ৱায়নাড়ৰ দূৰ্যোগঃ ভাৰতীয় সেনাৰ এগৰাকী মহিলা বিষয়াৰ নেতৃত্বত যুদ্ধকালীন তৎপৰতাৰে চলিছে উদ্ধাৰ অভিযান

Story by  atv | Posted by  [email protected] • 5 Months ago
মেজৰ সীতা শ্বেলকি
মেজৰ সীতা শ্বেলকি

নতুন দিল্লী
 
কেৰালাৰ ৱায়নাড়ত প্ৰকৃতিৰ ভয়াবহ ৰূপে সকলোকে শংকিত কৰি তুলিছে। দেশৰ ইতিহাসৰ অন্যতম বৃহৎ প্ৰাকৃতিক দূৰ্যোগ হিচাপে পৰিগণিত হোৱা ভূমিস্খলনৰ ঘটনাই ৩০০ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে। এনে দূৰ্যোগৰ সময়ত ভাৰতীয় সেনাই অঞ্চলটোত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে।

ইয়াৰ মাজতে প্ৰাকৃতিক দূৰ্যোগে থানবান কৰা চহৰখনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ সৈতে জড়িত ভাৰতীয় সেনাৰ এগৰাকী মহিলা অভিযন্তাৰ ত্যাগ, কষ্ট আৰু কৰ্তব্যনিষ্ঠাৰ কাহিনীয়ে দেশবাসীৰ হৃদয় জয় কৰিছে।   
  
ৱায়ানাড়ত এটা নিশাৰ ভিতৰতে নিৰ্মাণ হৈ উঠা দলখনৰ কামত নিয়োজিত ১৪০ জনীয়া ভাৰতীয় সেনাৰ জোৱানৰ দল এটাৰ নেতৃত্ব দিয়া মহিলা অভিযন্তাগৰাকী হৈছে মেজৰ সীতা শ্বেলকি। অত্যন্ত সাহস আৰু দৃঢ়তাৰে আৰ্তজনৰ কাষত থিয় দিয়া সীতা শ্বেলকিয়ে কয় যে তেওঁ এগৰাকী সৈনিক হিচাপে নিজকে গৌৰৱ অনুভৱ কৰে আৰু দেশবাসীৰ বিপদৰ সময়ত সেৱা আগবঢ়াবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ। কৰ্তব্যৰ সময়ত তেওঁ কেতিয়াও নিজকে কেৱল এগৰাকী মহিলা বুলি অনুভৱ নকৰে। 

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বেলকিয়ে কয় যে তেওঁ নিজকে কেৱল মহিলা হিচাপে পৰিচয় দিয়াৰ সলনি এগৰাকী সৈনিক বুলি পৰিচয় দি ভাল পায়। 

"ভাৰতীয় সেনাৰ এই উদ্ধাৰকাৰী দলৰ অংশ হ'বলৈ পাই মই অপৰিসীম গৌৰৱ অনুভৱ কৰিছো। এই দলংখন আমাৰ জোৱানসকলৰ প্ৰচেষ্টাৰ ফল। দেশৰ জনসাধাৰণক বিপদৰ সময়ত সহায় কৰিবলৈ পাই আমি গৌৰৱান্বিত।"-মহিলা সেনা অভিযন্তাগৰাকীয়ে কয়।
উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰতীয় সেনাই চৌৰালমালাৰ পৰা মুনাডক্কাইলৈ ​​১৯০ ফুট উচ্চতাৰ গুৰুত্বপূৰ্ণ বেইলী দলং নিৰ্মাণৰ কাম নিশাৰ ভিতৰতে সম্পূৰ্ণ কৰি অভিলেখ সৃষ্টি কৰে।
 
"প্ৰতিকূল বতৰ, বৃদ্ধি পোৱা জলস্তৰ, ধ্বংসাৱশেষৰ মাজত উদ্ধাৰ অভিযান চলোৱাটো বহুতৰ বাবে কঠিন কাম যেন লাগে, কিন্তু ভাৰতীয় সেনাৰ বাবে এয়া কঠিন নহয়। সাহায্য অভিযানত অদম্য দৃঢ়তা, হাৰ নমনা মানসিকতা, আৰু সৰ্বোচ্চ ত্যাগৰ পৰিচয় দি মাদ্ৰাজ চেপাৰ্ছে ১৯০ ফুট উচ্চতাৰ বেইলী দলংখন এটা নিশাৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়ায়। ইয়াৰ ফলত উদ্ধাৰ অভিযান আৰু তীব্ৰতৰ হৈ উঠিছে। ভাৰতীয় সেনা আৰু প্ৰতিকূলতাৰ সময়ত দিনে-নিশাই কাম কৰা সাহসী যোদ্ধাসকলক আমি প্ৰণাম জনাইছো।"-এক্সত ভাৰতীয় সেনাৰ দক্ষিণ কমাণ্ডই এক পোষ্টত এইদৰে কয়।

ৱায়ানাড়ত সেনাবাহিনীৰ সকলো উদ্ধাৰ অভিযানৰ দায়িত্বত থকা বিষয়া মেজৰ জেনেৰেল ভি টি মেথিউৱে সংবাদ মাধ্যমক জনোৱা মতে, দলং নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা সা-সামগ্ৰীৰ এটা অংশ বেংগালুৰুৰ পৰা পথেৰে অনা হৈছিল আৰু ভাৰতীয় সেনাই দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰাৰ ফলত ইমান সোনকালে দলংখন সম্পূৰ্ণ হৈ উঠিছে।
তেওঁ লগতে কয় যে সেনাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িছে। ২৪ টন ওজন বহন কৰিব পৰা ক্ষমতাযুক্ত দলঙখনৰ ফলত সেনাৰ উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ হৈছে। 

মাদ্ৰাজ ইঞ্জিনিয়াৰিং গ্ৰুপে (মাদ্ৰাজ চেপাৰ্ছ নামেৰেও পৰিচিত) নিশাটোৰ ভিতৰতে ১০০ ফুট দৈৰ্ঘ্যৰ এখন ইম্প্ৰভাইজড ফুটব্ৰিংও নিৰ্মাণ কৰিছে। বৃহস্পতিবাৰে পুৱা ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰা হয়। ইয়াৰ ফলত উদ্ধাৰ অভিযানত সহায় হৈছে আৰু আবদ্ধ লোকসকলক দ্ৰুতভাৱে উলিয়াই অনাত সহায়ক হৈছে।