ভাৰতৰ সূৰুযমুখী যাত্ৰা আৰম্ভ; Aditya-L1এ পৃথিৱীলৈ প্ৰেৰণ কৰা তথ্য অধ্যয়ন কৰিব অসমৰ ঐশ্বন্যা শৰ্মাই

Story by  atv | Posted by  [email protected] • 1 Years ago
Aditya-L1এ প্ৰেৰণ কৰা তথ্য অধ্যয়ন কৰিব অসমৰ ঐশ্বন্যা শৰ্মাই
Aditya-L1এ প্ৰেৰণ কৰা তথ্য অধ্যয়ন কৰিব অসমৰ ঐশ্বন্যা শৰ্মাই
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূৰ্যমুখী অভিযানৰ সৈতে জড়িত হৈ আছে অসমৰ এগৰাকী মহিলা। শনিবাৰে পুৱা ১১.৫০ত মহাকাশলৈ উৰা মৰা ইছৰ'ৰ 'আদিত্য এল-১' মহাকাশ যানৰ সৈতে জড়িত হৈ অসমবাসীক গৌৰবান্বিত কৰিছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই।
 
সূৰ্যৰ জটিল প্রক্রিয়াবিলাক অধ্যয়ন কৰিবলৈ ইছৰ'ৱে মহাকাশলৈ প্ৰেৰণ কৰা 'আদিত্য এল-১'ৰ কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব দিবলৈ যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে দায়িত্ব লাভ কৰিছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° ঐশ্বন্যা শৰ্মাই। 
 
আদিত্য এল-১ৰ সৈতে সংলগ্ন দূৰবীক্ষণ যন্ত্র সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope)-এ সংগ্ৰহ কৰি পঠিয়াবলগীয়া তথ্যৰ পৰা সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ বিষয়ে তেওঁ অধ্যয়ন কৰিব। 
মনকৰিবলগীয়া যে, ড° শৰ্মাই ২০১৫ চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্র SUITৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদার্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAAৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দুৰ্গেশ ত্রিপাঠীৰ সৈতে কাম কৰি আছে। 
 
ড° শৰ্মা যোৰহাট ৰজামৈদাম নিউ কলনিৰ বিচিত্ৰ শৰ্মা, দীপালী শৰ্মাৰ কন্যা আৰু নগৰৰ উপকণ্ঠৰ পদুমনি নিবাসী তথা চিলাপথাৰ মহাবিদ্যালয়ৰ শিক্ষক উৎপল শ‍ইকীয়াৰ পত্নী। ভাৰতৰ সূর্যমুখী অভিযানৰ ঐতিহাসিক যাত্ৰাত ড° ঐশ্বন্যা শৰ্মা জড়িত হোৱাটো যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে আনন্দৰ বিষয় হিচাপে পৰিগণিত হৈছে। 
 
উল্লেখ্য যে, শনিবাৰৰ পুৱা ১১:৫০ বজাৰ লগে লগে সমগ্ৰ দেশবাসী আন এক ঐতিহাসিক ক্ষনৰ সাক্ষী হয়।  অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ লঞ্চিং পেডৰ পৰা ভাৰতীয় ৰকেট ‘পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল’ (পি এছ এল ভি)ৰ কান্ধত উঠি আদিত্য-এল ১ মহাকাশ যানে সূৰ্য্যমুখী যাত্ৰা আৰম্ভ কৰে। 
 
ইয়াৰ পূৰ্বে, ২৩ আগষ্টত ইছৰোৰ তৃতীয়খন মহাকাশযানে চন্দ্ৰ পৃষ্ঠ স্পৰ্শ কৰিছিল। সন্ধিয়া ৬:৪০ বজাত ৰভাৰ প্ৰজ্ঞানক লৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম। এই গৌৰৱময় সাফল্যৰ ১০ দিনৰ ভিতৰতে এইবাৰ ইছৰোৰ সৌৰ মহাকাশযান আদিত্য-এল১ সফলতাৰে সূৰ্য্যৰ ফালে উৰা মাৰিলে।
 
