ঋতুস্ৰাৱক লৈ ডাঃ ছানিয়া ছিদ্দিকিৰ টেগলাইনঃ 'মাহেকীয়া আমাৰ লজ্জা নহয়; ই আমাৰ সক্ষমতা'

Story by  atv | Posted by  Munni Begum • 1 Years ago
পাহাৰীয়া অঞ্চলৰ মহিলাৰ সৈতে হামজোলি ফাউণ্ডেশ্যনৰ  প্ৰতিষ্ঠাপক ডাঃ ছানিয়া ছিদ্দিকি (বাওঁফালৰ পৰা তৃতীয় স্থানত)
পাহাৰীয়া অঞ্চলৰ মহিলাৰ সৈতে হামজোলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ডাঃ ছানিয়া ছিদ্দিকি (বাওঁফালৰ পৰা তৃতীয় স্থানত)
 
শ্বাহ তাজ খান/পুনে
 
আন গ্ৰাহকে দোকান এৰি যোৱালৈ অপেক্ষা নকৰাকৈ আজি যদি এজন ফাৰ্মাচিষ্টক এগৰাকী যুৱতী বা মহিলাই চেনিটাৰী টাৱেল বা পেডৰ পেকেট বিচাৰিব পাৰে। তেন্তে এয়া সম্ভৱ হৈছে ঋতুস্ৰাৱক লৈ সমাজত থকা লাজ সমাপ্ত কৰিবলৈ এই বিষয়ে ধাৰাবাহিকভাৱে সজাগতা বিয়পাই থকা একাংশ সক্ৰিয় কৰ্মীৰ বাবে। 
 
মহাৰাষ্ট্ৰৰ পুনেৰ ডাঃ ছানিয়া ছিদ্দিকি এনে এগৰাকী সক্ৰিয় সমাজকৰ্মী। তেওঁ কয়, "মোৰ ক্লিনিকলৈ অহা বেছিভাগ মহিলাই তেওঁলোকৰ ছোৱালীৰ স্বাস্থ্যৰ বিষয়ে বিভিন্ন চিন্তা আৰু উদ্বেগ প্ৰকাশ কৰে। এই চিন্তিত মাতৃসকলে ঋতুস্ৰাৱৰ প্ৰাথমিক তাৎপৰ্য বুজি নাপায়, কিয়নো তেওঁলোকৰ ১২-১৩ বছৰীয়া ছোৱালীয়ে যৌৱনপ্ৰাপ্তিৰ কাষ চাপিছে।"
 
ডাঃ ছিদ্দিকিয়ে কয়, “এটা সময়ত মই বুজি উঠিলোঁ যে ঋতুস্ৰাৱৰ কথা মুকলিকৈ কোৱাৰ প্ৰয়োজনীয়য়তা আহি পৰিছে।  তেওঁ মহিলাসকলৰ হৈ মাত মতাৰ সিদ্ধান্ত ল'লে আৰু "মাহেকীয়া আমাৰ লজ্জা নহয়, ই আমাৰ সক্ষমতা" নামেৰে এক শ্লোগান আৰম্ভ কৰে।
 
পুনে পৌৰ নিগমৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত ডাঃ ছানিয়া ছিদ্দিকীয়ে ভাষণ দি থকা এক মূহুৰ্ত
 
এই শ্লোগানেৰে ঋতুস্ৰাৱৰ প্ৰতি সজাগতা অভিযানক আন্দোলনলৈ ৰূপান্তৰিত কৰা ডাঃ ছানিয়া ছিদ্দিকী আজি সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এক পৰিচিত নাম। তেওঁ কয় যে ঋতুস্ৰাৱক কেৱল ‘মহিলা’ৰ বিষয় বুলি ল’ব নালাগে, কিন্তু ইয়াক ‘মানৱ’ বিষয় হিচাপে চাব লাগে আৰু সেয়েহে এই বিষয়ত দুয়োটা লিংগকে সংবেদনশীল কৰি তোলাৰ প্ৰয়োজন।
 
