গুৱাহাটীৰ পেট্ৰ’ল পাম্পত মহিলা সৱলীকৰণৰ সুন্দৰ দৃশ্য

Story by  Munni Begum | Posted by  Munni Begum • 5 d ago
কামাখ্যা এনাৰ্জি পইণ্ট পেট্ৰ'ল পাম্পত কৰ্মৰত মহিলা কৰ্মচাৰী
কামাখ্যা এনাৰ্জি পইণ্ট পেট্ৰ'ল পাম্পত কৰ্মৰত মহিলা কৰ্মচাৰী
 
মুন্নী বেগম / গুৱাহাটী 
 
আমাৰ সমাজত মহিলাসকল প্ৰায়ে শোষিত আৰু বঞ্চিত হৈ অহা বুলি ধাৰণা কৰা হয় যদিও বহু যুৱতী আৰু মহিলাই এতিয়া এই ধাৰণা ভূল প্ৰমাণিত কৰিছে।তাৰে এক উদাহৰণ দেখা গৈছে গুৱাহাটী মহানগৰীৰ একাংশ পেট্ৰ'ল পাম্পত। 
 
কিছু বছৰ আগলৈকে পেট্ৰ'ল পাম্পত আমি কোনো মহিলা কৰ্মচাৰী দেখা নাছিলো যদিও সময়ৰ লগে লগে মহিলাসকলে কৰ্মসংস্থাপনৰ নতুন সুযোগক আকোঁৱালি লৈছে। এতিয়া মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পেট্ৰ'ল পাম্পত মহিলা কৰ্মচাৰীয়ে ৰ'দ-বৰষুণ, প্ৰচণ্ড গৰম অথবা শীতকো নেওচি গ্ৰাহকৰ বাহনত তেল যোগান ধৰা দেখা যায়। এই ক্ষেত্ৰখনত তেওঁলোকে সঠিকভাৱে প্ৰশিক্ষণ লাভ কৰি সুচাৰুৰূপে নিজৰ সেৱা আগবঢ়াইছে আৰু কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। 
 
 
মহানগৰীৰ ভেটাপাৰাস্থিত কামাখ্যা এনাৰ্জি পইণ্ট পেট্ৰ'ল পাম্পত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰী হিয়া মজুমদাৰে আৱাজ-দ্য ভইচ অসমক কয়, "মই বিগত ৪ বছৰৰ পৰাই কামাখ্যা এনাৰ্জি পইণ্ট পেট্ৰ'ল পাম্পত কৰ্মচাৰী হিচাপে কাম কৰি আহিছো। ইয়াত মই আৰু মোৰ স্বামী একেলগে কাম কৰি আছো। মোৰ ডিউটি পুৱা ৬ বজাৰ পৰা দুপৰীয়া ২ বজালৈ থাকে, যদিও কেতিয়াবা দুপৰীয়া ২ বজাৰ পৰা নিশা ৮ তথা ১০ বজালৈও কৰিবলগীয়া হয়। কিন্তু কামৰ সময়ক লৈ মোৰ কোনো ধৰনৰ অসুবিধা হোৱা নাই। কাৰণ আমাৰ ইয়াত মহিলা সুৰক্ষাৰ ওপৰত বহু বেছি গুৰুত্ব দিয়া হয়। মই কেতিয়াও ইয়াত কামৰ সময় কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। ইয়াত কাম কৰি ভালে পাইছো।"  
 
কামৰ কোনো সৰু-বৰ নাই, সকলোৱে সকলো ধৰনৰ কাম কৰিব পাৰে বুলি মন্তব্য কৰি হিয়া মজুমদাৰে কয়, "মই সকলো ছোৱালীকে ক'ব বিচাৰো যে, কোনো কামতে লাজ কৰিব নালাগে। ল'ৰাই কৰিব পাৰিব বা ছোৱালীয়ে কৰিব নোৱাৰে বুলি কোনো কথা নাই আমি সকলোৱে সকলো ধৰনৰ কাম কৰিব পাৰো, কেৱল মাত্ৰ আমাৰ মাজত আত্মবিশ্বাস থাকিব লাগিব। বৰ্তমান সমাজৰ পৰিস্থিত কিছু কিছু ক্ষেত্ৰত বেয়া হৈছে, যদিও সমাজত বেয়া মানুহৰ লগতে বহু ভাল মানুহ আছে।"
 
কামাখ্যা এনাৰ্জি পইণ্ট পেট্ৰ'ল পাম্পৰ আন এগৰাকী মহিলা কৰ্মচাৰী অৰ্পনা ৰয় দাসে কয়, "মই ইয়াত বিগত ২ বছৰৰ পৰা কাম কৰি আহিছো। মই ইয়াত কাম কৰি খুব ভাল পাইছো। ইয়াতে মোৰ লগতে মোৰ স্বামীয়েও কাম কৰি আছে। মই কেতিয়াও ইয়াত কামৰ সময় কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। গ্ৰহকৰ পৰা খুব ভাল সহাৰি লাভ কৰো। আমিও প্ৰতিগৰাকী গ্ৰাহককে অতিথি বুলি বিবেচনা কৰি আমাৰ সেৱা আগবঢ়াই আহিছো।"  
 
