অনিকা মহেশ্বৰী / নতুন দিল্লী / পুলৱামা
মুছলমান প্ৰধান অঞ্চল হোৱাৰ পিছতো লাডু গাঁৱৰ চৰপঞ্চ ববিতা ভট্টই ৰাইজৰ হৃদয়ত সুকীয়া স্থান দখল কৰিছে আৰু ৰাইজৰ স্বাৰ্থত বহু কাম কৰিছে। পুলৱামাৰ খাৰ লাডু গাঁৱৰ চৰপঞ্চ ববিতা ভট্ট এগৰাকী কাশ্মীৰী পণ্ডিত মহিলা। তেওঁ তিনিবাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ অঞ্চলত নাৰী সবলীকৰণৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ১৯৯৭ চনত পুলৱামাৰ পৰা জম্মুলৈ স্থানান্তৰিত হোৱা ভট্টই ২০০৮ চনত ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে। বি এছ এফত কৰ্মৰত স্বামী সঞ্জয় ভাটেও তেওঁক সমৰ্থন কৰিছিল।
চৰপঞ্চ ববিতা ভট্টই 'আৱাজ দ্য ভইচ'ক জনোৱা মতে কাশ্মীৰত যেতিয়া টাৰ্গেট কিলিঙৰ সময় আছিল তেতিয়া শিশু আৰু শিক্ষকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ চাল নিৰ্মাণ কৰা হৈছিল।
তেওঁ কয়, "গাঁওখনৰ অধিকাংশ কবৰস্থান হয় বেদখল কৰা হৈছিল নহয় বেয়া অৱস্থাত আছিল। বেদখল আঁতৰোৱাটো মই যত্ন লৈছিলো। লগতে ২৪ টা কবৰস্থানৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰাত সহায় কৰিছিলো। গুণ্ডা প্ৰবৃত্তিৰ লোকে দখল কৰা শ্মশানবোৰ পুনৰ উন্নয়ন কৰা হৈছে।" সম্প্ৰতি ববিতা ভট্টই ৩.৮ কানাল মাটিত বেদখল কৰা আৰু অবৈধ কাঠামো ভাঙি পেলোৱাত প্ৰতিৰোধৰ সন্মুখীন হোৱা শ্মশান ক্ষেত্ৰ নিৰ্মাণৰ কাম চোৱাচিতা কৰি আছে।
চৰকাৰী বিদ্যালয় এখনৰ চৌহদত ববিতা ভট্ট
চৰপঞ্চ ববিতা ভট্টই খাদী গাঁৱৰ অন্তৰ্গত চিলাই কেন্দ্ৰটোও গাঁৱৰ ছোৱালী আৰু মহিলাসকলৰ বাবে উৎসৰ্গা কৰে, যাতে তাত কাম শিকি থকা ২০ৰ পৰা ২৫ গৰাকী মহিলাইও কৰ্মসংস্থাপন লাভ কৰে আৰু তেওঁলোক আত্মনিৰ্ভৰশীল হৈ উঠে।
ববিতা ভট্টই অৱশ্যে কয় যে তেওঁৰ আটাইতকৈ প্ৰত্যাহ্বানজনক কাম আছিল সন্ত্ৰাসবাদীয়ে জ্বলাই দিয়া ১০০ বছৰীয়া পঞ্চায়ত ভৱনটো পুনৰ নিৰ্মাণ কৰা আৰু চৌহদৰ ভিতৰত এখন বিদ্যালয় স্থাপন কৰা। তেওঁ মুকলিকৈ কয় যে কাশ্মীৰৰ ভোটাৰৰ মাজত এতিয়াও সজাগতাৰ অভাৱ৷
‘কাশ্মীৰত ড্ৰাগছ আসক্তি এক গুৰুতৰ সমস্যা আৰু ইয়াৰ পৰা শিশুসকলক আঁতৰাই ৰখাৰ সৰ্বোত্তম উপায় হ’ল তেওঁলোকক খেলৰ প্ৰতি প্ৰেৰণা যোগোৱা আৰু সেয়েহে ববিতাৰ পৰৱৰ্তী অভিযান হ’ল গাঁৱৰ যুৱক-যুৱতীসকলক খেলপথাৰ যোগান ধৰা। ইয়াৰ বাবে চৰকাৰে যথেষ্ট কাম কৰিব লাগিব যাতে যুৱ প্ৰজন্ম নিজৰ পথৰ পৰা বিচ্যুত নহয়। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে সুযোগ সৃষ্টি কৰাৰ প্ৰয়োজন আছে।
সমাজকৰ্মত ব্যস্ত ববিতা ভট্ট