এই চিন্তাই তেওঁক ২০১৮ চনত সমাজৰ সকলো শ্ৰেণীৰ কণমানি ছোৱালী, মহিলাৰ ঋতুস্ৰাৱৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থা 'হামজোলি ফাউণ্ডেশ্যন' স্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। “মই এগৰাকী মহিলাৰ শৰীৰত এই জৈৱিক প্ৰক্ৰিয়া আৰু ই কেনেকৈ স্বাভাৱিক সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবে কাম কৰি আছো।”
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ ছানিয়া ছিদ্দিকিয়ে কয় যে এই বিষয়টো ইমান দিনে লজ্জাৰ আৱৰণৰ তলত ৰখা হৈছে আৰু ইয়াৰ বিষয়ে আমাৰ মাতৃসকলেও নিজৰ কন্যা সন্তানৰ সৈতে কথা পাতিবলৈ কুণ্ঠাবোধ কৰে। মাকে নিজৰ ছোৱালীক এই কথা-বতৰাবোৰ আকাৰে-ইংগিতে বুজোৱাৰ চেষ্টা কৰে।
 
ল'ৰাৰ বিদ্যালয়ত অনুষ্ঠিত অধিবেশনত ছাত্ৰৰ সৈতে ডাঃ ছানিয়া ছিদ্দিকী
 
হামজোলি ফাউণ্ডেচনে পেছাদাৰী অতিথি বক্তাৰ সৈতে ঋতুস্ৰাৱ আৰু মহিলাৰ স্বাস্থ্য সম্পৰ্কে আলোচনা চক্ৰৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। অতি সোনকালেই এই অভিযানে বহুতো একে চিন্তাৰ লোক আৰু সংগঠনৰ পৰা সমৰ্থন লাভ কৰে। এতিয়ালৈকে ডাঃ ছিদ্দিকীয়ে ভাৰতৰ ১০খনতকৈও অধিক চহৰত অভিযানৰ আয়োজন কৰিছে আৰু এই চহৰসমূহত প্ৰায় ৪০০ সজাগতা অধিৱেশনত ভাষণ দিছে। এই অধিবেশনসমূহত ডাঃ ছিদ্দিকিয়ে মহিলাসকলক ঋতুস্ৰাৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে মৌলিক তথ্য প্ৰদান কৰে।
 
উল্লেখ্য যে, ঋতুস্ৰাৱ মহিলাৰ প্ৰজনন স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ঋতুস্ৰাৱ হোৱা মহিলাইহে স্বাভাৱিকতে সন্তান জন্ম দিব পাৰে আৰু তথাপিও আমাৰ সমাজত ইয়াৰ ওপৰত আলোচনা কৰাটো ‘লাজ’ৰ বিষয় বুলি গণ্য কৰা হয়। তেওঁ কয় যে লাখ লাখ ছোৱালীয়ে শৈশৱৰ মাজেৰে পাৰ হৈ কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ যৌৱনকালত প্ৰৱেশ কৰে। মাক বা ডাঙৰ ভনীয়েকে প্ৰথম মাহেকীয়া হোৱাৰ সময়তহে যুৱতী এগৰাকীৰ আগত ঋতুস্ৰাৱৰ বিষয়ে কথা কয়।
 
ডাঃ ছানিয়াই কয় যে আমি যেতিয়া ছোৱালীৰ লগত কথা পাতো, তেতিয়া আমি প্ৰায়ে দেখিবলৈ পাওঁ যে তেওঁলোকে সেই সময়ত নিৰীহ আৰু সৰু ছোৱালীবোৰে সন্মুখীন হোৱা ভয় আৰু দুখৰ প্ৰথম অভিজ্ঞতা পাহৰা নাই। ই তেওঁলোকৰ মনোজগতত গভীৰ চিন ৰাখিছে আৰু আৱেগিকভাৱে বিচলিত কৰিছে।
 
দ্য উইমেন অৱ ইনফ্লুয়েন্স বঁটা লাভ কৰিছে ডাঃ ছানিয়া ছিদ্দিকীয়ে (সোঁফালে)
 
