স্বামীক হেৰুওৱাৰ পিছত সমাজসেৱাকে জীৱনৰ অংশ কৰি লৈছে নাৰ্গিছ খানে

Story by  atv | Posted by  [email protected] • 2 Months ago
নাৰ্গিছ খান
নাৰ্গিছ খান
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী

যেতিয়া এগৰাকী নাৰীয়ে নিজৰ জীৱন সংগী হেৰুৱাই, তেতিয়া সকলো ৰং তেওঁৰ জীৱনৰ পৰা আঁতৰি যায়। জীৱনৰ প্ৰতি তেওঁৰ কোনো মোহ নাইকীয়া হয় আৰু আমাৰ সমাজে তেওঁক অন্ধকাৰত এৰি দিয়াই নহয় তেওঁৰ অধিকাৰৰ বিষয়েও ক’তো আলোচনা নহয়। সংগী হেৰুওৱা নাৰীগৰাকী যে আৰু মানুহ নহয়। কিন্তু যেতিয়া এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ লগতে আনৰ জীৱনতো ৰং সংযোজন কৰে, তেতিয়া তেওঁক আজিৰ যুগৰ নাৰী বুলি কোৱা হয়।

এয়া হৈছে নাৰ্গিছ খান নামৰ এগৰাকী বিধৱা মহিলাৰ প্ৰেৰণাদায়ী কাহিনী, যি এতিয়া এটা এন জি অ’ পৰিচালক। সমাজৰ ৰক্ষণশীল চিন্তাধাৰাক নেওচি তেওঁ আজি নিজৰ হাতত ধৰি জীৱন যুঁজত আগবাঢ়িছে আৰু নিজৰ লগতে আনৰ অধিকাৰ আৰু কল্যাণৰ বাবে যুঁজ দিছে। 
 
২০০৫ চনত স্বামী ৱালি মহম্মদে পৃথিৱী এৰি থৈ যোৱাৰ পিছত নাৰ্গিছ খান সম্পূৰ্ণৰূপে ভাঙি পৰিছিল যদিও পুত্ৰ দুজনক পোহপাল দিয়া আৰু সিঁহতক আগুৱাই নিয়াৰ দায়িত্ব তেওঁ নিজে গ্ৰহণ কৰিবলগা হৈছিল। তেওঁৰ সন্মুখত তেতিয়া ‘একতা সুধৰ সমিতি’ নামৰ এটা এন জি অ’ আছিল। 
 
 
নাৰ্গিছ খানে আৱাজ দ্য ভইচক জনোৱা মতে, ১৯৯৬ চনত তেওঁ আৰু তেওঁৰ স্বামীয়ে যমুনা নদীৰ সিপাৰে দিল্লীৰ ভজনপুৰাত বসতি স্থাপন কৰিবলৈ আহিছিল, য’ত সেই সময়ত অৱস্থা অতি বেয়া আছিল। যান-বাহনৰ সা-সুবিধা একেবাৰে নাছিল। সেই অঞ্চলটোত তেওঁ একমাত্ৰ মুছলমান আছিল, বাকীসকল আন সম্প্ৰদায়ৰ আছিল।
 
ইয়াৰ পিছতো ঐক্য আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি তেওঁৰ স্বামী ৱালী মহম্মদে ‘একতা সুধৰ সমিতি’ নামৰ বেচৰকাৰী সংস্থাটো আৰম্ভ কৰে আৰু তাত থকা মানুহক সকলো সা-সুবিধা প্ৰদান কৰিবলৈ সেই ঠাইৰ বিধায়কক লগ কৰে। তাৰ পিছত সেই ঠাইখনৰ উন্নতি হয়।

"তাত মানুহে বিশুদ্ধ খোৱাপানী লাভ কৰে, ৰাস্তা-ঘাট নিৰ্মাণ হ’ল, বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰো লগোৱা হ’ল আৰু প্ৰায় এবছৰৰ পৰা দুবছৰৰ ভিতৰতে মোৰ স্বামীয়ে তেওঁৰ এন জি অ’ ‘একতা সুধৰ সমিতি’ৰ বেনাৰত সেই ঠাইৰ মানুহক সকলো মৌলিক সা-সুবিধা যোগান ধৰিলে।"-তেওঁ কয়।
 
