কেৰেলাৰ মছজিদ কমিটিত কিদৰে অন্তৰ্ভুক্ত হ'ল মহিলা ?

Story by  atv | Posted by  [email protected] • 4 d ago
মহিলাসকলক সম্বোধন কৰি থকা মুহূৰ্তত ফাতিমা উটি
মহিলাসকলক সম্বোধন কৰি থকা মুহূৰ্তত ফাতিমা উটি
 
ফজল পাঠান
 
পূৰ্বৰ সময়ত বহু ঠাইত মহিলাসকলক ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত অৱহেলা কৰা দেখা গৈছিল। কিন্তু বৰ্তমানৰ মহিলাসকলৰ মাজত যথেষ্ট সজাগতা বৃদ্ধি পোৱা দেখা গৈছে। মহিলাসকলে সকলো কামতে আগবাঢ়ি অহা দেখা যায়। তেনে এক উদাহৰণ হ'ল কেৰেলাৰ ফাটিমা। কেৰালাৰ মালাপ্পুৰম জিলাৰ সন্থাপুৰম গাঁৱৰ ফাতিমা নামৰ এগৰাকী মহিলাই  মুছলমান মহিলাসকলক মছজিদত প্ৰৱেশ কৰিব দিয়াৰ বাবে বহু প্ৰচেষ্টা কৰিছে। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত মহিলাসকলক চুবুৰীয়া সমিতি (মহল্লা)ত যোগদান কৰিবলৈ দিয়া প্ৰথমখন গাঁও হিচাপে পৰিগণিত হ'ল সন্থাপুৰম গাঁও।
 
মহল্লা কমিটী হ'ল এটা মছজিদৰ আশে-পাশে থকা অঞ্চলৰ মুছলমানৰ এটা গোট। এই কমিটিখনে মছজিদৰ নামাজৰ সময়, ৰোজা, বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আদি বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰে। এতিয়া এই কমিটিখনত মহিলাসকল অংশগ্ৰহণ কৰাৰ লগে লগে অধিক গুৰুত্বপূৰ্ণ হৈ পৰে আৰু কমিটিখনে পুৰুষ আৰু মহিলা উভয়কে প্ৰতিনিধিত্ব কৰে।
 
২০০৯ চনত মছজিদৰ মহল্লা সমিতিত অন্তৰ্ভুক্ত হোৱা ৫০ গৰাকী লোকৰ ভিতৰত ৭১ বছৰীয়া ফাতিমা আছিল প্ৰথম আৰু একমাত্ৰ মহিলা।
 
এই গাঁৱত মুছলমান মহিলাসকলে নিজৰ মতামত মুক্তভাৱে দাঙি ধৰিব পাৰে, কিয়নো মহল্লা সমিতিয়ে মুছলমানসকলক বিবাহ, বিবাহ বিচ্ছেদ, আৰু অন্যান্য ধৰ্মীয় বিষয়সমূহৰ ওপৰত নিৰ্দেশনা দিয়ে।
 
মহল্লা সমিতিৰ মহিলা সদস্যসকলে আলোচনা কৰি থকা মুহূৰ্তত
 
এই কমিটিখনক দেখি মালাপ্পুৰমৰ সন্থাপুৰমৰ পিছত কোঝিকোড় জিলাৰ ওথায়ামংগলম আৰু শিৱপুৰম গাঁওসমূহেও নিজৰ মহল্লা সমিতিত মহিলাসকলক অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰে।
 
মহল্লা কমিটিসমূহ কেৰেলাৰ মুছলমানসকলৰ বাবে অনন্য, আৰু ইয়াত মহিলাসকলক অন্তৰ্ভুক্ত কৰাটোও বিশেষ পদক্ষেপ।
 
কেৰালাৰ জামাত-ই-ইছলামী হিন্দৰ মহিলা শাখাৰ তথ্য অনুসৰি বৰ্তমান ৬০০টা মছজিদৰ ভিতৰত ৮৭ খন কমিটীত মহিলা সদস্য আছে।
 
মহিলাসকলে সমিতিত যোগদান কৰাৰ কথা কৈ মনত পেলাই দিয়ে যে আগতে মছজিদৰ চান্দা বিচাৰি কেৱল পুৰুষসকলহে আহিছিল। এদিন ফাতিমা উতি আৰু তেওঁৰ বান্ধৱী কেইগৰাকীমানে সুধিলে, "আপোনালোকে আমাৰ পৰা সদায় চান্দা বিচাৰে কিন্তু মছজিদৰ কাম-কাজত আমাক জড়িত নকৰে কিয় ?"
 
মছজিদ প্ৰতিনিধি আৰু গাঁৱৰ মহিলাসকলৰ মাজত হোৱা কথা-বতৰাৰ মাজত মছজিদৰ মহল্লা কমিটিত মহিলাসকলক অন্তৰ্ভুক্ত কৰিব বুলি কোনেও আশা কৰা নাছিল।
 
ইয়াৰ কিছু সময়ৰ পিছতে মছজিদ কমিটীয়ে মুছলমান মহিলাসকলক চুবুৰীয়া কমিটীৰ বাবে চান্দা সংগ্ৰহত সহায় কৰিবলৈ কয়।
 
