মৌলানা নুৰুল আমিন কাছিমী
আল্লাহৰ নিয়ামত অপৰিসীম। গণনা কৰি শেষ কৰিব নোৱাৰি। যাৰ কথা আল্লাহ তাআলাই নিজেই ঘোষণা কৰিছে—
وَ اِنْ تَعُدُّوْا نِعْمَةَ اللهِ لَا تُحْصُوْهَا اِنَّ اللهَ لَغَفُوْرٌ رَّحِيْمٌ-
যদি তুমি আল্লাহৰ নিয়ামত গণনা কৰিব বিচৰা তেন্তে গণনা কৰি শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। (ছূৰা নাহাল (১৬): ১৮)
গতিকে মূল্যবান সম্পদ গৰাকী হৈ বান্দাৰ কৰ্তব্য হৈছে তাৰ কৃতজ্ঞতা স্বীকাৰ কৰা অৰ্থাৎ কথা আৰু কৰ্মৰ দ্বাৰা শ্বুকৰিয়া আদায় কৰা।
যদি কৃতজ্ঞতা স্বীকাৰৰ দ্বাৰা এই কৰ্তব্য পালন কৰা হয় তেন্তে মহান আল্লাহ তা‘আলাই নিয়ামত তথা সম্পদসমূহ বৃদ্ধি কৰি দিব। আৰু যদি আপুনি নিজৰ কৰ্তব্যক অৱহেলা কৰে তেন্তে তাৰ বাবে কঠোৰ শাস্তি নিৰ্ধাৰিত আছে। অৰ্থাৎ সেই সম্পদ কাঢ়ি লব।
এই ক্ষেত্ৰত আল্লাহে কৈছে :
لَىِٕنْ شَكَرْتُمْ لَاَزِيْدَنَّكُمْ وَ لَىِٕنْ كَفَرْتُمْ اِنَّ عَذَابِيْ لَشَدِيْدٌ.
যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে অৱশ্যে মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু অকৃতজ্ঞ হ’লে নিশ্চয় মোৰ শাস্তি অতি কঠোৰ। (ছূৰা ইব্ৰাহীম (১৪): ০৭)
ঈদৰ সময়ত দুই শিশু
আমাৰ সন্তান আমাৰ বাবে এক মহান নিয়ামত, যি কেৱল সেইজনে যাক আল্লাহে দান কৰে। ইয়াত কাৰো কোনো ক্ষমতা নচলে।
এই ক্ষেত্ৰত আল্লাহ তা’আলাই ঘোষণা কৰিছে,
لِلهِ مُلْكُ السَّمٰوٰتِ وَ الْاَرْضِ يَخْلُقُ مَا يَشَآءُ يَهَبُ لِمَنْ يَّشَآءُ اِنَاثًا وَّ يَهَبُ لِمَنْ يَّشَآءُ الذُّكُوْرَ،اَوْ يُزَوِّجُهُمْ ذُكْرَانًا وَّ اِنَاثًا وَ يَجْعَلُ مَنْ يَّشَآءُ عَقِيْمًا اِنَّهٗ عَلِيْمٌ قَدِيْرٌ.
আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সেয়া সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা পুত্ৰ সন্তান দান কৰে, নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয়কে দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাবান। ( ছুৰা শ্বুৰা , আয়াত ৪৯ , ৫০)
গতিকে হে পিতৃ মাতৃ সকল!