পদ্মা এণ্ড চ'নছ নামৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীসকল
 
কামাখ্যা এনাৰ্জি পইণ্ট পেট্ৰ'ল পাম্পৰ এগৰাকী বিষয়া অৰুন কুমাৰ সিঙে কয়, "আজিকালি ছোৱালী বা ল'ৰা বুলি কোনো কথা নাই। সকলোৱে সকলো ধৰনৰ কাম কৰিব পাৰে, কেৱল মাত্ৰ আত্মবিশ্বাসৰ থাকিব লাগিব। কিবা এটা কৰিব লাগিলে তাৰ বাবে ছোৱালীবোৰে নিজেই ওলাই আহিব লাগিব। মই মোৰ পেট্ৰ'ল পাম্পত প্ৰথমে ২ জনী ছোৱালীক সংস্থাপন দিছিলো, তাৰ্পিছত লাহে লাহে ছোৱালীৰ সংখ্যা বাঢ়িল আৰু এতিয়া মোৰ পেট্ৰ'ল পাম্পত মুঠ ১২ জনী ছোৱালীয়ে কাম কৰি আছে।"
 
যুৱতীসকলৰ নিৰাপত্তাৰ বিষয়ে সোধাত অৰুন কুমাৰ সিঙে কয়, "এজনী ছোৱালী কাম কৰিবলৈ আহিলে প্ৰথম কথাটো আহি পৰে তেওঁলোকৰ নিৰাপত্তা। অন্যৰ কথা নাজানো কিন্তু আমাৰ ইয়াত কাম কৰা প্ৰতি গৰাকী ছোৱালীৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি বহু সচেতন। আমাৰ ইয়াত কাম কৰা কোনো ছোৱালীৰ যদি নিশাৰ কাম থাকে আৰু নিশা নিজৰ কৰ্তব্য শেষ কৰি অকলে ঘৰ যাব লগা হয়, তেন্তে আমি তেওঁলোকক ঘৰলৈ থৈ অহাৰ ব্যৱস্থা কৰো।"   
 
ইফালে, মহানগৰীৰ হাতীগাঁওস্থিত ৰাজধানী মছজিদৰ সমীপত থকা পদ্মা এণ্ড চ'নছ নামৰ পেট্ৰ'ল পাম্পটোৱেও লৈছে এক আদৰণীয় পদক্ষেপ, যাৰ বাবে এতিয়া প্ৰতিগৰাকী গ্ৰাহকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পেট্ৰ'ল পাম্পটো। ইয়াত গ্ৰাহকক সেৱা আগবঢ়াই আহিছে দুগৰাকীকৈ বিশেষভাৱে সক্ষম মহিলাই। 
 
পদ্মা এণ্ড চ'নছ নামৰ পেট্ৰ'ল পাম্পৰ বিশেষভাৱে সক্ষম মহিলাকৰ্মচাৰী 
 
পেট্ৰ'ল পাম্পটোৰ এগৰাকী কৰ্মচাৰী পুলক মহন্তই কয়, "আমাৰ ইয়াৰ যুৱকৰ সমানে যুৱতীকো সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ইয়াত মুঠ ৫ গৰাকী যুৱতীয়ে কাম কৰি আছে, ইয়াৰে দুগৰাকী হৈছে বিশেষভাৱে সক্ষম। তেওঁলোক দুয়োগৰাকীয়ে অন্য লোকৰ দৰে সুচাৰুৰূপে কাম কৰি আহিছে। যিহেতু তেওঁলোকে কথা কব নোৱাৰে সেয়েহে তেওঁলোকে গ্ৰাহকৰ সৈতে আকাৰ-ইংগিতত কথাপাতি গ্ৰাহকলৈ নিজৰ সেৱা আগবঢ়াই আহিছে। আমাৰ পাম্পলৈ অহা বহু গ্ৰাহকে আমাৰ এনে পদক্ষেপক সলাগ লৈছে আৰু তেওঁলোকেও যুৱতী দুগৰাকীৰ সৈতে সদয়ভাৱ প্ৰদৰ্শন কৰি কাম কৰাৰ বাবে উৎসাহ প্ৰদৰ্শন কৰি আহিছে।"
 
উল্লেখ্য যে, পদ্মা এণ্ড চ'নছ নামৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীসকলে বিহু, পূজা আদি বিভিন্ন উৎসৱ-পৰ্বনত পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি গ্ৰাহকক পেট্ৰ’ল যোগান ধৰি আহিছে। উৎসৱ-পৰ্বন উপলক্ষে  পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰীয়ে যোগান ধৰা পৰম্পৰাগত সাজ-পোচাক মহিলা কৰ্মচাৰীসকলে পৰিধান নিজৰ সেৱা আগাবঢ়াই আহিছে। 
 
পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰী দলী দাস বৈশ্যই কয়, "মই যোৱা ৫ বছৰৰ পৰাই ইয়াত কাম কৰি আহিছো। মই ইয়াত স্বাধীনভাৱে কাম কৰিব পৰিছো আৰু ইয়াৰ পৰা মোৰ পৰিয়ালৰ ভৰণ-পোষণ দি আহিছো। মই কব বিচাৰো যে, সকলো ছোৱালীয়ে ওলাই আহিব লাগে। কামৰ ক্ষেত্ৰত কোনো ধৰণৰ লাজ কৰা উচিত নহয়।"
 
পদ্মা এণ্ড চ'নছ নামৰ পেট্ৰ'ল পাম্পৰ মহিলাকৰ্মচাৰীসকল
 
উল্লেখ্য যে, একে দৃশ্য মহানগৰীৰ মাজমজিয়াত থকা হাতীগাঁৱৰ পেট্ৰ’ল পাম্প, কাহিলীপাৰাৰ জটিয়া পেট্ৰ’ল পাম্পটো দেখিবলৈ পোৱা যায়। এই পেট্ৰ'ল পাম্পসমূহত বহিঃৰাজ্যৰ লোকৰ পৰিৱৰ্তে অসমীয়া যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰি গ্ৰাহক সেৱা আগবঢ়াই আহিছে। কৰ্তৃপক্ষৰ এনে ব্যতিক্ৰমী পদক্ষেপক সকলোৱে আদৰি লৈছে।