স্বাস্থ্যসন্মত আৰু সুস্বাদু খাদ্য সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হোৱা গুৱাহাটীৰ শ্বাকিবা মহম্মদ

Story by  Munni Begum | Posted by  Munni Begum • 4 d ago
শ্বাকিবা মহম্মদ
শ্বাকিবা মহম্মদ
 
মুন্নী বেগম / গুৱাহাটী
 
বৰ্তমান সময়ত বেকাৰীৰ বজাৰখন খুবেই প্ৰতিযোগিতামূলক হৈ পৰিছে। কিয়নো, এতিয়া বজাৰত ৰিপোজ, ল'য়েন্স আদিকে ধৰি বিভিন্ন ব্ৰেণ্ডৰ বিভিন্ন প্ৰকাৰৰ কেক গ্ৰাহকৰ বাবে উপলব্ধ। তেনে সময়তো অৱশ্যে একাংশ ঘৰুৱা বেকাৰীয়ে অতি জনপ্ৰিয় ব্ৰেণ্ডসমূহক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। আজি আমি তেনে এগৰাকী মহিলাৰ কথা ক'বলৈ গৈ আছো, যিগৰাকীয়ে ব্যতিক্ৰমী সোৱাদ আৰু ডিজাইনৰ স্বাস্থ্যসন্মত বেকাৰীৰ সামগ্ৰী প্ৰস্তুত কৰি গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ বাসিন্দা শ্বাকিবা মহম্মদ।   
 
কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ শ্বাকিবা মহম্মদে কেক, ব্ৰেড, কুকিছ, ব্ৰাউনী, বিৰিয়ানী আদিৰ দৰে সুস্বাদু খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰি আহিছে। সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যসন্মত হোৱাৰ বাবে শ্বাকিবাৰ খাদ্য সামগ্ৰীৰ গ্ৰাহকৰ মাজত যথেষ্ট চাহিদা আছে। শ্বাকিবাৰ 'বেক ট্ৰী' নামে নিজৰ সামগ্ৰীৰ ব্ৰেণ্ড আছে।  
 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাকিবা মহম্মদে কয়, "বৰ্তমান সময়ত বেকাৰীৰ বজাৰখন খুবেই প্ৰতিযোগিতামূলক হৈ পৰিছে, যদিও মোৰ সামগ্ৰীৰ এখন সুকীয়া বজাৰ আছে। মোৰ সামগ্ৰীৰ গ্ৰাহকসকলক ধৰি ৰখাৰ বাবে মই যথেষ্ট সচেতনতা অৱলম্বন কৰোঁ। মই মোৰ কেক তথা অন্য সামগ্ৰীৰ গুণাগুণ আৰু পৰিচ্ছন্নতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিওঁ। মই কেতিয়াও খাদ্য সামগ্ৰী বনাই সংগ্ৰহ কৰি নাৰাখো। কাৰণ মই গ্ৰাহকক পুৰণি খাদ্য সামগ্ৰী যোগান নধৰো। যেতিয়াই যি বস্তুৰ অৰ্ডাৰ লাভ কৰো, তেতিয়াই সেই সামগ্ৰী বনাই গ্ৰাহক যোগান ধৰো। যাতে তেওঁলোকে ভাল আৰু সতেজ খাদ্য সামগ্ৰী গ্ৰহণ কৰিব পাৰে।"  
 
কোনো সহায়িকা নোহোৱাকৈয়ে শ্বাকিবাই নিজেই কেক, বিস্কুট তথা অন্যন্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আহিছে। তেওঁ কাপ কেক, ফ্ৰুইটছ কেক, মাফিন, আইচিং কেক, গাৰ্লিক ব্ৰেড, পিজ্জা, বাটাৰ বিস্কুট, নানকাটা, চ'কো কুকিছ, বাটাৰ কুকিছ, খেজুৰ কুকিছ, কাষ্টাৰ্ড, বিভিন্ন প্ৰকাৰৰ ব্ৰাউনীৰ লগতে বিৰিয়ানী, হালিম, নিহাৰি, কোৰ্মাৰ দৰে সুস্বাদু খাদ্য প্ৰস্তুত কৰি গ্ৰাহকক আকৰ্ষিত কৰি আহিছে। আনহাতে, তেওঁ উৰুকা ৰেষ্টুৰেণ্টৰ হাউচ ৱাইফ ডেলিকেছিতো বিৰিয়ানী, পোলাও, কোৰ্মা, বিভিন্ন প্ৰকাৰৰ চিকেনৰ ব্যঞ্জন যোগান ধৰে।     
 