সৰ্বপ্ৰথম সন্তান সৰ্বশক্তিমান আল্লাহৰ বিশেষ নিয়ামত বুলি ভাবি আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। তাৰ পিছত মনত ৰাখিব লাগিব যে তেওঁলোকৰ প্ৰতি কিছু দায়িত্ব আৰু কৰ্তব্য আছে। কিয়ামতৰ দিনা আমাক যাৰ বিষয়ে জবাবদিহি কৰা হ’ব।
এটি দীঘলীয়া হাদীছত নবিজী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে।
এজন পুৰুষ নিজৰ পৰিয়ালৰ মুৰব্বী; তেওঁক পৰিয়ালৰ বিষয়ে সোধা হ’ব। এগৰাকী নাৰী স্বামীৰ ঘৰ আৰু তেওঁৰ সন্তানৰ বাবে দায়বদ্ধ; তেওঁক সেইবোৰৰ বিষয়ে সোধা (জবাবদিহি কৰা) হ’ব। (চুনানে আবু দাউদ, হাদীছ ২৯২৮)
◼️ পিতৃ মাতৃৰ কৰ্তব্য :
পিতৃ মাতৃৰ কৰ্তব্য হ’ল , শিশুৰ সাংসাৰিক আৱশ্যকতাসমূহ যিমান সম্ভৱ পূৰণ কৰা আৰু তেওঁ যেন আখিৰাতত জাহান্নামৰ পৰা মুক্ত হৈ জান্নাত লাভৰ মাধ্যমৰে সৰ্বোচ্চ সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে আপ্ৰাণ চেষ্টা কৰা।
আল্লাহে কৈছে :
يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ
হে ঈমান্দাৰসকল! তোমালোকে নিজক আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল। (ছুৰা আত-তাহৰীম আয়াত ০৬)
শিশুসকলে খেলি থকা মুহূৰ্তত
আজিৰ দিনত বহুতেই শিশুটিৰ অস্থায়ী ভৱিষ্যতৰ সফলতাৰ বাবে চেষ্টা কৰে আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু সিহঁতৰ স্থায়ী সফলতা তথা ডাঙৰ জাহান্নামৰ পৰা মুক্তিৰ পথৰ প্ৰতি আমাৰ প্ৰায় লোক উদাসীন আৰু গুৰুত্বহীন।
◼️ নিজৰ সন্তানক জাহান্নামৰ পৰা ৰক্ষা কৰাৰ উপায় :
পবিত্ৰ ক্বুৰআনত আল্লাহ তা’আলাই জাহান্নামৰ পৰা পৰিত্ৰাণ আৰু জান্নাত লাভ কৰাৰ দুটা মৌলিক উপায় উল্লেখ কৰিছে—
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, সিহঁতেই জান্নাতী, সিহঁতে তাত চিৰস্থায়ী হ’ব। (ছুৰা বাক্বাৰা, আয়াত ৮২)
এনে আৰু বহুতো আয়াত আছে, যত মূলতে জাহান্নামৰ পৰা পৰিত্ৰাণ আৰু জান্নাত লাভৰ ২টা উপায় উল্লেখ কৰা হৈছে –
১। ঈমান – অৰ্থাৎ মুমিন হোৱা।
২। নেক আমল- নেক আমলৰ গৰাকী হোৱা।
গতিকে শিশুটিক জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ হ’লে তাক ঈমান (কুৰআন আৰু হাদীছত উল্লেখিত বিষয়সমূহৰ বিশ্বাসী হোৱা) আৰু নেক আমলৰ দ্বাৰা কুফুৰ, শ্বিৰ্ক আৰু কু-কৰ্ম বৰ্জন কাৰী বনাব লাগিব।
ইছলাম ধৰ্মৰ দৃষ্টিত শিশু বা সন্তানসকল আল্লাহৰ নিয়ামত। সেই বাবেই সৰুৰে পৰা সন্তানক পৰিকল্পিতভাৱে, নিৰ্দিষ্ট লক্ষ্যৰে লালন পালন কৰিব লাগিব আৰু মেহনত কৰিব লাগিব বুলি কুৰআন আৰু হাদীছত কোৱা হৈছে।
অধ্যয়ন কৰি থকা মুহূৰ্তত শিশুসকল
১। সন্তানৰ বাবে প্ৰাৰ্থনা, দুআ কৰা-
শিশুক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত দুআ কৰাটো প্ৰথম কৰণীয়। আল্লাহ তা’আলাই যেন তাক যোগ্য আৰু নেক সন্তান হিচাপে গঢ়ি তোলে।
ক্বুৰআনত এনে বহু দুআ আছে।
▪️ দুআ- ১ : ইব্ৰাহিম আঃ ৰ দুআ –
رَبَّنَا هَبْ لَنَا مِنْ أَزْوَاجِنَا وَذُرِّيَّاتِنَا قُرَّةَ أَعْيُنٍ وَاجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا
‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰে। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’। (ছুৰা ফুৰকান, আয়াত ৭৪)
▪️ দুআ-২: মৰিয়ম (আঃ) ৰ মাকৰ দোআ-
وَإِنِّي أُعِيذُهَا بِكَ وَذُرِّيَّتَهَا مِنَ الشَّيْطَانِ الرَّجِيمِ
