নতুন দিল্লী
২০১৬ চনৰপৰা ২০২২ চনলৈ দেশৰ ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশ, বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত সৰ্বাধিক শিশু সৰবৰাহৰ ঘটনা সংঘটিত হৈছে। শেহতীয়া প্ৰতিবেদনত লগতে প্রকাশ হোৱা মতে, ক'ভিডৰ পূৰ্বৰ সময়তকৈ এই মহামাৰীৰ পাছৰ সময়লৈ দেশৰ ৰাজধানীত শিশুৰ অবৈধ সৰবৰাহ ৬৮ শতাংশ বৃদ্ধি পাইছে।
ন'বেল বঁটা বিজয়ী কৈলাস সত্যার্থী নেতৃত্বাধীন কৈলাস সত্যার্থী চিল্ড্রেনছ ফাউণ্ডেচন আৰু গেমছ ২৪x৭-এ চলোৱা এটা যুটীয়া সমীক্ষাত এই কথা পোহৰলৈ আহিছে। বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আজি প্ৰকাশ কৰা ‘ভাৰতত শিশু সৰবৰাহ' শীর্ষক প্রতিবেদনখনত লগতে প্রকাশ যে এইক্ষেত্ৰত দেশৰ হটস্পটৰূপে বিবেচিত হৈছে জয়পুৰ।
ভাৰতৰ ২১ খন ৰাজ্যৰ ২৬২খন জিলাত চলোৱা এই সমীক্ষাত ১৮ বছৰৰ তলৰ কমেও ১৩,৫৪৯টি শিশু স্বেচ্ছাসেৱী সংস্থা দুটাই উদ্ধাৰ কৰে। এইসকল শিশুৰ ১৩- ১৮ বয়স গোটৰ ৮০ শতাংশ শিশু হোৱাৰ বিপৰীতে ৯-১২ বছৰৰ ১৩ শতাংশ শিশু আছে।
উল্লেখযোগ্য যে, এইসকলৰ ১৫.৬ শতাংশই হোটেল-ধাবাত কৰ্মৰত। একেদৰে অট'ম'বাইল ক্ষেত্ৰত ১৩ শতাংশ আৰু বস্ত্ৰ উদ্যোগত ১১.১৮ শতাংশ শিশু জড়িত।