তেওঁৰ মতে যদি ছোৱালীক সময়মতে মৌলিক তথ্য প্ৰদান কৰা হয়, তেন্তে তেওঁলোকে ঋতুস্ৰাৱৰ স্বাভাৱিক প্ৰক্ৰিয়াটো বুজিবলৈ সহজ হ’ব, আৰু ইয়াৰ সৈতে সহজে মোকাবিলা কৰিব পাৰিব। ডাঃ ছানিয়া ছিদ্দিকিয়ে কয় যে আমি মানুহক ঋতুস্ৰাৱ আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে তথ্য দিওঁ। আমি এই সন্দৰ্ভত মহিলাৰ লগতে পুৰুষকো মৌলিক তথ্য প্ৰদান কৰাৰ প্ৰয়াস কৰোঁ। মানুহে এতিয়াও মুকলিকৈ কথা পাতিবলৈ দ্বিধাবোধ কৰে কিন্তু এতিয়া কথাবোৰ সলনি হৈছে।
 
তেওঁ আঙুলিয়াই দিয়ে যে কেৱল চেনিটেৰী পেডৰ ব্যৱহাৰক প্ৰচাৰ কৰাটোৱেই যথেষ্ট নহয়। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অৰ্থ কেৱল চেনিটেৰী নেপকিন ব্যৱহাৰ কৰা নহয়। উপযুক্ত কাপোৰ পিন্ধা, মাজে মাজে চেনিটেৰী পেড সলনি কৰা, চাবোনেৰে ভালদৰে হাত ধোৱা, ব্যৱহৃত চেনিটেৰী নেপকিনখন কাগজত মেৰিয়াই লোৱা আদিৰ কথাও তেওঁ উল্লেখ কৰে। 
 
“বেছিভাগ মহিলাই মাহেকীয়াৰ সময়ত গা ধোৱাটো এৰি দিয়ে। এই সময়ত তেওঁলোকে নিজৰ শৰীৰটো স্বাভাৱিক দিনতকৈ অধিক পৰিষ্কাৰ কৰি ৰখাৰ প্ৰয়োজন। যুগ যুগ ধৰি চলি অহা গা নোধোৱাৰ পৰম্পৰা ভংগ কৰাটো অতি কঠিন। আমি যেতিয়া স্কুললৈ গৈ ছোৱালীবোৰৰ লগত কথা পাতো, তেতিয়া তেওঁলোকৰ মাককো লগ কৰো। কাৰণ আমি বিশ্বাস কৰোঁ যে আঁচল পৰিৱৰ্তন ঘৰৰ ভিতৰৰ পৰাই হয়।"  ডাঃ ছানিয়াই কয়।
 
হামজোলি ফাউণ্ডেচনৰ ঋতুস্ৰাৱৰ অধিবেশনত ডাঃ ছানিয়া ছিদ্দিকী
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ঘৰত মুকলি আলোচনাৰ অভাৱৰ বাবে বেছিভাগ ছোৱালীয়ে মাহেকীয়াৰ বাবে মানসিকভাৱে প্ৰস্তুত নহয়। এনে পৰিবেশত তেওঁলোকে এই সময়ছোৱাত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে কাকো নকয়। ডাঃ ছিদ্দিকিয়ে কয় যে যৌৱনকালৰ প্ৰাৰম্ভিক বছৰবোৰত ছোৱালীয়ে সন্মুখীন হোৱা স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসা কেৱল চিকিৎসকৰ পৰামৰ্শৰ দ্বাৰা সহজেই কৰিব পৰা যায়।
 
"আমি মানুহক কেৱল মৌখিক তথ্য দিয়াই নহয়, তিনিৰ পৰা ছমাহ ব্যৱহাৰ কৰিব পৰা চেনিটেৰী পেড, আণ্ডাৰৱেৰ, চাবোন আদিৰ দৰে অত্যাৱশ্যকীয় বস্তু থকা কিট এটাও দিও। তেওঁলোকক উৰ্দু, হিন্দী আৰু হিন্দী ভাষাত এখন পুস্তিকাও দিয়া হয়, ইয়াত প্ৰয়োজনীয় তথ্যসমূহ গল্পৰ ৰূপত লিখা থাকে," ডাঃ ছিদ্দিকীয়ে কয়।
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত ডাঃ ছানিয়াই পুনৰ কয়, "আমি তেওঁলোকক চেনিটেৰী নেপকিন কেনেকৈ চাফাকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ কৌশল শিকাও আৰু এতিয়া বিদ্যালয়তো ছোৱালীসকলক চেনিটেৰী নেপকিন যোগান ধৰা হৈছে। এয়া এক ইতিবাচক পদক্ষেপ।"
 