মই অভিশপ্ত চয়তানৰ পৰা তাক আৰু তাৰ সন্তানক তোমাৰ আশ্ৰয়ত দিছো। (ছুৰা আলে ইমৰাণ, আয়াত ৩৬)
▪️দুআ-৩ : জাকাৰিয়া (আঃ) ৰ দোআ-
قَالَ رَبِّ اِنِّيْ وَهَنَ الْعَظْمُ مِنِّيْ وَ اشْتَعَلَ الرَّاْسُ شَيْبًا وَّ لَمْ اَكُنْۢ بِدُعَآىِٕكَ رَبِّ شَقِيًّا، وَ اِنِّيْ خِفْتُ الْمَوَالِيَ مِنْ وَّرَآءِيْ وَ كَانَتِ امْرَاَتِيْ عَاقِرًا فَهَبْ لِيْ مِنْ لَّدُنْكَ وَلِيًّا، يَّرِثُنِيْ وَ يَرِثُ مِنْ اٰلِ يَعْقُوْبَ وَ اجْعَلْهُ رَبِّ رَضِيًّا
তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্তিত্ব দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআৰ ফলত মই কেতিয়াও ব্যৰ্থ হোৱা নাই। আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা, যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ। আৰু হে মোৰ ৰব! তাক তুমি সন্তোষভাজন কৰিবা’। (ছুৰা মাৰিয়াম , আয়াত ,৪-৬)
স্কুলীয়া পোছাকত থকা শিশু
▪️দুআ-৪ : ইব্ৰাহিম (আঃ) ৰ দোআ-
رَبِّ هَبْ لِي مِنَ الصَّالِحِينَ
‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’। (ছুৰা, ছাফ্ফাত ,আয়াত ১০০)
رَبِّ اجْعَلْنِي مُقِيمَ الصَّلَاةِ وَمِنْ ذُرِّيَّتِي ۚ رَبَّنَا وَتَقَبَّلْ دُعَاءِ
‘হে মোৰ ৰব! মোক নামাজ প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ ৰব! আৰু মোৰ দুআ কবুল কৰা’। (ছুৰা ইব্ৰাহিম, আয়াত ৪০)
অম্বিয়ায়ে কেৰামে জানিছিল, আল্লাহৰ ওচৰত কি কামনা কৰিব লাগে আৰু কেনেকৈ কামনা কৰিব লাগে। আল্লাহ তা’আলাই তেওঁলোকৰ দোআবোৰ পবিত্ৰ কোৰআনত উল্লেখ কৰিছে মানৱ জাতিক শিকাবলৈ।
২। সুস্থ পৰিবেশ আৰু সঠিক আচৰণ :
জন্মৰ পিছৰ পৰাই পৰিয়ালৰ সদস্যৰ আচৰণৰ পৰা শিশুৱে শিক্ষা লাভ কৰে। এই শিক্ষণ মুখ খোলাৰ আগতেই আৰম্ভ হয়। বহু শিশুৱে আনৰ সন্মুখত নামাজ পঢ়ে, হাত বান্ধে, ৰুকু , ছিজদা কৰে। গতিকে শিশুটিৰ উপযুক্ত লালন-পালনৰ বাবে সুস্থ তথা ধৰ্মীয় পৰিবেশ সুনিশ্চিত কৰিব লাগিব। যাতে সৰু কালৰ পৰাই মিছা কথা, গালি শপনি, বেয়া কথা আদিৰ পৰা বিৰত থাকে আৰু ভাল কামৰ অভ্যাস কৰিব পাৰে।
৩। শিক্ষাৰ প্ৰতি যত্নপৰ হোৱা:
শেহতীয়া অতীতৰ বিখ্যাত পণ্ডিত মৌলানা মহম্মদ মঞ্জুৰ নোমানী (ৰঃ) কৈছিল-
এই পৃথিৱীৰ, এই ক্ষণস্থায়ী জীৱন সন্দৰ্ভত নবীসকলৰ দৃষ্টিভংগী হ’ল-
এই জীৱন মূলত আখিৰাতৰ অনন্ত জীৱনৰ প্ৰস্তুতি। এই মতৰ স্বাভাৱিক আৰু অত্যাৱশ্যকীয় দাবী যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিষয়টো হ’ল আখিৰাতত সফলতা লাভ কৰা।
মোবাইল চাই থকা মুহূৰ্তত এটা শিশু
সেয়ে আল্লাহৰ ৰাছুল (ছাঃ) এ প্ৰতিজন অভিভাৱকৰ বাবে নিজৰ সন্তানৰ অধিকাৰ দৃঢ়তাৰে নিৰ্ধাৰণ কৰি দিছে, যাতে আৰম্ভণিৰ পৰাই তেওঁ নিজৰ দ্বীনী শিক্ষা আৰু উপযুক্ত লালন-পালনৰ বিষয়ে চিন্তা কৰে। আৰু যদি কোনোবাই এই ক্ষেত্ৰত অৱহেলা কৰে তেন্তে নিশ্চয় সি দোষী হ’ব। (মা’আৰিফুল হাদীছ ৩/২৭৪)
গতিকে শিশুটিক সৰ্বপ্ৰথম, আল্লাহৰ নাম আৰু কলিমা শিকাব লাগে। তাৰ পিছত (সময়োপযোগী শিক্ষাৰ লগতে) ক্ৰমান্বয়ে বিভিন্ন জিকিৰ, মচনুন দুয়া আৰু ইছলামিক আচাৰ-ব্যৱহাৰ শিকোৱা উচিত।
নবীজীৰ আমল চাওক –
উমৰ ইবনে আবি চালামা (ৰাঃ) এ ক’লে, মোক সৰু কালত নবী ছাঃ এ ডাঙৰ-দীঘল কৰিছিল। এবাৰ খাই থাকোঁতে মই পাত্ৰৰ চাৰিকোণৰ পৰা খাই আছিলো। তেতিয়া নবী (ছঃ) এ মোক ক’লে-
يَا غُلَامُ، سَمِّ اللهَ، وَكُلْ بِيَمِينِكَ، وَكُلْ مِمَّا يَلِيكَ.
