ডাঃ ৱালিউল ইছলাম আৰু সংগীতা দত্তসহ ৫ জনৰ বিৰুদ্ধে চার্জফ্ৰেম

Story by  atv | Posted by  [email protected] • 3 Months ago
ডাঃ ৱালিউল ইছলাম আৰু সংগীতা দত্ত
ডাঃ ৱালিউল ইছলাম আৰু সংগীতা দত্ত
 
গুৱাহাটী
 
তোলনীয়া সন্তানক অকথ্য শাৰীৰিক নির্যাতন চলোৱা গোচৰত আইনে নিজৰ পথ লৈছে। অৱশেষত কামৰূপ (মহানগৰ) জিলাৰ পকছ' আদালতে তোলনীয়া সন্তানক অকথ্য নির্যাতনৰ গোচৰত চিকিৎসক দম্পতী ৱালিউল ইছলাম আৰু সংগীতা দত্তসহ ৫ জনৰ ওপৰত অভিযোগ আৰোপ (চাৰ্জফ্রেম) কৰে।
 
ৱালিউল ইছলামৰ বিৰুদ্ধে পকছ' আইনৰ ৬ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ এ বি ধাৰা আৰোপ কৰা হৈছে। একেদৰে সংগীতা দত্তৰ বিৰুদ্ধে পকছ' আইনৰ ৬ নং ধাৰা আৰোপৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ৩২৬এ, ৩৭৬ এ বি ধাৰা আৰোপ কৰা হৈছে। আনহাতে গোচৰত নাম সাঙোৰ খাই থকা লক্ষী ৰয় আৰু কাব্যা কামেংলা নংৰাম আৰু উৎপলা বসুৰ বিৰুদ্ধে আদালতে কেইবাটাও ধাৰাত অভিযোগ আৰোপ কৰে।
 
জানিব পৰামতে তোেলনীয়া সন্তানক অকথ্য নির্যাতন চলোৱা গোচৰত যি ধাৰা আৰোপ কৰা হৈছে, সেই গোচৰত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ বিধান আছে। ইপিনে কেইদিনমান পূর্বে এই চাৰ্জফ্ৰেমৰ ঘটনাৰ মাজতে অসুস্থ হৈ পৰিল ডাঃ বালিউল ইছলাম। বুকুৰ বিষত ভোগা ইছলামক লগে লগে জি এম চি এইচত ভর্তি কৰোৱা হয়।