শ্বাকিবাই প্ৰস্তুত কৰা ব্যতিক্ৰমী ডিজাইনৰ কেক
 
শ্বাকিবাই কয়, "এটা কথা মোৰ খুব ভাল লাগে যে ৰিপোজ, ল'য়েন্স আদি ব্ৰেণ্ডৰ কেক ক্ৰয় কৰা বহু গ্ৰাহকে বৰ্তমান মোৰ ওচৰত কেক বিচাৰি আহে। মই কব বিচাৰো যে, হোম বেকাৰী আৰু ব্যৱসায়িক ভিত্তিক বেকাৰীৰ মাজত বহু প্ৰাৰ্থক্য আছে। হোম বেকাৰীয়ে সতেজ বস্তু ব্যৱহাৰ কৰি গ্ৰাহকক সতেজ সামগ্ৰী যোগান ধৰি আহিছে আৰু ব্যৱসায়ীক ভিত্তিক বেকাৰীয়ে ব্যৱসায়ৰ বাবে সৰহ পৰিমানে সামগ্ৰী বনাই সংগ্ৰহ কৰি ৰাখে। হোম বেকাৰীবোৰে সতেজ বস্তু ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকে প্ৰস্তুত কৰা সকলোবোৰ বস্তুৰ দাম অলপ বেছি হয়, যদিও সেইবোৰ স্বাস্থ্যসন্মত হয়। মোৰ ১ কেজি টি কেকৰ মূল্য ৮০০-১২০০ টকা, আইচিং কেক ১৫০০ টকা, বাটাৰ আইছিং কেক ২০০০ টকা, গানাৰ্ছ কেক ১৮০০টকা, চ'কো চিপছ কুকিছ ৩০-৫০ টকা, কেজুৰ কুকিছ ১ কেজি ১৮০০-২০০০ টকা, বাটাৰ কুকিছ ২৫০ টকা, ৱালনাট ব্ৰাউনী ৯০-২০০ টকা পৰ্যন্ত হয়।"     
 
শ্বাকিবাই প্ৰস্তুত কৰা সুস্বাদু খাদ্য সামগ্ৰী
 
উল্লেখ্য যে, সৰুৰে পৰা ৰন্ধা-বঢ়াৰ প্ৰতি আগ্ৰহী শ্বাকিবাই তেওঁৰ শৈশৱ আইতাকৰ সৈতে শ্বিলংত কটাইছিল। তেওঁ নিজৰ আইতাকৰ পৰাই ৰন্ধা-বঢ়া শিকিছিল। এই সন্দৰ্ভত শ্বাকিবাই কয়, "যেতিয়া মোৰ আইতাই ৰান্ধনীশালত ৰান্ধিবলৈ গৈছিল, তেতিয়া মই তেওঁক সহায় কৰি দিছিলো। ইয়াৰ কাৰণ এটাই আছিল যে, মই বনোৱা মেলা কাম কৰি খুবেই ভাল পাইছিলো। আইতাক চাই চাই মই এবিধ দুবিধকৈ সামগ্ৰী বনাবলৈ শিকিছিলো আৰু সেইবোৰ ঘৰৰ মানুহক খাবলৈ দিছিলো। ইয়াৰ বাবে মই তেওঁলোকৰ পৰা প্ৰশংসাও লাভ কৰিছিলো। এনেকৈয়ে পিছলৈ মই বেকেৰীৰ কামৰ সৈতে জড়িত হৈ পৰিলো।"   
 
শ্বাকিবাই প্ৰশিক্ষণ দি থকা কিছু মূহুৰ্ত
 
শ্বাকিবাই পঢ়ি থকা সময়তে কেক, কুকিছ আদিৰ অৰ্ডাৰ লাভ কৰিছিল। বিবাহৰ পিছত তেওঁ ২০০০ চনত ডুবাই লৈ গৈছিল, যদিও ২০১১ চনত অসমলৈ ঘূৰি অহাৰ পিছত গ্ৰাহকৰ অনুগ্ৰহত তেওঁ পুনৰ বেকাৰীৰ কাম আৰম্ভ কৰে। তেওঁ কয় যে, গ্ৰাহকৰ মাজত চ'ক' চিপছ কুকিছ, খেজুৰ কুকিছ, নানকাটা, বাটাৰ কুকিছৰ চাহিদা বহু বেছি।  
 
শ্বাকিবাই কয়, "মই দৈনিক কেক, কুকিছৰ উপৰিও সৰু সুৰা পাৰ্টিৰ বাবেও গ্ৰাহকৰ পৰা অৰ্ডাৰ লাভ কৰো। মই এতিয়ালৈ ৩০-৫০ জন ব্যক্তিৰ বাবে অনুষ্ঠানৰ অৰ্ডাৰ লৈছো। মই মোৰ অৰ্ডাৰবোৰ বন্ধুবৰ্গ, ইষ্টাগ্ৰামৰ পেজ, ফেজবুক পেজ আদিৰ জৰিয়তে লাভ কৰো। মই সদায়ে গ্ৰাহকৰ বাবে স্বাস্থ্যসন্মত আৰু উন্নতমানৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ চেষ্টা কৰো আৰু প্ৰতিগৰাকী গ্ৰাহকৰ পৰাই মই ফিডবেক বিচাৰো। মোক এই কামৰ বাবে মোৰ পৰিয়ালে যথেষ্ট সমৰ্থন কৰিছে।"   
 