ভাৰতীয় ৰেকৰ্ড বুকত হামজোলি ফাউণ্ডেচন
 
অৱশ্যে তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে সকলো প্ৰচেষ্টা সত্ত্বেও পৰিসংখ্যা অনুসৰি ভাৰতৰ মাত্ৰ ১২ শতাংশ মহিলাইহে চেনিটেৰী পেড, টেম্পন, ঋতুস্ৰাৱৰ কাপ ইত্যাদি ব্যৱহাৰ কৰি আছে। ডাঃ ছানিয়া ছিদ্দিকীৰ মতে, তেওঁ মহিলা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমো আৰম্ভ কৰিছে, য’ত স্কুলৰ শিক্ষক, কলেজীয়া ছাত্ৰ-ছাত্ৰী, আৰু আনসকলে আগ্ৰহ প্ৰকাশ কৰিছে। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত সজাগতা সৃষ্টি আৰু বিয়পোৱাৰ বাবে বৃহৎ সংখ্যক লোক হামজোলি ফাউণ্ডেশ্যনৰ দৰে সংগঠনৰ সৈতে জড়িত হৈ পৰিছে।
 
ডাঃ ছানিয়া ছিদ্দিকীয়ে আশা প্ৰকাশ কৰে যে তেওঁৰ দৰে সংগঠনে মানুহক সজাগ কৰি তুলিব পাৰে, কিন্তু সেই পাঁচ দিনত মহিলাসকলে নিশ্চিন্ত হৈ থাকিব পৰাকৈ সুবিধা প্ৰদান কৰাটো চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব।
 
তেওঁ কয় যে বিদ্যালয়ত শৌচাগাৰ, পৰ্যাপ্ত পানী, ডাষ্টবিন আদিৰ দৰে মৌলিক সুবিধা নথকাৰ বাবে প্ৰতিমাহে বহু ছোৱালী স্কুলত অনুপস্থিত থাকে আৰু লগতে বহু ছোৱালীয়ে স্কুল এৰি দিয়ে। ডাঃ ছানিয়া ছিদ্দিকীয়ে চৰকাৰ আৰু বিদ্যালয় প্ৰশাসনক এই দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পিছত নহয়, ছোৱালী যৌৱনপ্ৰাপ্ত হোৱাৰ আগতেই ঋতুস্ৰাৱৰ বিষয়ে তথ্য প্ৰদান কৰাটো জৰুৰী বুলিও তেওঁ উল্লেখ কৰে।
 
বেটি বাচাও, বেটি পঢ়াও বঁটা লাভ কৰিছে ড° ছানিয়া ছিদ্দিকীয়ে
 
ডাঃ ছিদ্দিকিয়ে কণমানি ছোৱালীৰ বাবে হিন্দী আৰু উৰ্দু ভাষাত শিক্ষামূলক গ্ৰন্থও ৰচনা কৰিছে। তেওঁৰ গ্ৰন্থসমূহে ঋতুস্ৰাৱৰ সকলো দিশ সহজ আৰু আমোদজনক ধৰণেৰে বুজাই দিছে। ভাৰতীয় সেনাৰ শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছে নিজৰ ‘মিছন সদ্ভাৱনা’ৰ অধীনত কণমানি ছোৱালীৰ মাজত ডাঃ ছিদ্দিকীৰ উৰ্দু ভাষাৰ গ্ৰন্থ বিতৰণৰ বাবে নিৰ্বাচিত কৰিছে। বহু বিদ্যালয়েও এই গ্ৰন্থখন ব্যৱহাৰ কৰি নিজৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আছে।