‘হে সন্তান! বিছমিল্লাহ কোৱা, সোঁহাতেৰে খোৱা আৰু কাষৰ পৰা খোৱা।’ (ছহীহ মুছলিম, হাদীছ ২০২২)
এইদৰে শিশুটিক সৰুৰে পৰাই ছুন্নত (উত্তম পন্থা), আচাৰ-ব্যৱহাৰ আদি শিকাব লাগে।
৪। অশুভ শিক্ষা আৰু কু-অভ্যাসৰ পৰা দূৰত-
অৰ্থাৎ শিশুটিয়ে যাতে আমাৰ পৰা কোনো অশুভ শিকিব নোৱাৰে। সাৱধানতাৰ অভাৱত শিশুৱে প্ৰায়ে, নিজৰ পৰিয়ালৰ পৰা, আনকি অভিভাৱকৰ পৰাই বিভিন্ন কু-সংস্কাৰ, কু-স্বভাৱ, অশুভ আচৰণ শিকি লয়। এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সাৱধানতা অৱলম্বন কৰিব লাগিব। যত নিম্নলিখিত দিশকেইটা অতিকৈ গুৰুত্বপূৰ্ণ –
ক) মহাবিপদ মবাইল –
বহু সময়ত শিশুটিক বিৰক্তিৰ পৰা হাত সাৰিবলৈ বা চুপ কৰিবলৈ বিভিন্ন ডিভাইচ বিশেষকৈ স্মাৰ্টফোন হাতত তুলি দিয়া হয়। কিন্তু তেতিয়া অলপো চিন্তা কৰে নে, যে কম সময়ৰ বিৰক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ মই কলিজাৰ টুকুৰাৰ হাতত এনে এটা জুইৰ টুকুৰা উঠাই দি আছে, যাৰ দ্বাৰা ইমান, আমল, আখলাক আদি – এক কথাত জীৱনৰ সকলো ক্ৰমান্বয়ে ধ্বংসৰ পথলৈ গতি কৰিব।
প্ৰতিনিধিত্বমূলক ছবি
আল্লাহ ৰক্ষা কৰক আমাক!
বিষয়টো সমাজত ব্যাপক হাৰত বৃদ্ধি পোৱাৰ বাবে আমাৰ বাবে অভিভাৱকৰ বাবে আজিৰ দিনত সাধাৰণ হৈ পৰিছে। আমি ভাবো, শিশুটিক ব্যস্ত ৰাখিবলৈ অলপ সময় মবাইল দি ৰাখিলে কিনো ক্ষতি হৈ যাব। কিন্তু গভীৰভাৱে ভাবি চালে ইয়াৰ ভয়াবহ পৰিনাম, নিশ্চয় আমি অতি সহজে উপলব্ধি কৰিব পাৰিম।
মবাইলৰ পৰা শিশুক দূৰত ৰখাৰ কাৰ্যকৰী কাম হ’ল- শিশুটিক যথাযথভাৱে সময় দিয়া। তাক মনোৰঞ্জন আৰু ফূৰ্তিৰ বা সৰ্বোত্তম উপায় বিচাৰি উলিওৱা। আৰু চেষ্টা কৰিলে নিশ্চয় বিভিন্ন উপায় ওলাব।
(লেখক এগৰাকী ইছলামিক পণ্ডিত তথা তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)