শ্বাকিবাই প্ৰস্তুত কৰা বাউলী আৰু বিস্কুট
 
আজিকালি বেকাৰী সামগ্ৰীৰ জগতখনত দৈনিক কিবা নহয় কিবা নতুন নতুন উদ্ভাৱন হৈ আছে। তেনেক্ষেত্ৰত নিজেও কিবা নতুনকৈ কৰিব পাৰিলে ভাল লাগে বুলি উল্লেখ কৰি শ্বাকিবাই কয়, "আজিকালি খাদ্যবস্তুৰ বজাৰখনৰ ক্ষেত্ৰত বহুত প্ৰতিযোগিতা আহি পৰিছে। কিন্তু মই ভাবো, যদি মানুহৰ মাজত প্ৰতিভা থাকে তেন্তে আপুনি আগবাঢ়ি যাব লাগে। কিন্তু এনে বহু মহিলা আছে, যিসকলে চিলাই হওঁক, ৰন্ধা-বঢ়ায়ে হওঁক বা অন্য হস্তশিল্পয়ে হওঁক আদি বিভিন্ন ক্ষেত্ৰত আগবঢ়া, যদিও তেওঁলোকে ব্যৱসায় আৰম্ভ কৰাৰ বাবে আগবাঢ়ি অহা দেখা নাযায়। যিহেতু আজিকালি মানুহে খাবলৈ ভালপায়, সেয়েহে মহিলাসকলে ব্যৱসায় কৰাৰ বাবে বাহিৰলৈ ওলাই যাব নালাগে, তেওঁলোকে ঘৰত থাকিয়ে ব্যৱসায় কৰিব পাৰে। এই ক্ষেত্ৰত পৰিয়ালৰ সমৰ্থনো খুবেই দৰকাৰ হয়।"     
 
নিজৰ সন্তান, স্বামী তথা মাতৃৰ প্ৰতি থকা দ্বায়িত্ব সুচাৰুৰূপে পালন কৰা শ্বাকিবাই বহু ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কৃত হৈছে। তেওঁ মাষ্টাৰ চেফ ছিজন-৩ তো অংশগ্ৰহন কৰিছিল। শ্বাকিবাই 'প্ৰিয় বন্ধু'ৰ কেক প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ, জি প্লাছৰ হোম বেকাৰ অনুষ্ঠানত ট'প-৩ প্ৰতিযোগী, ব্লু পেৰাইডাইজৰ ৰন্ধন প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। শ্বাকিবাই ভাবে যে, প্ৰতিভা আৰু ইচ্ছা থাকিলে প্ৰতিগৰাকী মহিলাইয়ে স্বাৱলম্বী হ'ব পাৰে। 
 
শ্বাকিবাই প্ৰস্তুত কৰা বিৰয়ানী আৰু চিকেন ৰোষ্ট
 
শ্বাকিবাই কয় যে, "ইছলামত মহিলাসকলৰ বাবে বিশেষ সুবিধা আৰু মৰ্যদা প্ৰদান কৰা হৈছে। আমাৰ নবী হজৰত মহম্মদৰ পত্নী খাদিজা বিবি এগৰাকী ব্যৱসায়ী আছিল, তেওঁৰ দ্বিতীয় পত্নী আয়েছা বিবি এগৰাকী উচ্চ শিক্ষিত মহিলা আছিল। ইছলামে ছোৱালী তথা মহিলাসকলক শিক্ষিত আৰু স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত খুবেই বেছি গুৰুত্ব প্ৰদান কৰি আহিছে।"            
 
বেকাৰীৰ সামগ্ৰী প্ৰস্তুত কৰি নিজে এগৰাকী সফল ব্যৱসায়ী হোৱাৰ উপৰিও বহুতকে স্বাৱলম্বী হোৱাৰ বাট মোকলাই দিছে শ্বাকিবাই। তেওঁ ঘৰতে বহু যুৱক-যুৱতীক বেকাৰীৰ সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ দি আহিছে। এই সন্দৰ্ভত উদ্যমী মহিলাগৰাকীয়ে কয়, "মই  অনলী চেফ আৰু ইণ্ডিজিনিয়াছ নামৰ প্ৰতিষ্ঠানটোৰ অধীনতো বেকাৰীৰ সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰিছো। তদুপৰি মই ঘৰতো বহু ছোৱালীক প্ৰশিক্ষন প্ৰদান কৰিছো।"