আদিত্য-এল১ হৈছে ভাৰতৰ পৰা সূৰ্য্যলৈ প্ৰেৰণ কৰা প্ৰথমখন মহাকাশ যান। সূৰ্য্যৰ আন এটা নাম আদিত্যৰ নামেৰে এই মহাকাশযানখনৰ নামাকৰণ কৰা হৈছে। ইছৰোৰ মতে, মহাকাশযানখন সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ ‘হেলো’ কক্ষপথৰ লেগ্ৰেঞ্জ পইণ্ট বা এল ১ পইণ্টত স্থাপন কৰা হ’ব। পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গন্তব্য স্থানত উপস্থিত হ’ব মহাকাশযানখন। ইয়াৰ বাবে আদিত্যক প্ৰয়োজন হ'ব প্ৰায় ১২০ দিন সময়। সূৰ্য্যৰ বায়ুমণ্ডলৰ বিভিন্ন তথ্য সংগ্ৰহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছে আদিত্য-এল১।
 
ইছৰোৰ সূত্ৰ অনুসৰি আদিত্য-এল১এ উৎক্ষেপণৰ পিছত প্ৰায় ১৬ দিন পৃথিৱীক প্ৰদক্ষিণ কৰিব। এই ১৬ দিনত আদিত্যই পাঁচটা পৰ্যায়ত গতি বৃদ্ধি কৰি সূৰ্য্যৰ ফালে ৰাওনা হ’ব। ইয়াৰ পৰৱৰ্তী ১১০ দিনত আদিত্যই সূৰ্য্যৰ ফালে যাত্ৰা কৰি নিৰ্দিষ্ট দূৰত্বত স্থিৰ হৈ থকা সূৰ্যক পৰ্যবেক্ষণ কৰিব। এই লেগ্ৰেঞ্জ বিন্দুত সূৰ্য্য আৰু পৃথিৱীৰ আকৰ্ষণ আৰু বিকৰ্ষণ বলবোৰে একেলগে ক্ৰিয়া কৰে। ফলত কৃত্ৰিম উপগ্ৰহ এই অঞ্চলত উপনীত হোৱাৰ পিছতো স্থবিৰ হৈ থাকিব পাৰে। আদিত্য-এল১-এ মহাকাশৰ বায়ুমণ্ডল, বতৰ, ইয়াৰ ওপৰত সূৰ্য্যৰ প্ৰভাৱ জানিবলৈ চেষ্টা কৰিব।
উল্লেখ্য যে, আদিত্য-এল১ বাহনখনে মুঠ ৭টা পেলোড কঢ়িয়াই লৈ ফুৰে। সূৰ্যৰ বিভিন্ন স্তৰ বিতংভাৱে নিৰীক্ষণ কৰিব পৰাকৈ এইবোৰৰ ডিজাইন কৰা হৈছে। এই পেলোডবোৰে ফটোস্ফিয়াৰৰ পৰা ক্ৰম’স্ফিয়াৰ বা সূৰ্য্যৰ আটাইতকৈ বাহিৰৰ স্তৰ ক’ৰ’নালৈকে যিকোনো বস্তু পৰ্যবেক্ষণ কৰিব। ইয়াৰ উপৰিও ই বিজ্ঞানীসকলক সৌৰ উত্তাপ, সৌৰ পদাৰ্থৰ নিৰ্গমন, সৌৰ ধুমুহা আদি সূৰ্যকেন্দ্ৰিক পৰিঘটনাসমূহ বুজিবলৈও সহায় কৰিব। ইয়াৰ দুটা মূল পেলোড হৈছে ভিজিবল ইমিছন লাইন ক’ৰ’নাগ্ৰাফী (VELC) আৰু ছ’লাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ (SUIT)। লেগ্ৰেঞ্জ পইণ্টত উপনীত হোৱাৰ পিছত ভিইএলচি পেলোডে পৃথিৱীলৈ প্ৰতিদিনে ১৪৪০খন ছবি প্ৰেৰণ কৰিব। গতিকে এই পেলোডক আদিত্য-এল১ৰ অন্যতম গুৰুত্বপূৰ্ণ পেলোড বুলি গণ্য কৰা হয়।
 
আদিত্য-এল১ অভিযানৰ বাবে প্ৰায় ৩৭৮.৫৩ কোটি টকা ব্যয় হ'ব। এই অভিযান সফল হ’লে ইছৰোৱে সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও এই মহাকাশযানখনে সৌৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুজিবলৈও সহায় কৰিব। এই অভিযানৰ জৰিয়তে ভাৰতে সূৰ্য্যৰ বিষয়ে বহু অজ্ঞাত তথ্য লাভ কৰিব বুলি আশা কৰা হৈছে।


শেহতীয়া খবৰ