মিছ ইণ্ডিয়া হোৱাৰ সপোন ত্যাগ কৰি অসামৰিক সেৱাত যোগদান কৰা তাস্কিন খানৰ প্ৰেৰণাদায়ী কাহিনী

Story by  atv | Posted by  Munni Begum • 17 d ago
 তাস্কিন খান
তাস্কিন খান
 
আৱাজ দ্য ভইচ / নতুন দিল্লী
 
ভাৰতীয় ৰেলৱে মেনেজমেণ্ট চাৰ্ভিচৰ বিষয়া তাস্কিন খানৰ কাহিনী দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক হৈ পৰিছে। মিছ ইণ্ডিয়া হোৱাৰ সপোন ত্যাগ কৰি অসামৰিক সেৱাত যোগদান কৰাৰ সিদ্ধান্ত লোৱা তাস্কিন খানৰ সফলতাৰ কাহিনী কঠোৰ অধ্যৱসায়, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে ভৰা। 
 
বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটক অবিকল ৰূপত অনুকৰণৰ বাবে বিশেষভাৱে পৰিচিত তাস্কিনে প্ৰথম অৱস্থাত ছ’চিয়েল মিডিয়াৰ চেন্সেছন হিচাপে চৰ্চা লাভ কৰিছিল। কিন্তু ভাৰতীয় অসামৰিক সেৱাত কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লোৱাত তেওঁৰ জীৱনে এক নতুন ৰূপ লাভ কৰে। উত্তৰ প্ৰদেশৰ মেৰঠৰ বাসিন্দা তাস্কিন খানৰ আৰম্ভণিতে সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতি বিশেষ আকৰ্ষিত আছিল। ২০১৬–১৭ চনত আঞ্চলিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ মিছ ডেৰাডুন আৰু মিছ উত্তৰাখণ্ডৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।
 
তাস্কিন খান
 
এই বঁটাসমূহে তেওঁক সৌন্দৰ্য্যৰ গ্লেমাৰাছ জগতখনলৈ আগুৱাই লৈ গৈছিল, আৰু তেওঁ এদিন ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখিছিল। কিন্তু এদিন তাস্কিনৰ যাত্ৰাই এক টাৰ্নিং পইণ্ট লয়, যেতিয়া আই এ এছ হোৱাৰ আকাংক্ষা কৰা তেওঁৰ এজন অনুগামীয়ে তেওঁক অসামৰিক সেৱাক কেৰিয়াৰ হিচাপে বাছি ল’বলৈ উৎসাহিত কৰে।
 
এই পৰামৰ্শই তেওঁক আপ্লুত কৰিছিল আৰু সমাজত অধিক অৰ্থপূৰ্ণ প্ৰভাৱ পেলাবলৈ ইচ্ছা জগাই তুলিছিল। অনুগামীজনৰ সৈতে হোৱা কথা-বতৰাৰ পৰা অনুপ্ৰাণিত হৈ তাস্কিনে মিছ ইণ্ডিয়া হোৱাৰ সপোন এৰি আই আৰ এম এছ (IRMS)ৰ বিষয়া হোৱাৰ কঠিন পথত আগবাঢ়িবলৈ এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰে।
 
সামান্য পেঞ্চন লৈ অৱসৰ গ্ৰহণ কৰা পিতৃৰ আৰ্থিক অৱস্থাই তাস্কিনৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰিছিল। সেই সময়তে দৃঢ়মনা যুৱতীগৰাকীয়ে নতুন লক্ষ্যত উপনীত হ’বলৈ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে আগবঢ়োৱা বিনামূলীয়া ইউ পি এছ চি কোচিং প্ৰগ্ৰেমত নামভৰ্তি কৰে। সীমিত সুবিধাৰ সৈতে তেওঁ নিজকে সম্পূৰ্ণৰূপে পঢ়া-শুনাৰ বাবে উৎসৰ্গা কৰিছিল আৰু ভাৰতৰ অন্যতম কঠিন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় ব্যয় কৰিছিল।
 
তাস্কিন খান
 
অৱশ্যে, তেওঁৰ সফলতাৰ পথ সহজ নাছিল। কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ পিছতো ইউ পি এছ চি পৰীক্ষাত প্ৰথম তিনিটা প্ৰচেষ্টাত তাস্কিনে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। বিফলতাৰ সন্মুখীন হোৱাটো তেওঁৰ বাবে কঠিন আছিল যদিও এই বিফলতাক তেওঁ বাটৰ হেঙাৰ হিচাপে গ্ৰহণ কৰা নাছিল। অসামৰিক সেৱাত যোগদানৰ বাবে তেওঁৰ দায়বদ্ধতা অটল হৈ থাকিল আৰু তেওঁ অদম্য মনোযোগেৰে আগবাঢ়ি গৈ থাকিল।
 
অৱশেষত ২০২২ৰ ইউপিএছচি পৰীক্ষাত তাস্কিন খানৰ কষ্ট আৰু অধ্যৱসায়ে ফল লাভ কৰিলে। ইউ পি এছ চি পৰীক্ষাত তেওঁ অল ইণ্ডিয়া ৰেংক (এ আই আৰ) ৭৩৬ লাভ কৰিবলৈ সক্ষম হয়, যিটো তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ কৃতিত্ব। সম্প্ৰতি ভাৰতীয় ৰেলৱে মেনেজমেণ্ট চাৰ্ভিচৰ বিষয়া হিচাপে কৰ্মৰত তাস্কিন খান কেৱল অনুকৰণৰ দক্ষতাৰ বাবেই নহয়, জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেও সকলোৰে প্ৰশংসা লাভ কৰিছে।
 
সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লোৱাৰ পৰা ভাৰতীয় ৰেলৱে মেনেজমেণ্ট চাৰ্ভিচৰ বিষয়া হোৱালৈকে তাস্কিন খানৰ এই যাত্ৰাই অসামৰিক সেৱাত যোগদান কৰিব বিচৰা সকলো উচ্চাকাংক্ষী যুৱক-যুৱতীৰ বাবে এক প্ৰেৰণাদায়ক কাহিনী হিচাপে চিহ্নিত হৈছে।


শেহতীয়া খবৰ