সমিতিৰ কেইবাখনো উপ-সমিতি আছে যিয়ে বিভিন্ন কাম চম্ভালে, যেনে বিবাহৰ পৰামৰ্শ আৰু আত্মনিয়োগৰ প্ৰসাৰ। এখন উপ-সমিতিই দৰিদ্ৰ মুছলমান পৰিয়ালৰ ছোৱালীৰ বিয়াত আৰ্থিক সহায় আগবঢ়ায়। মহাল্লা সমিতিৰ মহিলাসকলেও আন মহিলাসকলক শিক্ষিত কৰাত সহায় কৰে। ওথায়মংগলম সমিতিৰ সদস্য বনুজা বিদাকুভিথেলে কয় যে ক'ভিড লকডাউনৰ সময়ত বহু পৰিয়ালে চাকৰি হেৰুৱাইছে। "আমি সকলো ধৰ্মৰ লোকক তেওঁলোকৰ কঠিন সময়ত বিনামূলীয়াকৈ খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিলো।"
 
সমিতিখনৰ উদ্যোগত বহু মুছলমান মহিলা এতিয়া সক্ৰিয়ভাৱে সামাজিক কামত জড়িত হৈ পৰিছে। কলিকাট বিশ্ববিদ্যালয়ৰ সমীপৰ দেওথ্যালৰ বাসিন্দা তথা সমিতিখনৰ সদস্য ছালভা কে পিয়ে কয় যে, "আমি মহাল্লা সমিতিৰ অংশ হও বা নহওঁ, সমাজিক কামৰ লগত জড়িত হোৱাৰ উপায় সদায় বিচাৰি উলিয়াব পাৰো। কিন্তু কমিটীত থকাৰ বাবে আমাক অধিক ক্ষমতা লাভ কৰোঁ। গতিকে সকলোৱে মানুহৰ বাবে কাম কৰক।"
 
কেৰেলাৰ মুছলমান কইনা
 
মছজিদৰ মহাল্লা সমিতিত মহিলাসকলক অন্তৰ্ভুক্ত কৰাত সহায় কৰা ফাতিমাই কয় যে এই পৰিৱৰ্তনে চুবুৰীয়া সমিতিসমূহ পৰিচালনা কৰাত যথেষ্ট সহজ হৈ পৰিছে আৰু উন্নতি  সাধন হৈছে।
 
তেওঁৰ মতে, "সকলো সম্প্ৰদায়ৰ লিংগ বৈষম্যৰ সমস্যাসমূহ সমাধান কৰাটো গুৰুত্বপূৰ্ণ। যুৱ আৰু শিক্ষিত মহিলাসকলে আগুৱাই আহিব লাগিব। সেইটোৱেই হৈছে পৰিৱৰ্তন আৰু মহিলা সৱলীকৰণ সৃষ্টি কৰাৰ একমাত্ৰ উপায়।"
 
ওথায়ামংগলম চুবুৰীয়া সমিতিৰ সদস্য বানুজাই বিশ্বাস কৰে যে মুছলমান মহিলাসকলে ইজনে সিজনৰ লগত নিজৰ সমস্যাৰ বিষয়ে মুকলিকৈ কথা পতাটো গুৰুত্বপূৰ্ণ কাৰণ বহু মহিলাই পুৰুষৰ সন্মুখত কথা ক’বলৈ অস্বস্তি অনুভৱ কৰে।
 
কেৰালা উচ্চ ন্যায়ালয়ৰ আইনী সেৱা প্ৰাধিকৰণৰ জ্যেষ্ঠ পেনেল মেম্বাৰ ছাজানা মালাথে কয়, "মছজিদ কমিটীত মহিলাক অন্তৰ্ভুক্ত কৰাটো লিংগ সমতাৰ দিশত এক ইতিবাচক পদক্ষেপ। সমতা এতিয়া নিয়মত পৰিণত হৈছে। মছজিদৰ মহল্লা কমিটীয়ে নৱ প্ৰজন্মৰ বাবে এক ইতিবাচক আদৰ্শ দাঙি ধৰিছে।"
 
১৯৩০ চনত প্ৰথমবাৰৰ বাবে মহিলাৰ মছজিদত প্ৰৱেশৰ বিষয়টো উত্থাপন হৈছিল। ১৯৪৬ চনত মালাপ্পুৰমৰ ওথাই গাঁৱৰ মছজিদত প্ৰথমবাৰৰ বাবে মহিলাসকলে জুমাৰ নামাজত অংশ লয়। ১৯৫০ চনত কেৰেলা নিদ্বাট মুজাহিদীন গঠনৰ ফলত মহিলাক মছজিদত অনুমতি দিয়াৰ চাহিদা বৃদ্ধি পায়। মুজাহিদ সংগঠন আৰু জামাত-ই-ইছলামীয়ে মছজিদত মহিলাৰ বাবে সুকীয়া স্থান সৃষ্টি কৰিছিল।
 
২০১৫ চনত মছজিদ কমিটীত মহিলাক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গৃহীত হৈছিল যদিও ইয়াৰ পিছত মাত্ৰ কেইটামান মছজিদেহে গ্ৰহণ কৰিছিল। ২০২২ চনত এক নিৰ্দেশ জাৰি কৰি সকলো মছজিদতে মহিলাক নিজৰ কমিটীত অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰিছিল।
 
কেৰালাৰ ফাতিমা উটিয়ে কেৱল মুছলমান মহিলাক মছজিদত প্ৰৱেশৰ অনুমতি দিয়াই নহয়, মহল্লা সমিতিতো অন্তৰ্ভুক্ত কৰিছে। আজি তেওঁৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমান মহিলাই এই কামৰ বাবে সক্ৰিয়ভাৱে ওলাই আহিছে। সমগ্ৰ দেশৰ মহিলাসকল, বিশেষকৈ মুছলমান মহিলাসকলে ফাতিমাৰ এই প্ৰচেষ্টাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত।