ভাৰতত হ্ৰাস হৈছে বাল্যবিবাহৰ সংখ্যা: NCPCR

Story by  atv | Posted by  [email protected] • 8 d ago
ভাৰতত হ্ৰাস হৈছে বাল্যবিবাহৰ সংখ্যা: NCPCR
ভাৰতত হ্ৰাস হৈছে বাল্যবিবাহৰ সংখ্যা: NCPCR
 
নতুন দিল্লী
 
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ভাৰতত বাল্যবিবাহ ৰোধ কৰাৰ সন্দৰ্ভত ২০২৩-২৪ বৰ্ষৰ এক বিশদ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে।
 
বিগত তিনি বছৰে এন চি পি চি আৰয়ে বাল্যবিবাহ বন্ধ কৰাত গুৰুত্ব আৰোপ কৰি প্ৰতিৰোধৰ কৌশলৰ বিষয়ে আলোচনা কৰিবলৈ বৈঠক অনুষ্ঠিত কৰি আহিছে। ফলস্বৰূপে বাল্যবিবাহৰ ঘটনা সংঘটিত হৈছে যদিও পূৰ্বতকৈ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।
 
শিশু অধিকাৰ সুৰক্ষা আয়োগ আইন, ২০০৫ৰ অধীনত নিজৰ দায়িত্বৰ সৈতে সংগতি ৰাখি এনচিপিচিআৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মূল প্ৰতিনিধিৰ সৈতে এমাহৰ ভিতৰত ধাৰাবাহিকভাৱে ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। এই সভাসমূহৰ লক্ষ্য আছিল বাল্য বিবাহ নিষেধাজ্ঞা আইন, ২০০৬ অনুসৰি বাল্যবিবাহ ৰোধ কৰা, আৰু শিশু কল্যাণ নীতি সৃষ্টি আৰু কাৰ্যকৰী কৰাত সহায় কৰা।
 
প্ৰতিবেদনত ২৭খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৯৬খন জিলাৰ তথ্য সন্নিবিষ্ট কৰা হৈছে।
 
এনচিপিচিআৰে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (পিঅ’চিএছঅ’) আইন, ২০১২, কিশোৰ ন্যায় আইন, ২০১৫, আৰু মুক্ত আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ (আৰটিই) আইন, ২০০৯কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ আইন ৰূপায়ণৰ ওপৰতো নিৰীক্ষণ কৰে।
 
২০০৭ চনত স্থাপিত এন চি পি চি আৰ হৈছে শিশুৰ অধিকাৰ সুৰক্ষিত কৰা আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অধীনত কাম কৰা চৰকাৰী সংস্থা। ই নিশ্চিত কৰে যে ভাৰতীয় সংবিধান আৰু ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ সন্ধিত সংজ্ঞায়িত কৰা শিশুৰ অধিকাৰৰ সৈতে আইন আৰু নীতিসমূহ মিল খায়। এনচিপিচিআৰে শিশুৰ অধিকাৰ কিমান ভালদৰে সুৰক্ষিত হয় সেই বিষয়েও পৰ্যালোচনা কৰে আৰু উন্নতিৰ পৰামৰ্শ দিয়ে, বছৰি কেন্দ্ৰীয় চৰকাৰক ইয়াৰ ফলপ্ৰসূতাৰ প্ৰতিবেদন দিয়ে।