নতুন দিল্লী
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বাজেট অধিৱেশনৰ পূর্বে সংসদৰ বাহিৰত দিয়া ভাষণত কয়- 'আজি সংসদত দাখিল হ'বলগীয়া এইবাৰৰ কেন্দ্রীয় বাজেটে ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত' গঢ়াৰ লক্ষ্যত উপনীত হ'ব আৰু এইক্ষেত্ৰত নতুন আত্মবিশ্বাস আৰু শক্তিৰ সৃষ্টিৰে দেশৰ সামগ্রিক উন্নয়নত দেশে আগবাঢ়িব।'
প্রধানমন্ত্রীয়ে লগতে কয় যে ২০১৪ চনৰ পিচত হয়তো এইবেলিয়ে প্ৰথমবাৰৰ বাবে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে বিদেশী কোনো শক্তিয়ে ভাবুকি দি আক্ৰমণৰ চেষ্টা কৰা নাই।
প্রধানমন্ত্রী মোদীয়ে কয়- '২০১৪ চনৰ পৰা প্ৰতিবছৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে বিশ্বৰ ভিন্ন প্ৰান্তৰ বিদেশী শক্তিয়ে আক্ৰমণ চলোৱাৰ চেষ্টা কৰি আহিছে। অৱশ্যে এইবাৰ এনে কোনো ঘটনা সংঘটিত নহ'ল। বাজেট অধিৱেশনৰ পূৰ্বে ২০১৪ চনৰ পৰা প্ৰতিবছৰে দেশত বিদেশী ৰাষ্ট্ৰৰ শক্তিয়ে আক্রমণ চলোৱাৰ ভাবুকি দি আহিছে বা আক্রমণ চলাই আহিছে।'
প্রধানমন্ত্রীয়ে লগতে কয় যে ভাৰত এতিয়া পূৰ্বতকৈ অধিক শক্তিশালী। তেওঁৰ চৰকাৰে তৃতীয়টো কাৰ্যকালত দেশৰ সৰ্বাংগীণ উন্নয়নৰ বাবে উদ্ভাবন, অন্তর্ভুক্তি, বিনিয়োগত গুৰুত্ব আৰোপ কৰিছে। কাইলৈ বাজেট অধিৱেশনত গৃহীত হ'ব বহু ঐতিহাসিক বিধেয়ক আৰু পৰৱৰ্তী সময়ত দেশক শক্তিশালী কৰাৰ বাবে আলোচনাৰ অন্তত সেয়া আইনত পৰিণত কৰা হ'ব। বিশেষকৈ মহিলা সবলীকৰণৰ বাবে বাজেট অধিৱেশনৰ সময়ত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হ'ব, যাতে তেওঁলোকে সমঅধিকাৰ লাভ কৰে আৰু যিকোনো সাম্প্রদায়িক বা বিশ্বাসভিত্তিক বৈষম্য দূৰ কৰিব বুলি প্রধানমন্ত্রীয়ে ভাষণত এইদৰে কয়।