মিছ ইউনিভাৰ্ছ সৌন্দৰ্য্য প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ ল'বলৈ সাজু UAEৰ সুন্দৰী

Story by  atv | Posted by  [email protected] • 8 d ago
মিছ ইউনিভাৰ্ছ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশ ল'বলৈ সাজু ইউএইৰ মডেল এমিলিয়া ড'ব্ৰেভা
মিছ ইউনিভাৰ্ছ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশ ল'বলৈ সাজু ইউএইৰ মডেল এমিলিয়া ড'ব্ৰেভা
 
আৱাজ দ্য ভইচ ব্যুৰ'

সন্মানীয় মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে সংযুক্ত আৰব আমিৰশ্বাহী (UAE)। মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত দেশৰ অংশগ্ৰহণৰ কথা ঘোষণা কৰা হৈছে। ইনষ্টাগ্ৰাম পোষ্টত ইণ্ডোনেছিয়াৰ এগৰাকী ব্যৱসায়ী পপি কেপেলাক ইউ এ ই ফ্ৰেঞ্চাইজি আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰীয় পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে।

ইয়াৰ পূৰ্বে তেওঁ মিছ ইউনিভাৰ্ছ ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ ৰাষ্ট্ৰীয় পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী ফেশ্বন মডেল তথা তিনিটা সন্তানৰ মাতৃ এমিলিয়া ড'ব্ৰেভা (Emilia Dobreva)ই ১৬ নৱেম্বৰ শনিবাৰে মেক্সিকো চিটীত অনুষ্ঠিত হ’বলগীয়া ৭৩ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত দেশখনক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে। খালিজ টাইমছৰ বাতৰি অনুসৰি ৰাষ্ট্ৰীয় সাজ-পোছাকৰ ৰাউণ্ডৰ সময়ত ডব্ৰেভাই আবায়া পিন্ধিব।
সৌন্দৰ্য্য প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাটো ডব্ৰেভাৰ বাবে নতুন কথা নহয়। অক্টোবৰ মাহত তেওঁ আন চাৰিগৰাকী প্ৰতিযোগীক পৰাস্ত কৰি মিছ ইউনিভাৰ্ছ ইউ এ ইৰ মুকুট পৰিধান কৰিছিল আৰু দেশখনৰ বাবে এক ডাঙৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়।
 
“মডেল আৰু সৌন্দৰ্য জগতৰ প্ৰতি থকা মোৰ প্ৰেমক আৰু বিশেষ কৰি তুলিবলৈ মই এতিয়া ধুনীয়া চহৰ মেক্সিকোত আছো। ইয়াৰ উদ্যম একেবাৰে অবিশ্বাস্য, আৰু এই সজীৱ সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰি মই ইমানেই কৃতজ্ঞ যে মই আনকি স্পেনিছ ভাষাও অলপ অলপ কৈ শিকিবলৈ আৰম্ভ কৰিছো, আৰু এই আচৰিত যাত্ৰাৰ সময়ত আৰু অধিক মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ মই উৎসাহিত, ” এমিলিয়া ডব্ৰেভাই কয়।
 

উল্লেখ্য যে, মিছ ইউনিভাৰ্ছ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশ লোৱাৰ ক্ষেত্ৰত বয়স, উচ্চতা, ওজন আৰু বৈবাহিক স্থিতিৰ সকলো সীমা ২০২৩ চনত উঠাই লোৱা হৈছিল। সৌন্দৰ্য্য প্ৰতিযোগিতাৰ পূৰ্বৰ নিয়ম অনুসৰি, ১৮ৰ পৰা ২৮ বছৰ বয়সৰ সন্তান নথকা অবিবাহিত মহিলাসকলকহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া হৈছিল। 

হাৰ্পাৰ’ছ বাজাৰ ভিয়েটনাম (Harper’s Bazaar Vietnam)ৰ মতে, এই মডেলগৰাকী পৰিয়ালৰ সৈতে ইউ এ ইলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে ব্ৰিটেইনৰ লণ্ডনত ডাঙৰ-দীঘল হৈছিল। ১২ বছৰ বয়সত মডেলিং আৰম্ভ কৰা ডব্ৰেভাই নিউ ইয়েৰ ফেশ্বন উইক, চেংডু সৌন্দৰ্য্য প্ৰতিযোগিতা, ডুবাই ফেশ্বন উইক, ৰিয়াদ ফেশ্বন উইককে ধৰি বিশ্বজুৰি বিভিন্ন ফেশ্বন ইভেণ্টত অংশ লৈছে।
 
ডব্ৰেভাক তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে ২০১৬ চনৰ মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হৈছিল। ২০১৯ আৰু ২০২০ চনত তেওঁ চীনৰ চেংডুত ক্ৰমে মিছ ফ্ৰেণ্ডশ্বিপ ইণ্টাৰনেশ্যনেল আৰু মিছ টেলেণ্ট-ৱিনাৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।