 
নাৰ্গিছ খানে কয় যে মোৰ স্বামীৰ লগতে মইও বৃদ্ধসকলৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিলোঁ আৰু আমাৰ এন জি অ’ৰ জৰিয়তে তেওঁলোকক ইমানেই শিকাইছিলো যে তেওঁলোকে নিজৰ চহী নিজে কৰিব পাৰে আৰু লগতে তেওঁলোকক শিক্ষিত কৰিব পাৰে। তেওঁলোকক যাতে কোনেও ঠগিব নোৱাৰে, সেই ক্ষেত্ৰতো সজাগ কৰা হৈছে।
 
নাৰ্গিছ খানে আৱাজ দ্য ভইচক পুনৰ কয়, "২০০৫ চনত যেতিয়া মোৰ স্বামীৰ মৃত্যু হৈছিল তেতিয়া মোৰ বয়স আছিল মাত্ৰ ৪৫ বছৰ। কিন্তু মই তেওঁৰ এন জি অ’টো বন্ধ হ'বলৈ নিদিলোঁ আৰু চলাই থাকিলোঁ। মই সিদ্ধান্ত লৈছিলো যে মোৰ এন জি অ’ৰ জৰিয়তে মানুহক এনে দক্ষতা প্ৰদান কৰিব, যাতে তেওঁলোকে জীৱনত কেতিয়াও কাৰো ওপৰত নিৰ্ভৰশীল নহয় আৰু নিজাববীয়াকৈ জীৱিকা উপাৰ্জন কৰিব পাৰে।"
 
নাৰ্গিছ খান নিজেই চিলাই আৰু এম্ব্ৰইডাৰীৰ বিশেষজ্ঞ। বহু ছোৱালীক তেওঁ এই কলা শিকাইছিল। লগতে কম্পিউটাৰ চেণ্টাৰ মুকলি কৰি ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ পাঠ্যক্ৰম আগবঢ়োৱা হৈছিল।
 
 
ইংৰাজী ভাষা কোৱাৰ পাঠ্যক্ৰম আৰু দিল্লী আৰক্ষীৰ সহযোগত তেওঁলোকক আত্মৰক্ষাৰ ক্লাছো দিয়া হয়। তেওঁ এই ক্লাছবোৰ বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ চলায়। নাৰ্গিছ খান এতিয়া সম্পূৰ্ণৰূপে এন জি অ’ৰ কামত নিমগ্ন হৈ পৰিছে যিয়ে তেওঁক প্ৰতি মুহূৰ্ততে স্বামীৰ লগত থকাৰ অনুভৱ দিয়ে। তেওঁ এতিয়া পাহৰি গৈছে যে তেওঁ এগৰাকী বিধৱা। এন জি অ’টো তেওঁৰ জীৱন সংগী হৈ পৰিছে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু ভাষাত নাৰ্গিছে এমএ ডিগ্ৰী সম্পূৰ্ণ কৰে। 
 
১৯৮০ চনৰ ২৫ মাৰ্চত তেওঁলোকৰ বিবাহ হয়। তেওঁৰ স্বামী ৱালী মহম্মদ কাশ্মীৰৰ আছিল আৰু বিয়াৰ পিছত তেওঁ দিল্লীৰ বাসিন্দা হৈছিল, আনহাতে নাৰ্গিছ হৈছে বিজনুৰৰ।
 
