মহিলা শিক্ষাৰ প্ৰসাৰৰ বাবে জামাত-ই-ইছলামী হিন্দে মুকলি কৰিলে দুখন অনলাইন একাডেমী

Story by  atv | Posted by  [email protected] • 1 d ago
অনলাইন একাডেমীৰ ল’গ’ উন্মোচনৰ সময়ত জামাত-ই-ইছলামী হিন্দৰ বিষয়ববীয়া
অনলাইন একাডেমীৰ ল’গ’ উন্মোচনৰ সময়ত জামাত-ই-ইছলামী হিন্দৰ বিষয়ববীয়া
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

জামাত-ই-ইছলামী হিন্দৰ মুখ্য কাৰ্যালয়ত অলপতে আয়োজিত এক অনুষ্ঠানত দুখন অনলাইন একাডেমীৰ ল’গ’ উন্মোচন কৰা হয়। এই একাডেমীসমূহৰ ভিতৰত আছে আল-উৰৱাতুল ৱুস্কা অনলাইন উৰ্দু কোৰান একাডেমী আৰু কুৰানিক একাডেমী টু এনলাইটেন দ্য মাইণ্ড (QAIM)। আমিৰ-ই-জামাত ছৈয়দ ছাদাতুল্লাহ হুছেইনীয়ে সভাপতিত্ব কৰা এই কাৰ্যসূচীত জামাত-ই-ইছলামী হিন্দৰ অন্যান্য জ্যেষ্ঠ নেতাসকলেও অংশগ্ৰহণ কৰে।
 
এই নেতাসকলৰ ভিতৰত আছে কায়িম-ই-জামাত টি আৰিফ আলী, নাইব উমৰা-ই-জামাত মালিক মোতাছিম খান, এছ আমিনুল হাছান, মৌলানা ৱালিউল্লাহ ছাইদি ফালাহী, আৰু ৰাষ্ট্ৰীয় সম্পাদক ৰহমাতুন্নিছা এ আৰু ছাইষ্টা ৰাফাত আদি। 
 
কার্যসূচীৰ সময়ত ছাইস্তা ৰাফাতে কয়, "এই পদক্ষেপ মহিলাৰ শিক্ষাক উৎসাহিত কৰাৰ দিশত আন এক পদক্ষেপ। ইয়াৰ দ্বাৰা মহিলাসকলে কোৰানৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ সুযোগ লাভ কৰিব। কোৰান হৈছে এনে এক পোহৰ যিয়ে মানুহক সঠিক দিশত পথ প্ৰদৰ্শন কৰে আৰু আন্ধাৰৰ পৰা উলিয়াই আনে। এই একাডেমীসমূহৰ জৰিয়তে আমি ভাষা বা পটভূমি নিৰ্বিশেষে সকলোৰে জীৱনলৈ পোহৰ আনিবলৈ চেষ্টা কৰিছো।"
 
জামাত-ই-ইছলামী-হিন্দৰ অনুষ্ঠানৰ এক মুহূৰ্ত
 
অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰীয় সম্পাদক ৰহমাতুন্নিছাই কয়, “এই একাডেমীসমূহৰ লক্ষ্য হৈছে কোৰানৰ শিক্ষা আৰু নিৰ্দেশনাসমূহ ভালদৰে বুজিবলৈ শিক্ষাৰ্থীসকলৰ মনক জ্ঞান প্ৰদান কৰা। ইয়াৰ জৰিয়তে তেওঁলোকে আধুনিক বিশ্বৰ সমস্যাৰ সমাধান বিচাৰিবলৈ সক্ষম হ’ব। এই একাডেমীসমূহে সমাজৰ সকলো শ্ৰেণীৰ মহিলাসকলক নিয়মীয়াকৈ সহজে বুজিব পৰা বিষয়বস্তু আৰু ইন্টাৰেক্টিভ ছেছনৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা জামাত-ই-ইছলামী হিন্দৰ শৈক্ষিক কাৰ্য্যকলাপৰ এক নতুন অধ্যায়ৰ আৰম্ভণি ঘটিছে আৰু আধ্যাত্মিক আৰু বৌদ্ধিক প্ৰয়োজনীয়তা পূৰণৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।"
 
একাডেমীৰ সমন্বয়ক ৰবিয়া বাছৰীয়ে কয় যে দুয়োখন একাডেমীয়ে শীঘ্ৰে পাঠদান আৰম্ভ কৰিবলৈ সাজু হৈছে। মহিলাসকলক শিক্ষা প্ৰদানৰ লগতে তেওঁলোকৰ আধ্যাত্মিক আৰু বৌদ্ধিক সম্ভাৱনা বিকাশৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।