৰম্ভ কৰা আফছাই 'আল ৰিজাক ফুডছ' নামৰ ষ্টাৰ্টআপৰ জৰিয়তে কাশ্মীৰলৈ এক পৰিৱৰ্তনৰ ঢৌ কঢ়িয়াই আনিছে। ফুড টেকন'লজী বিষয়ত বিটেক ডিগ্ৰীধাৰী যুৱতীগৰাকীয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত উদ্যোগীকৰণৰ যাত্ৰা আৰম্ভ কৰিছিল।
 
প্ৰথম অৱস্থাত তেওঁ ঘৰতে মৌ আৰু জাম তৈয়াৰ কৰি পৰিয়াল আৰু আত্মীয়ৰ সৈতে ভাগ কৰিছিল। আফছাৰ উন্নত মানৰ খাদ্য সামগ্ৰীয়ে সকলোৰে পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল আৰু আপোনজনৰ উৎসাহ আৰু প্ৰেৰণাৰ বলত তেওঁ নিজাকৈ খাদ্যৰ ব্যৱসায় আৰম্ভ কৰিলে।
 
আফছাৰ সামগ্ৰীসমূহ প্ৰাকৃতিক আৰু সংৰক্ষকমুক্ত উপাদানৰ বাবে সুকীয়া আছিল, যিটো আজিৰ প্ৰচেছড খাদ্য উদ্যোগত পাবলৈ খুব কঠিন। মূলতঃ নৱ প্ৰজন্মৰ বাবে খাদ্য যোগান ধৰা উদ্যমী মহিলাগৰাকীৰ উদ্ভাৱন তেওঁৰ কেশৰযুক্ত মৌৰ দৰে অনন্য সৃষ্টিসমূহত স্পষ্ট হৈ পৰে। এই সামগ্ৰীয়ে কেৱল কাশ্মীৰৰ কেশৰৰ চহকী ঐতিহ্যক প্ৰসাৰিত কৰি তোলাই নহয়, প্ৰাকৃতিক মৌবাহৰ সংমিশ্ৰণেৰে ইয়াক এক স্বাস্থ্যকৰ আৰু সুস্বাদু খাদ্যলৈও ৰূপান্তৰিত কৰিছে।
 
নিজৰ খাদ্য-সামগ্ৰীৰ কথা গ্ৰাহকক বুজাই থকা মুহূৰ্তত আফছা
 
এনে উদ্ভাৱনে গ্ৰাহকৰ মাজত তীব্ৰ আগ্ৰহ জগাই তুলে, যাৰ ফলত তেওঁৰ ব্ৰেণ্ডক প্ৰতিযোগিতাৰ পৰা পৃথক কৰি তুলিছে। আফছাৰ ব্যৱসায়ে এক নতুন গতি লাভ কৰিছিল, যেতিয়া জম্মু-কাশ্মীৰৰ সম্ভৱ মহোৎসৱত তেওঁ প্ৰথমবাৰৰ বাবে বাহ্যিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। ইয়াতেই তেওঁ আন সফল ব্যৱসায়ীসকলৰ সৈতে নেটৱৰ্ক গঢ়িছিল আৰু গ্ৰাহকৰ পৰা মূল্যৱান দিহা-পৰামৰ্শ লাভ কৰিছিল। এই সংযোগবোৰে আফছাৰ দীৰ্ঘম্যাদী সফলতাৰ ভেটি গঢ়ি তোলাত সহায় কৰিছিল।
 
ইয়াৰ পিছত তেওঁ তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল যদিও নিজৰ কলাৰ প্ৰতি থকা দায়বদ্ধতাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল।
ঘৰৰ বাহিৰত কাম কৰি আফছাই নিজেই নিজৰ সামগ্ৰী উৎপাদন কৰে যদিও তেওঁৰ উচ্চাকাংক্ষা বহুত ডাঙৰ। তেওঁ নিজৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰাৰ সপোন দেখিছে, য’ত তেওঁ মহিলাৰ এটা দল গঠন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে আফছাই মহিলা সবলীকৰণক উদগণি যোগাব আৰু মহিলাসকলক নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব।
 
উল্লেখ্য যে, এই সাফল্যৰ সহায়ত আফছা জান কাশ্মীৰৰ এগৰাকী অগ্ৰণী মহিলা উদ্যোগী হিচাপে নিজৰ স্থিতি সুদৃঢ় কৰি তুলিছে। কিষাণ মেলাৰ সময়ত তেওঁৰ ষ্টাৰ্টআপ আল ৰিজাক ফুডছ (Al Rizak Foods)ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মীন মন্ত্ৰী পৰশ্বোত্তম ৰূপালাই। আফছাৰ ব্যৱসায়িক যাত্ৰাৰ এই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত আছে ২০২৩ চনৰ সন্মানীয় চেম্পিয়ন ফাৰ্মাৰ বঁটা আৰু ২০২৩ চনৰ এচিভাৰ অৱ দ্য ইয়েৰ বঁটা।
 
খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে কেভিকে শ্ৰীনগৰে (KVK Srinagar) তেওঁক স্বীকৃতি দিয়ে। জম্মু-কাশ্মীৰৰ মুখ্য সচিবৰ উপস্থিতিত তেওঁ আঘাজ ৰাষ্ট্ৰীয় উদ্যোগীকৰণ প্ৰতিযোগিতা বঁটা (Aaghaz National Entrepreneurship Contest Award)ও লাভ কৰিবলৈ সক্ষম হয়।
 
ইয়াৰ উপৰিও আফছাক কৃষি উদ্যোগ বিকাশ চেম্বাৰৰ পৰা উৎকৃষ্টতাৰ বঁটা, আই আই টি দিল্লী আৰু ছেমছাঙৰ পৰা যুৱ উদ্ভাৱক বঁটা, আৰু কৃষি বিকাশ চেম্বাৰৰ পৰা মহিলা উদ্যোগী বঁটা (UDAAN)ৰে সন্মানিত কৰি তেওঁৰ প্ৰেৰণাদায়ক কাম আৰু নিষ্ঠাক স্বীকৃতি দিয়া হৈছে।
 
আফছা জানৰ 'আল-ৰিজাক'ৰ খাদ্য-সামগ্ৰী
 
অৱশ্যে তেওঁৰ এই যাত্ৰা সহজ নাছিল। পঢ়া-শুনাত স্বৰ্ণ পদক বিজয়ী হোৱাৰ পিছতো তেওঁ প্ৰায়ে ব্যৱসায় আৰম্ভ কৰাৰ পৰা নিৰুৎসাহিত হৈছিল। বহুতে আফছাক অনিশ্চিত উদ্যোগীকৰণৰ পথত আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে পঢ়া-শুনা অব্যাহত ৰাখিবলৈ আৰু চাকৰি এটাৰ পিছত লাগিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও তেওঁৰ সন্মুখত আছিল আৰ্থিক বাধা আৰু সম্পদৰ অভাৱ।
 
ইয়াৰ মাজতে আফছাৰ ব্যৱসায়লৈ এটা ডাঙৰ বিপৰ্যয় আহিছিল, যেতিয়া আন এটা কোম্পানীয়ে তেওঁৰ প্ৰডাক্টৰ নাম “Acacia Nuties Delight” কপি কৰিছিল, যিটো মৌ আৰু শুকান ফলৰ মিশ্ৰণ আছিল। কিন্তু তেওঁ ধৈৰ্য্য আৰু সংযম আৰু আত্মবিশ্বাসেৰে এই প্ৰত্যাহ্বান দূৰ কৰিবলৈ সক্ষম হয়।
 
আফছাৰ মূল লক্ষ্য হৈছে নৱ প্ৰজন্মৰ বাবে এক স্বাস্থ্যকৰ খাদ্য পৰিৱেশ সৃষ্টি কৰা, যাতে তেওঁলোকে সংৰক্ষক আৰু ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত খাদ্যৰ সুবিধা লাভ কৰে। গ্ৰাহকৰ প্ৰতি সৎ হৈ থাকিবলৈ আৰু নিজৰ সামগ্ৰীৰ প্ৰামাণ্যতা বজাই ৰাখিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ।
 
উচ্চাকাংক্ষী উদ্যোগীসকলক এটা বাৰ্তা দি আফছাই কয় যে অহৰহ প্ৰতিযোগিতাত আৱদ্ধ হৈ থকাতকৈ নিজৰ আবেগক অনুসৰণ কৰা উচিত। তেওঁ মানুহক নিজৰ প্ৰবৃত্তি আৰু সিদ্ধান্তক বিশ্বাস কৰিবলৈ উৎসাহিত কৰে। লগতে নিজৰ সপোনক খেদি ফুৰিবলৈ কেতিয়াও নিৰুৎসাহিত হ'ব নালাগে। সফলতাত সময় লাগে কিন্তু ইয়াৰ বাবে নিজকে যোগ্য কৰি তুলিব লাগিব।
 
আফছা জানে কেৱল এটা ব্যৱসায় গঢ়ি তোলাই নহয়, তেওঁ স্বাস্থ্যসন্মত, অধিক প্ৰাকৃতিক খাদ্যৰ বাবে এক আন্দোলন গঢ়ি তুলিছে আৰু কাশ্মীৰৰ মহিলাসকলৰ সন্মুখত উদ্ভাৱন আৰু সফলতাৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ মৌ আৰু জামৰ বাহিৰেও ৰোজমেৰী আৰু কাশ্মীৰী কাহৱাৰ দৰে বনৌষধি চাহ উৎপাদনৰ ক্ষেত্ৰতো উদ্যোগ হাতত লৈছে। কাশ্মীৰৰ পৰম্পৰাগত চাহ নিৰ্মাতাসকলৰ সৈতে সহযোগিতা কৰি তেওঁ অঞ্চলটোৰ চহকী চাহ সংস্কৃতিক পুনৰ সজীৱ কৰি তুলিছে।
 
শেষত আফছা জানে কয়, "সফলতা কেৱল নিজৰ লক্ষ্যস্থানত উপনীত হোৱাই নহয়; ই আপোনাৰ আবেগ পূৰণ কৰা আৰু যাত্ৰা পথত অজস্ৰজনক সহায়ৰ হাত আগবঢ়োৱাকো বুজায়।"