চৰপঞ্চ ববিতা ভট্টই কয় যে এতিয়া তেওঁ কাশ্মীৰৰ মহিলাৰ অৱস্থাৰ উন্নতি বিচাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কি বাত'ত তেনে মহিলাৰ কথা উল্লেখ কৰে যিয়ে নিজৰ জীৱনত এক নতুন মাত্ৰা অৰ্জন কৰি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি সমাজত নিজৰ স্থান দখল কৰিছে। সেইবোৰ শুনি তেওঁ অত্যন্ত সুখ অনুভৱ কৰে।
সক্ৰিয় সমাজকৰ্মীগৰাকীয়ে আৱাজ দ্য ভইচক জনাইছে যে মন কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ নাম উল্লেখ কৰাটো বিচাৰে। তেওঁ বিচাৰে যে বেয়া পৰিস্থিতিত স্বামী হেৰুওৱা, অক্ষম, বা অনাথ মহিলাৰ বাবে চৰকাৰী চাকৰত অধিক পদ থাকিব লাগে। পুঁজিৰ অভাৱ সত্ত্বেও চৰপঞ্চ ববিতা ভট্টই নিজৰ অঞ্চলৰ ৰাইজৰ উন্নয়ন কেতিয়াও বন্ধ হ’বলৈ নিদিয়ে।
ববিতা ভট্টৰ ভগৱান শিৱৰ প্ৰতি গভীৰ বিশ্বাস আছে আৰু তেওঁৰ মতে দেৱাদিদেৱ মহাদেৱৰ বাবেই তেওঁ নিজৰ কামত সফলতা লাভ কৰে। তেওঁ ক’লে যে কেতিয়াবা তেওঁ নিজৰ কামত ইমানেই নিমগ্ন হৈ পৰে যে নিজৰ ঘৰৰ কথাও নাভাবে আৰু নিশালৈকে নিজৰ দায়িত্ব দৃঢ়তাৰে পালন কৰে।
ববিতা ভট্ট
চৰপঞ্চ ববিতাই তেওঁৰ গাঁৱৰ জনস্বাস্থ্য সুবিধাৰ বাবে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পি এইচ চি, ডায়েগনষ্টিক লেব আৰু এক্স-ৰে মেচিন স্থাপনৰ বাবে ধনৰ ব্যৱস্থা কৰিছিল আৰু এতিয়া পি এইচ চি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।
উল্লেখ্য যে, গাওঁত বাট-পথ, নলা-নৰ্দমা নিৰ্মাণ কৰা, বিদ্যুৎ যোগান ধৰাৰ উপৰিও তেওঁ সন্ত্ৰাসবাদীৰ কৱলৰ পৰা মানুহক ৰক্ষা কৰি প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকলৰ স্মৃতিত ৪০ টা গছপুলি ৰোপণ কৰিছে। ববিতা ভট্টই নিজেই গছপুলিবোৰ ৰোপণৰ পৰা ডাঙৰ হোৱালৈকে চোৱা-চিতা কৰে, আৰু এতিয়াও সেয়া তেওঁৰ দায়িত্বৰ এটা প্ৰধান অংশ হিচাপে গ্ৰহণ কৰে।
জনসাধাৰণৰ বাবে ছ’চিয়েল মিডিয়াতো সক্ৰিয় হৈ আছে চৰপঞ্চ ববিতা ভট্ট। প্ৰতি মাহৰ প্ৰথম সোমবাৰে গাঁও সভাৰ আহ্বান কৰি তেওঁ চৰকাৰৰ ২৫টা বিভাগৰ সকলো বিষয়াক নিমন্ত্ৰণ কৰে, যাৰ কাম সাধাৰণ জনতাক সহায় কৰা। কেৱল এয়াই নহয়, সভাত ৰাইজৰ বহু সমস্যা থিতাতে সমাধান কৰাও হয়।
ববিতা ভট্টৰ অনুপ্ৰেৰণা হৈছে তেওঁৰ পিতৃ,যি এগৰাকী চৰকাৰী কৰ্মচাৰী আৰু সমাজকৰ্মী আছিল। তেওঁ আৱাজ দ্য ভইচক জনোৱা মতে তেওঁৰ অঞ্চলটোত প্ৰায় ৩৭০০০ জনসংখ্যা আছে আৰু ইয়াৰে ৪-৫ হাজাৰ মান ভোটাৰ হ'ব। চৰপঞ্চ ববিতা ভট্টই সমগ্ৰ কাশ্মীৰত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে মোদী চৰকাৰক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ পৰিয়াল সুখ-শান্তিৰে পুলৱামাত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।