ছত্ৰপতি শিৱাজী মহাৰাজে নিৰ্মাণ কৰা দূৰ্গসমূহ অন্বেষণ কৰি আছে হিজাবী ট্ৰেকাৰ হাকুৱা আৱাটিয়ে

Story by  atv | Posted by  [email protected] • 28 d ago
মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ কালছুভী শৃংগ বগোৱা মুহূৰ্তত হাকুৱা আৱাটি ওৰফে হিজাবী ট্ৰেকাৰ
মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ কালছুভী শৃংগ বগোৱা মুহূৰ্তত হাকুৱা আৱাটি ওৰফে হিজাবী ট্ৰেকাৰ
ভক্তি চলিকা/পুনে
 
হিজাব পিন্ধি ট্ৰেকিং কৰাৰ আকৰ্ষণৰ বাবে হিজাবী ট্ৰেকাৰ নামেৰে পৰিচিত মহাৰাষ্ট্ৰৰ পুনেৰ জুন্না অঞ্চলৰ হাকুৱা আৱাটিয়ে মহান মাৰাঠা যোদ্ধা ছত্ৰপতি শিৱাজী মহাৰাজে নিৰ্মাণ কৰা সকলো দুৰ্গসমূহ অন্বেষণ কৰি আছে। মন কৰিবলগীয়া যে দুয়োৰে জন্ম হৈছিল মহাৰাষ্ট্ৰৰ এখন ঐতিহাসিক চহৰ জুন্নাৰত।
 
ইনষ্টাগ্ৰাম একাউণ্ট (@hijabitrekker)ৰ Bio-ত হাকুৱা আৱাটিয়ে এটা খুৱ আকৰ্ষণীয় উক্তি লিখিছে। তাত তেওঁ লিখিছেঃ "প্ৰকৃতিৰ মাজত মই সদায় মনৰ স্পষ্টতা বিচাৰি পাও, শৰীৰে শক্তি বিচাৰি পায়, আৰু হৃদয়ে স্বাধীনতা পায়"। হাইকাই ট্ৰেকিঙৰ জৰিয়তে এইগৰাকী দৃঢ়মনা যুৱতীয়ে সমাজত এক পৃথক পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।
 
হাকুৱা সৰুৰে পৰাই দুৰ্গবোৰৰ সৌন্দৰ্যৰ প্ৰতি মুগ্ধ হৈ আহিছে। মহাৰাজ ছাত্ৰপতি শিৱাজীৰ বীৰত্বৰ কাহিনীবোৰৰ প্ৰতি তেওঁ আকৰ্ষিত অনুভৱ কৰে। স্কুলত পঢ়া দিনৰ পৰাই হাকুৱাৰ মনত আউটড’ৰ ক্ৰীড়াৰ প্ৰতি তীব্ৰ আগ্ৰহ গঢ় লৈ উঠিছিল। সেয়ে, শিৱাজীৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ দুঃসাহসিক ক্ৰীড়াৰ জগতত প্ৰৱেশ কৰে।
 
হাকুৱা আৱাটিয়ে যুদ্ধ কলাৰ অনুশীলন কৰি থকা মুহূৰ্তত
 
উল্লেখ্য যে, হাকুৱাই ৯ বছৰ বয়সৰ পৰাই টাইকোৱাণ্ডোৰ অনুশীলন কৰিছিল। জুন্নাৰ তালুকৰ পৰা ব্লেক বেল্ট উপাৰ্জন কৰা তেওঁ হৈছে প্ৰথমগৰাকী মুছলমান মহিলা। ‘শিৱ জন্মভূমিত জন্ম লোৱাৰ বাবে সৰুৰে পৰাই মোৰ এক দুঃসাহসিক মনোভাৱ আছে। মোৰ কোনো দাদা বা ভাইটি নাই, গতিকে ভনীহঁতৰ সুৰক্ষাৰ বাবে মই নিজকে দায়িত্বশীল অনুভৱ কৰিছিলোঁ। সেয়ে, মই আত্মৰক্ষাৰ বাবে টাইকোৱাণ্ডো শিকিলোঁ আৰু সেই প্ৰেমৰ পৰাই মই ট্ৰেকিঙৰ চখটো গঢ়ি তুলিলোঁ।”
 
হাকুৱাই শৈশৱ কটাইছিল এখন গাঁৱত। তেওঁৰ দেউতাকৰ এটা সৰু টেইলাৰিং ব্যৱসায় আছিল আৰু মাক স্কুলৰ শিক্ষয়িত্ৰী। তিনিগৰাকী ভগ্নীৰ ভিতৰত হাকুৱা হৈছে সবাতোকৈ ডাঙৰ। হাকুৱা উচ্চ শিক্ষা গ্ৰহণৰ বাবে পুনেলৈ আহিছিল। ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ বজাই ৰাখি তেওঁ ইয়াত শিক্ষা সমাপ্ত কৰিছিল।
 
শিৱাজী মহাৰাজে নিৰ্মাণ কৰা শিৱ জন্মস্থান শিৱনেৰী দূৰ্গৰ পৰাই তেওঁ ট্ৰেকিং আৰম্ভ কৰিছিল। এতিয়ালৈকে টৰ্ণা, হৰিশচন্দ্ৰগড়, কোৰিগাড়, কোকান্দিৱ, ৰাজমাচী, ভূইকোট, ছি ফ'ৰ্ট, মাউণ্টেইন ফ'ৰ্ট আদি বহু ঠাই বিচৰণ কৰিছে। ইউটিউব আৰু ইনষ্টাগ্ৰামতো তেওঁৰ ভ্ৰমণ ভ্লগসমূহ জনপ্ৰিয় হৈ পৰিছে।
 
তেওঁ কয়, “মোৰ মা এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ বাবে তেওঁ সদায় উদ্ভাৱনীমূলক। ছ’চিয়েল মিডিয়া আৰু টেকন’লজিৰ বিষয়ে তেওঁ বহুত জানে। গতিকে মাই মোক চেনেলটো আৰম্ভ কৰাৰ আইডিয়া দিছিল। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত ‘হিজবী ট্ৰেকাৰ’ নামৰ মোৰ চেনেলটো আৰম্ভ কৰিলোঁ৷”
 
ট্ৰেকিঙৰ সময়ত হাকুৱা আৱাটি
 
ছ’চিয়েল মিডিয়াৰ জৰিয়তে সহ্যাদ্ৰী (Sahyadri)ৰ সৌন্দৰ্য্য দেখুওৱাৰ সমান্তৰালকৈ হাকুৱাই দুৰ্গৰ জৰিয়তে মহাৰাষ্ট্ৰৰ সংস্কৃতি আৰু সংৰক্ষিত ইতিহাসক বুজাবলৈ চেষ্টা কৰে। তেওঁ বহু উচ্চতাৰ দুৰ্গ বা পাহাৰ বাছি লৈ হাবিৰ লগত মিলি যোৱা কেজুৱেল কাপোৰ পিন্ধি ট্ৰেকিঙলৈ যায়। ট্ৰেকিঙৰ সময়ত তেওঁ হিজাব পিন্ধাৰ সিদ্ধান্ত লয়। ইয়াৰ আঁৰৰ ধাৰণা আছিল হিজাব পৰিধান কৰা মুছলমান মহিলাৰ কু-সংস্কাৰ ভংগ কৰা।
 
ধৰ্মীয়তা আৰু বিনয়ী সাজ-পোছাক বজাই ৰাখি আধুনিকতাক কেনেকৈ আকোৱালি ল’ব পাৰি তাক হাকুৱাই সুন্দৰকৈ দেখুৱাইছে। ট্ৰেকিং কৰি থাকোঁতে তেওঁৰ হিজাবৰ বিষয়ে সোধাত হাকুৱাই কয়, “২০১৯ চনত যেতিয়া মই উমৰাহ আৰু হজ কৰিছিলো তেতিয়া মই হিজাবৰ প্ৰতি অধিক সন্মান লাভ কৰিছিলো। তেতিয়াই বুজিলোঁ যে ধৰ্ম বা সংস্কৃতি কেতিয়াও আপোনাৰ উচ্চাকাংক্ষাৰ বাটত বাধা হ'ব নোৱাৰে। হিজাব পিন্ধিও আমি আমাৰ সপোন পূৰণ কৰিব পাৰো। কাৰণ হিজাব বাধ্যতামূলক নহয়, বৰঞ্চ ই এক পছন্দৰ বিষয়।”
 
হাকুৱাই লগতে কয়, “বহুতে ভাবে যে ধৰ্মীয় হোৱাৰ অৰ্থ হ’ল আপুনি নিজৰ পছন্দ অনুসৰি জীৱনটো জীয়াই থাকিব নোৱাৰে। এই ভুল ধাৰণাটো ভাঙি পেলাব বিচাৰিছিলো। গতিকে ট্ৰেকিঙৰ প্ৰতি থকা মোৰ আকৰ্ষণক অনুসৰণ কৰি থাকোঁতে মোৰ ধৰ্মীয় পৰিচয়টো ধৰি ৰাখিবলৈ সিদ্ধান্ত ল’লোঁ। তেনেকৈয়ে জন্ম হৈছিল ‘হিজাবী ট্ৰেকাৰ’ৰ ধাৰণাটোৰ।"
 