নাৰ্গিছ খানে জনোৱা মতে, ২০০৫ চনৰ ২৭ ছেপ্টেম্বৰত তেওঁৰ স্বামীয়ে শেষ নিশ্বাহ ত্যাগ কৰিছিল। তেওঁ ডাইবেটিছ ৰোগত আক্ৰান্ত আছিল। আনহাতে স্বামীৰ সৈতে কটোৱা মুহূৰ্তবোৰ মনত পেলাই তেওঁ কয় যে আমাৰ গোটেই পৰিয়ালটোৱে আগতে একেলগে খাদ্য খাইছিল। কেতিয়াবা যদি মোৰ স্বামীয়ে দুপৰীয়া ঘৰলৈ আহিব নোৱাৰে, তেতিয়া আমিও খাদ্য খোৱা নাছিলোঁ। নৰ্গিছ খানৰ স্বামী ৱালী মহম্মদে ভাৰতীয় খাদ্য নিগমত কাম কৰিছিল।
 
৬০ বছৰীয়া নাৰ্গিছ খান এতিয়া স্বামীয়ে ভেটি স্থাপন কৰা বেচৰকাৰী সংস্থাটোৰ অধ্যক্ষ। ২০১২ চনত দিল্লী চৰকাৰেও তেওঁৰ বেচৰকাৰী সংস্থা ‘একতা সুধৰ সমিতি’ৰ বাবে এটা ভৱন আবণ্টন দিছিল। ইয়াত নাৰ্গিছ খানে এতিয়াও ল'ৰা-ছোৱালীক পঢ়াই আছে। কেতিয়াবা তেওঁ ষ্টেচনাৰীও বিতৰণ কৰে আৰু সদায় আৰ্তজনৰ পক্ষত থিয় দিয়ে।
 
নাৰ্গিছ খানে কয় যে এদিন হঠাতে দিল্লীৰ ১২৫টা এন জি অ’ৰ ওপৰত যেতিয়া দিল্লী চৰকাৰে এক সমীক্ষা চলাইছিল তেতিয়া তেওঁৰ এন জি অ’টোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছিল আৰু দিল্লী চৰকাৰে তেওঁলোকৰ প্ৰশংসা কৰিছিল।
 
 
নাৰ্গিছ খানে কয় যে শেহতীয়াকৈ তেওঁ কিছুমান যুৱক-যুৱতীক কেয়াৰটেকাৰ প্ৰশিক্ষণ দিবলৈও আৰম্ভ কৰিছে যাতে তেওঁলোকে ভৱিষ্যতে এই ক্ষেত্ৰত চাকৰি লাভ কৰিব পাৰে। এতিয়ালৈকে তেওঁৰ এন জি অ’ৰ জৰিয়তে প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীক ইংৰাজী ভাষা কোৱাৰ পাঠ্যক্ৰম আগবঢ়োৱা হৈছে। কমেও ১০০ টা শিশুক কম্পিউটাৰৰ শিক্ষা দিছে। 
 
সামাজিক কামৰ বাবেও নাৰ্গিছ খানক বিভিন্ন মঞ্চত সম্বৰ্ধনা জনোৱা হয়। মানুহক সজাগ কৰিবলৈ তেওঁ নিয়মিতভাৱে শিবিৰৰো আয়োজন কৰে। এই এন জি অ’ৰ বাবে নাৰ্গিছ খানে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁৰ জীৱন এই এন জি অ’ৰ কাম-কাজৰ মাজতে আৱদ্ধ থাকে। তেওঁৰ দুয়োজন পুত্ৰ এতিয়া ব্যৱসায়ী।
 
উল্লেখ্য যে, সমগ্ৰ বিশ্বতে বিধৱাসকলৰ দুৰ্দশাৰ বিষয়ে সজাগতা সৃষ্টি আৰু তেওঁলোকৰ অধিকাৰ আৰু কল্যাণৰ পোষকতা কৰিবলৈ ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস পালন কৰা হয়।
 
শেষত নাৰ্গিছ খানৰ কথাৰেই এই প্ৰতিবেদন সামৰিব বিচাৰিছোঃ 
 
"সংগ্ৰামেৰে ভৰা জীৱনত মই সাহসেৰে থিয় হৈ আছো,
আৰু এই সংগ্ৰামৰ যুদ্ধত মই নিৰ্ভয়ে আগবাঢ়িছো।"