'শ্বি ইজ–উইমেন ইন কেমিষ্ট্ৰী' শীৰ্ষক গ্ৰন্থখনৰ বেটুপাত; দ্বিতীয় ছবিত অধ্যাপিকা ড০ ফাতিমা জালিদ
শ্বিৰীন বানো / শ্ৰীনগৰ
নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) শ্ৰীনগৰৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ফাতিমা জালিদৰ কথা নতুনকৈ উন্মোচন কৰা গ্ৰন্থ "শ্বি ইজ–উইমেন ইন কেমিষ্ট্ৰী" (She Is – Women in Chemistry)ত স্থান দিয়া হৈছে।
ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা (পি এছ এ) আৰু ব্ৰিটেইনৰ ৰয়েল ছ’চাইটি অৱ কেমিষ্ট্ৰী (আৰ এছ চি)ৰ সৈতে অংশীদাৰিত্বৰে বিয়ণ্ড ব্লেক (Beyond Black) নামৰ প্ৰকাশন গোষ্ঠীটোৱে এই গ্ৰন্থখন প্ৰকাশ কৰিছে। ৬ ফেব্ৰুৱাৰীত ভূপালৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (IISER)ত গ্ৰন্থখন উন্মোচন কৰা হয়।
“She Is―Women in Chemistry হৈছে 'She Is' ছিৰিজৰ চতুৰ্থখন গ্ৰন্থ। গ্ৰন্থখন ভাৰতৰ ৭৫ গৰাকী মহিলাৰ বাস্তৱ জীৱনৰ কাহিনীৰ সংকলন, যিয়ে ৰসায়ন বিজ্ঞান আৰু ইয়াৰ সহযোগী ক্ষেত্ৰসমূহত আৱিষ্কাৰ আৰু উদ্ভাৱন কৰি আছে।
গ্ৰন্থখনৰ লেখিকা এলছা মেৰী ডি’চিলভা আৰু সুপ্ৰীত কে সিঙ (Elsa Marie D'Silva and Supreet K Singh)ৰ বৰ্ণনা অনুসৰি “এই মহিলাসকলৰ বহুতেই ভাৰতৰ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰৰ, য’ত সুযোগৰ সুবিধা সীমিত। তেওঁলোকে বহু কষ্ট সহ্য কৰিছে, প্ৰত্যাহ্বান জয় কৰিছে আৰু অদম্য দৃঢ়তা, অধ্যৱসায় আৰু মনোনিৱেশৰ জৰিয়তে উৎকৃষ্ট হ’বলৈ সক্ষম হৈছে।”
লেখকদ্বয়ে কয়, “এই কিতাপখনৰ জৰিয়তে আমি তেওঁলোকৰ অৱদানক উজ্জ্বল কৰি তুলিবলৈ বিচাৰিছো, তেওঁলোকৰ কামক প্ৰসাৰিত কৰিব বিচাৰো আৰু তেওঁলোকৰ নেতৃত্ব দক্ষতাক সকলোৰে সন্মুখত তুলি ধৰিব বিচাৰো। আমি বিশ্বাস কৰোঁ যে বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলৰ এই নেতৃত্বৰ কাহিনীবোৰে আশাৰ সঞ্চাৰ কৰে; যদি তেওঁ কৰিব পাৰে, আনসকলেও নিশ্চয় কৰিব পাৰে! অন্বেষণ, প্ৰত্যাহ্বান, উদ্ভাৱন আৰু সৃষ্টি কৰিব বিচৰা যুৱ উদীয়মান মনবোৰৰ বাবে এইবোৰ এক মানৱ নিৰীক্ষণ কেন্দ্ৰ।”
এন আই টি শ্ৰীনগৰৰ সতীৰ্থ অধ্যাপকসকলে ড° ফাতিমা জালিদক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত
উল্লেখ্য যে, গ্ৰন্থখন ১৬৪৫ টকাৰ বিনিময়ত অনলাইন বিক্ৰীৰ বাবে উপলব্ধ। এন আই টি শ্ৰীনগৰত ড০ জালিদৰ কামে প্ৰতিষ্ঠানটোৰ গৱেষণা ক্ষমতা বৃদ্ধি কৰাই নহয়, ৰসায়ন বিজ্ঞানৰ জ্ঞানৰ ক্ষেত্ৰখনলৈও তেওঁ যথেষ্ট অৰিহণা যোগাইছে। তেওঁৰ গৱেষণাৰ লগত ৰাসায়নিক যৌগ আৰু প্ৰক্ৰিয়াৰ বিকাশ জড়িত হৈ আছে, যিবোৰৰ প্ৰভাৱ পদাৰ্থ বিজ্ঞান, পৰিৱেশ ৰসায়ন, আৰু জৈৱ প্ৰযুক্তিৰ ওপৰত পৰে।
আন্তঃশাখা পদ্ধতিসমূহক (interdisciplinary approaches) একত্ৰিত কৰি তেওঁ ৰাসায়নিক পদাৰ্থৰ আচৰণৰ বিষয়ে নতুন অন্তৰ্দৃষ্টি আগবঢ়াইছে, তাত্ত্বিক আৰু প্ৰয়োগমূলক ৰসায়ন বিজ্ঞান দুয়োটাতে যথেষ্ট অৱদান আগবঢ়াইছে। পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা ক্ষেত্ৰখনত তেওঁ বহুতো বাধা নেওচি এছ টি ই এম (STEM) ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ আকাংক্ষা কৰা যুৱতীসকলৰ বাবে আদৰ্শ মহিলা হিচাপে পৰিচিত হৈছে। এগৰাকী গুৰু আৰু পথ প্ৰদৰ্শক হিচাপে ড° জালিদৰ কামে এন আই টি শ্ৰীনগৰৰ মহিলা ছাত্ৰী আৰু গৱেষকসকলৰ বাবে এক অন্তৰ্ভুক্ত আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছে।
গৱেষণাৰ উপৰিও ড০ জালিদে প্ৰায়ে মহিলাসকলক বিজ্ঞানত সবলীকৰণৰ লক্ষ্যৰে কৰা বিভিন্ন পদক্ষেপ অথবা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। STEM-ত মহিলাৰ প্ৰতিনিধিত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে কৰ্মশালা, আলোচনা চক্ৰ, আৰু আউটৰিচ কাৰ্যসূচীৰ আয়োজনৰ সৈতে তেওঁ জড়িত হৈ আছে।
তদুপৰি ড° জালিদে বৈজ্ঞানিক গৱেষণাক অধিক সুলভ আৰু সৰ্বাংগীন কৰি তোলাৰ লক্ষ্যৰে এনে প্ৰকল্পত কাম কৰিছে। তেওঁৰ মতে বিজ্ঞান হৈছে এক সাৰ্বজনীন ভাষা যিটো নিৰ্বাচিত মানুহৰ মাজত আবদ্ধ হৈ থাকিব নালাগে। ড০ জালিদৰ দৃষ্টিত জ্ঞানৰ অনুসন্ধান কৌতুহল আৰু সমাজৰ উন্নতিৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হ’ব লাগে আৰু এইটো লিংগ, পটভূমি বা আৰ্থ-সামাজিক অৱস্থা নিৰ্বিশেষে সকলোৰে বাবে মুকলি হ’ব লাগে।
এই মূল্যবোধসমূহক প্ৰচাৰ কৰি ড০ জালিদে এনে এক পৰিৱেশ গঢ়ি তুলিছে য’ত পুৰুষ আৰু মহিলা উভয় শিক্ষাৰ্থীয়ে বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ সমানে উৎসাহিত অনুভৱ কৰে। ড° জালিদে প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোচনীত গৱেষণা পত্ৰ প্ৰকাশ কৰিছে, যাৰ বহুতেই উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।