পাহাৰৰ ওপৰত এটা স্মৃতিসৌধৰ সন্মুখত হাকুৱা আৱাটি
 
ছ’চিয়েল মিডিয়া পেজত থকা ল’গ’ সন্দৰ্ভত তেওঁ কয়, ‘আমাৰ ত্ৰিৰংগৰ প্ৰতি বহুত সন্মান আছে। ই এক প্ৰেৰণাৰ স্থানো। ত্ৰিৰংগৰ তিনিটা ৰঙৰ পৰা অনুপ্ৰাণিত হৈ মই মোৰ হিজাবী ট্ৰেকাৰৰ ল’গ’টো তৈয়াৰ কৰিলোঁ।”
 
ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণৰ পৰা ট্ৰেকিংলৈকে কৰা যাত্ৰাৰ বিষয়ে কোৱাৰ সময়ত হাকুৱাই কয়, “মই ইয়াৰ জৰিয়তে নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছো। মই দেখুৱাব বিচাৰিছো যে মুছলমান মহিলাসকলেও ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি আছে। আজি মোৰ ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰসকলে মোক হিজাবী ট্ৰেকাৰ বুলি কয়। হিজাবী হাকুৱা মোৰ পৰিচয় হৈ পৰিছে।”
 
মহিলা হিচাপে ট্ৰেকিং কৰাৰ প্ৰথম দিনবোৰত সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে সোধাত তেওঁ কয়, “ট্ৰেকিং কৰাৰ সময়ত ঢিলা আৰু ছুটি কাপোৰ পিন্ধিব লাগে। কিন্তু ফুল বডি কভাৰিং পিন্ধি মই আৰাম অনুভৱ কৰো। গতিকে সেই এটা কথাই মোক আমনি কৰিছিল, কিন্তু ভাগ্য ভাল যে কেৰালাৰ কিছুমান কোম্পানীয়ে ট্ৰেকিঙৰ সময়ত ব্যৱহাৰ কৰিব পৰা ফুল বডি কভাৰিং কাপোৰ প্ৰস্তুত কৰিছে। ই মোৰ দৰে বহু ছোৱালীৰ সমস্যা সমাধান কৰিলে।”
 
তেওঁ আৰু কয়, “মই বহুত ছোৱালী লগ পাইছো, যিয়ে ট্ৰেকিং কৰিব বিচাৰে। কিন্তু মহিলাসকলে ট্ৰেকিং কৰাৰ কথা আহিলে বহুতে ভাবি থাকে যে তেওঁলোক ক’ত থাকিব। কেতিয়াবা ট্ৰেকাৰসকলে নিজৰ সন্তানকো কঢ়িয়াই নিব লগা হয়। বিশেষকৈ মুছলমান পৰিয়ালৰ পৰা এনে প্ৰতিক্ৰিয়া বেছিকৈ পাওঁ। এনে প্ৰশ্নৰ উত্তৰ বিচাৰি থাকোঁতে মই ভাবিলোঁ যে আমি মহিলাসকলৰ বাবে ট্ৰেকিং গ্ৰুপ গঠন কৰা উচিত।"
 
হাকুৱাই অনুভৱ কৰে যে শিক্ষা উন্নয়ন আৰু সৱলীকৰণৰ এক গুৰুত্বপূৰ্ণ উপাদান। দুৰ্ভাগ্যজনকভাৱে ভাৰতত বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মুছলমানসকলৰ শিক্ষাৰ স্তৰ বৰ সন্তোষজনক নহয়। যদিও শিক্ষাৰ অভাৱৰ বাবে আমাৰ সমাজখন কিছু পিছপৰি আছে, আজিৰ দিনত যেন বহু ইতিবাচক পৰিৱৰ্তন ঘটিছে।
 
শিক্ষাৰ অভাৱত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হয়। সেয়েহে শিক্ষাৰ গুৰুত্ব সন্দৰ্ভত হাকুৱাই নিজৰ দৃঢ় মতামত প্ৰকাশ কৰিছে। হাকুৱাই কয় যে ২০১৭ চনত তেওঁ বিবাহপাঁশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ এবছৰৰ ভিতৰতে স্বামীৰ সৈতে বিচ্ছেদ হ’ব লগা হয়। ইয়াৰ পিছত হাকুৱাই আত্মীয় আৰু সমাজৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। বিবাহ বিচ্ছেদৰ বাবে দম্পতীহালে আদালতৰ মজিয়াত দীৰ্ঘদিন যুঁজ দিবলগীয়া হৈছিল আৰু সেই যুঁজ এতিয়াও চলি আছে। হাকুৱাই কয় যে আইন ভালদৰে নজনাকৈ এই যুঁজ ফলপ্ৰসূভাৱে যুঁজিব নোৱাৰি।
 
তেওঁ লগতে কয়, “আমাৰ দেশত মহিলাৰ বাবে বহু আইন আছে। কিন্তু সেই আইনবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই নাজানিছিলো। গতিকে নিজৰ যুদ্ধ ফলপ্ৰসূভাৱে যুঁজিবলৈ আইন অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছো।”