ভাৰতীয় ৰে'লৱেত মহিলা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি

Story by  atv | Posted by  [email protected] • 1 d ago
ভাৰতীয় ৰে'লৱেত মহিলা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি
ভাৰতীয় ৰে'লৱেত মহিলা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি
 
নতুন দিল্লী
 
১২.৩ লাখৰো অধিক কৰ্মচাৰী থকা ভাৰতীয় ৰে’লৱেত নিজৰ কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতীয় ৰে’লৱেত মহিলা কৰ্মচাৰীৰ সংখ্যাই বৰ্তমান ১.১৩ লাখ অতিক্ৰম কৰিছে আৰু মুঠ ২০১৪ চনৰ ৬.৬ শতাংশৰ পৰা বৰ্তমান ৮.২ শতাংশলৈ বৃদ্ধি পাইছে।
 
ভাৰতৰ সকলো প্ৰান্ততে ৰে’ল নেটৱৰ্কত মহিলা কৰ্মচাৰীসকলে বিভিন্ন পদত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এক চৰকাৰী বিবৃতি অনুসৰি বৰ্তমান ২১৬২ গৰাকী মহিলাই লোকো পাইলট হিচাপে কাম কৰি থকাৰ বিপৰীতে ৭৯৪ গৰাকী মহিলাই ৰে’ল পৰিচালক (গাৰ্ড)ৰ ভূমিকা গ্ৰহণ কৰিছে।
 
ইয়াৰ উপৰিও সমগ্ৰ ভাৰততে ১,৬৯৯ গৰাকী মহিলা ষ্টেচন মাষ্টাৰ নিয়োজিত হৈ আছে, যিয়ে ৰে’লৱেৰ কাম-কাজ সুচাৰুৰূপে চলাত অৰিহণা যোগাইছে। কাৰ্য্যকৰী ভূমিকাৰ উপৰিও প্ৰশাসনিক আৰু ৰক্ষণাবেক্ষণ খণ্ডত মহিলাসকলে যথেষ্ট প্ৰভাৱ পেলাইছে।
 
ভাৰতীয় ৰে’লৱেত ১২,৩৬২ গৰাকী মহিলা কাৰ্যালয় কৰ্মচাৰী আৰু ২,৩৬০ গৰাকী মহিলা তত্বাৱধায়ক আছে। পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান ক্ষেত্ৰ ট্ৰেক মেইণ্টেনেন্সত এতিয়া ৭,৭৫৬ গৰাকী মহিলাই ৰে’লৰ নিৰৱচ্ছিন্ন গতিবিধি নিশ্চিত কৰাৰ বাবে কাম কৰি আছে।
 
যাত্ৰী সেৱাৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে মহিলাসকল। ৪,৪৪৬ গৰাকীয়ে টিকট চেকাৰ আৰু ৪,৪৩০ গৰাকীয়ে সমগ্ৰ দেশৰ ৰে’ল ষ্টেচনত ‘পইণ্টমেন’ হিচাপে কাম কৰি আছে।লিংগ অন্তৰ্ভুক্তিৰ দিশত প্ৰগতিশীল পদক্ষেপ হিচাপে ভাৰতীয় ৰে’লৱেই সৰ্বমহিলা কৰ্মশক্তিৰে কেইবাটাও ৰে’ল ষ্টেচন সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিছে।
 
উল্লেখযোগ্য যে, মাটুংগা আৰু নিউ অমৰাৱতী ৰে’ল ষ্টেচনৰ লগতে অজনী আৰু গান্ধীনগৰ ৰে’ল ষ্টেচনে ৰে’ল খণ্ডৰ মহিলাসকলক সবলীকৰণৰ দিশত মাইলৰ খুঁটি হিচাপে কাম কৰিছে। এই সন্দৰ্ভত ৰে’লৱেৰ এগৰাকী বিষয়াই কয়, ‘ভাৰতীয় ৰে’লৱেত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিয়ে দেশৰ অন্যতম জটিল খণ্ডত লিংগ সমতা আৰু সৱলীকৰণৰ দিশত ইতিবাচক পৰিৱৰ্তন প্ৰতিফলিত কৰিছে।