প্ৰথমবাৰৰ বাবে মেহৰাম অবিহনে হজলৈ যাব ৪০০০ ভাৰতীয় মহিলা

Story by  atv | Posted by  [email protected] • 1 Years ago
মহিলা হজযাত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখী
মহিলা হজযাত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখী
 
মহম্মদ ইউনুছ আলভি / এজেন্সী / নুহ (হাৰিয়ানা) / নতুন দিল্লী
 
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ স্থান মক্কাত হজযাত্ৰা কৰিবলৈ যোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ২০২৩ বৰ্ষৰ হজযাত্ৰাত প্ৰথমবাৰৰ বাবে মহিলাসকলে মেহৰাম অবিহনে অৰ্থাৎ স্বামী বা পুৰুষ সংগী নোহোৱাকৈ অকলে হজযাত্ৰাৰ বাবে সাজু হৈছে। সমগ্ৰ দেশতে কেৱল হজযাত্ৰালৈ যোৱা মহিলাৰ সংখ্যা হৈছেগৈ ৪০০০ গৰাকী।
 
 
কেৱল দিল্লীৰ পৰাই ৩৯ গৰাকী মহিলা পৱিত্ৰ হজযাত্ৰালৈ ওলাইছে। এই পদক্ষেপৰ বাবে মহিলাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে মহিলাসকলক ফ্লেগ অফ কৰে।
 
মহিলা হজযাত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখী
 
দিল্লী বিমানবন্দৰৰ পৰা হজযাত্ৰাৰ বাবে ৰাওনা হৈছে ৩৯ গৰাকী মহিলাৰ এটা দল। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে মহিলাসকলক সাক্ষাৎ কৰি বিদায় জনায়। এই উপলক্ষে লেখীয়ে কয় যে মোদী চৰকাৰৰ দিনত মহিলাসকল আত্মনিৰ্ভৰশীল হৈ পৰিছে। আজি মহিলাসকলে অকলে হজত যাবলৈ সক্ষম হৈছে।
 
তেওঁ কয় যে মহিলাসকলৰ এই যাত্ৰাক লৈ যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰা হৈছে। ছৌদি এয়াৰলাইন্সেও কয় যে প্ৰথমবাৰৰ বাবে ইমান  পৰিপাতিকৈ হজযাত্ৰা আয়োজন কৰা হৈছে। মন্ত্ৰী মীনাক্ষী লেখীয়ে আৰু কয় যে হজযাত্ৰাৰ বাবে মহিলাসকলকো ফিটনেছ প্ৰশিক্ষণ দিয়া হৈছে, যাতে তেওঁলোকে খোজ কঢ়াত কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয়।
 
চৌদি আৰৱত থকা আৰু খোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। যাত্ৰাৰ সময়ত যদি কোনো লোক অসুস্থ হৈ পৰে তেন্তে চিকিৎসা সুবিধাসমূহৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়া হৈছে।
 
হাৰিয়ানাৰ হাজ তীৰ্থযাত্ৰাৰ বাবে ১৬১০ জনীয়া প্ৰথমটো দল ৰাওনা হয়
 
বুধবাৰে হাৰিয়ানা আৰু মেৱাটৰ পৰা ১৬১০ জন লোক হজলৈ ৰাওনা হয়। হাৰিয়ানা হজ কমিটীৰ অধ্যক্ষ মহছিন চৌধাৰী দিল্লী বিমানবন্দৰত হজযাত্ৰীসকলক শুভেচ্ছা জনাবলৈ উপস্থিত হৈছিল। তেওঁ হজযাত্ৰালৈ যোৱাসকলক অভিনন্দন জনোৱাৰ লগতে হাজ তীৰ্থযাত্ৰাৰ সময়ত কোনো সমস্যাৰ সৃষ্টি হ’লে তেওঁলোকক অৱগত কৰিবলৈ আহ্বান জনায়।
 
হাৰিয়ানা হাজ কমিটীৰ অধ্যক্ষ মহছিন চৌধাৰীয়ে কয় যে এইবাৰ হাৰিয়ানাত ২২০০ হাজীৰ কোটা আছে, ইয়াৰে প্ৰায় ২২১০ জন লোকে আবেদন কৰিছিল।তাৰে ১৯৩২ জন বাছনি কৰা হৈছে আৰু ১৬০ জন হাজীক অপেক্ষাৰ তালিকাত ৰখা হৈছে।
 
তেওঁ কয় যে হাৰিয়ানাৰ পৰা ছৌদি আৰৱলৈ যোৱা ৩১, ১, ২, ৫ আৰু ৬ জুনত বিমান যাত্ৰা আৰম্ভ হ’ব। ৩১ মে’ত ৰাজ্যখনৰ ১৬১০ জন লোকে চাৰিখন বিমানেৰে হাজ তীৰ্থযাত্ৰালৈ ৰাওনা হয়। বাকীসকলক নিৰ্ধাৰিত সময়ত পঠিওৱা হ’ব।
 
অধ্যক্ষই জনোৱা মতে, হাৰিয়ানাৰ হজযাত্ৰীসকলৰ সেৱাৰ বাবে ৬ জন খাদিমক প্ৰেৰণ কৰা হৈছে। যিকোনো বিপদৰ সময়ত হাজীসকলক তেওঁলোকে সহযোগ কৰিব। তেওঁ কয় যে মেৱাট আৰু হাৰিয়ানাৰ বেছিভাগ হাজীয়ে আজিজিয়া শিতানত গৈ আছে।
 
মক্কাৰ কাবাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ ব্যাসাৰ্ধত তেওঁৰ বাসগৃহৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে হাজযাত্ৰাৰ বাবে আৱেদন কৰা কোনো লোকেই হজৰ পৰা বঞ্চিত নহয়। তেওঁ কয় যে সকলো হাজীকে শিবিৰসমূহত কৰোনা ভেকচিনৰ প্ৰশিক্ষণ আৰু অন্যান্য সকলো প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে।