নতুন দিল্লী
ভাৰতৰ উৎপাদন ক্ষেত্ৰত মহিলা পৰিচালিত প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হৈছে। Annual Survey of Unincorporated Sector Enterprise (ASUSE) 2023-24 ৰ প্ৰতিবেদন অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত উৎপাদন খণ্ডত ৫৮ শতাংশ প্ৰতিষ্ঠান মহিলা উদ্যোগীৰ নেতৃত্বত আছিল। যি পূৰ্বৰৰ বছৰ তুলনাত ৪ শতাংশ অধিক।
প্ৰতিবেদনখনত আৰু কোৱা হৈছে ২০২৩-২৪ বৰ্ষত সামগ্ৰীকভাৱে মুঠ কৰ্মীৰ ভিতৰত ২৮.১ শতাংশ আছিল মহিলা। বিশেষকৈ One Account Enterprises ত মহিলাসকলৰ উপস্থিতি আছিল উল্লেখযোগ্য। য’ত মুঠ কৰ্মীসকলৰ ৩৩.৭ শতাংশই মহিলা।
মহিলাৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানক সংখ্যা বৃদ্ধি ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ প্ৰতিষ্ঠানৰ ২২.৯ শতাংশ মহিলা পৰিচালিত প্ৰতিষ্ঠান আছিল। ইয়াৰ পাছৰ ২০২৩-২৪ বিত্তীয় বৰ্ষত মহিলাৰ দ্বাৰা পৰিচালিত মুঠ প্ৰতিষ্ঠানৰ সংখ্যা ২৬.২ শতাংশ হৈছেগৈ। অন্যান্য পৰিসেৱা ক্ষেত্ৰতো মহিলা উদ্যোক্তাৰ সংখ্যা বৃদ্ধি হৈ ৯.৭ শতাংশৰ পৰা ১৪.২ শতাংশ হৈছেগৈ।
কৰ্ম ক্ষেত্ৰ অনুসৰি উৎপাদন খণ্ডত মহিলা কৰ্মীৰ অংশগ্ৰহণ আছিল সৰ্বাধিক ৪৬.৫ শতাংশ। তাৰ পাছত অন্যান্য পৰিসেৱা খণ্ডত ২২.৫ শতাংশ আৰু বাণিজ্য খণ্ডত ১৯.২১ শতাংশ হয়।
ৰাজ্য ভিত্তিক পৰিসংখ্যা মহিলা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে পশ্চিমবংগ। ৰাজ্যখনত ১২.৭ শতাংশ মহিলাই কৰ্ম সংস্থাপন লাভ কৰিছে। ইয়াৰ পাছতে আছে উত্তৰ প্ৰদেশ। ৰাজ্যখনে ১০.৪ শতাংশ মহিলাক সংস্থাপন দিছে।
মহিলাৰ সংস্থাপনৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে মহাৰাষ্ট্ৰ।ৰাজ্যখনত মহিলাৰ সংস্থাপনৰ সংখ্যা ৯.৭ শতাংশ। গ্ৰামাঞ্চলৰ ক্ষেত্ৰতো সৰ্বাধিক মহিলা সংস্থাপিত হৈছে পশ্চিমবংগতে।
ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ১৬ শতাংশ মহিলা সংস্থাপিতষ চহৰাঞ্চলৰ ভিতৰত আকৌ ১৩ শতাংশ মহিলাক সংস্থাপনেৰে মহাৰাষ্ট্ৰ আছে শীৰ্ষত।
অসংগঠিত খণ্ডৰ গুৰুত্ব অসংগঠিত আৰু অনাকৃষি খণ্ডই দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কাৰণ এই খণ্ডই বিপুল সংখ্যক কৰ্মসংস্থাপন তৈয়াৰ কৰে। এই খণ্ডই জিডিপিলৈ বৃহৎ অৱদান আগবঢ়ায়। এনেখণ্ডত ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৪ ৰ ছেপ্টেম্বৰ পৰ্যন্ত মুঠ প্ৰতিষ্ঠান ১২.৮ শতাংশৰ পৰা ১০.১ শতাংশ হৈছেগৈ।
এই বৃদ্ধিৰ ধাৰাই ভৱিষ্যতে মহিলাসকলৰ ভিতৰত আৰু অধিক উদ্যোগীৰ সৃষ্টি কৰাৰ সুযোগ তৈয়াৰ কৰিব বুলিও দাবী কৰিছে বিশেষজ্ঞসকলে।