মহাকুম্ভৰ মনালিছা...১৬ বছৰীয়া ‘ব্ৰাউন বিউটি’ক লৈ প্ৰাণচঞ্চলা প্ৰয়াগৰাজ

Story by  atv | Posted by  Munni Begum • 7 h ago
মনালিছা ভোছলে
মনালিছা ভোছলে
 
ইন্দোৰ (মধ্য প্ৰদেশ)
 
আধ্যাত্মিকতা আৰু আস্থাৰ সৰ্ববৃহৎ মহোৎসৱ মহাকুম্ভ মেলাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ পবিত্ৰ ত্ৰিবেণী সংগমত বিশ্বৰ আটাইতকৈ পুৰণি আৰু বৃহৎ আধ্যাত্মিক সমাৱেশত প্ৰতিদিনে লাখ লাখ লোকে পবিত্ৰ স্নান কৰি পূণ্য অৰ্জন কৰিছে। পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা অহা ভক্তসকলে আধ্যাত্মিক শুদ্ধিকৰণ বিচাৰি গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলীত ভিৰ কৰিছে।
 
ধৰ্ম আৰু আধ্যাত্মিকতাৰ এই মহাসংগম চলি থকাৰ সময়তে মহাকুম্ভত বিভিন্ন লোকে বিভিন্ন অলৌকিক কৰ্ম-কাণ্ড আৰু ভিন্নৰঙী বেশ-ভূষাৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। আই আই টি বাবাৰ কথাই কওক বা মডেলৰ পৰা সাধ্বী হোৱা হৰ্ষ ৰিচাৰিয়া আৰু এতিয়া মহাকুম্ভৰ মনালিছাৰ কথাই হওক, মহাকুম্ভৰ মহামেলাই অজস্ৰজনক নিশাটোৰ ভিতৰতে ভাইৰেল কৰিছে। 
 
 
মহাকুম্ভৰ সকলো আশীৰ্বাদৰ বৰষুণ যেন ‘মনালিছা ভোছলে’ নামৰ ইন্দোৰৰ এগৰাকী যুৱতীৰ ওপৰতে পৰিছে। ১৬ বছৰীয়া ছোৱালীজনীয়ে নিজৰ অভূতপূৰ্ব সৌন্দৰ্য আৰু আকৰ্ষণীয় চকুৰে সমগ্ৰ ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে। বহুতে তেওঁক ‘ব্ৰাউন বিউটি’ বুলিও নামাকৰণ কৰিছে। 
 
এই ছোৱালীজনীক মহাকুম্ভত মুকুতাৰ হাৰ বিক্ৰী কৰা দেখা গৈছে। অভাৱনীয়ভাৱে তেওঁৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু এটা ভিডিঅ’ই ডেৰ কোটিতকৈ অধিক 'ভিউ' লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম আধ্যাত্মিক অনুষ্ঠান মহাকুম্ভ মেলাৰ প্ৰথম দিনটোৰ পৰাই সুন্দৰী মালা বিক্ৰেতা মনালিছাই ভক্ত আৰু গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইন্দোৰৰ যুৱতীগৰাকীৰ প্ৰাণৱন্ত হাঁহি, দীঘল ছুলি, মাটিয়া ৰঙৰ চকুৱে প্ৰয়াগৰাজক প্ৰাণচঞ্চলা কৰি তুলিছে।
 
কুম্ভমেলাত ৰুদ্ৰাক্ষৰ মালা বেছি থকা হাস্যময়ী যুৱতীগৰাকীৰ পৰা ভক্তসকলে কেৱল মালা ক্ৰয় কৰাই নহয়, তেওঁৰ সৈতে একপি ছেলফি উঠি বা এটা ৰীল বনাই ইণ্টাৰনেটত আপলোড কৰিছে।  এইদৰে মহাকুম্ভৰ মনালিছাক লৈ ইউটিউব, ইনষ্টাগ্ৰাম আদিত অসংখ্য ৰীল সৃষ্টি হৈছে। একেদৰে, এক্সতো তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।
 
মনালিছা ভোছলে
 
এটা বিশেষ ভিডিঅ’ত তেওঁ এজন জাপানী পৰ্যটকৰ সৈতে মত বিনিময়, পৰিচয়ৰ আদান-প্ৰদান আৰু মহা কুম্ভত অংশগ্ৰহণৰ অভিজ্ঞতা শ্বেয়াৰ কৰা দেখা গৈছে। এই স্পষ্টবাদী মুহূৰ্তটোৱে তেওঁক দৰ্শকৰ মাজত জনপ্ৰিয় কৰি তুলিছে। সকলোৱে তেওঁৰ সজীৱ ব্যক্তিত্ব আৰু সাংস্কৃতিক মনোমোহাতাক লৈ মুগ্ধ হৈ পৰিছে।
 
কেৱল তেওঁৰ কথা কোৱাৰ ধৰণেই নহয়, আকৰ্ষণীয় চকু, প্ৰাণখুলা হাঁহি আৰু সকলোকে আপোন কৰি লোৱা স্বভাৱে মনালিছাক আনতকৈ পৃথক কৰি তুলিছে। তেওঁৰ অনন্য চেহেৰা আৰু আত্মবিশ্বাসী আচৰণে তেওঁক ভক্ত আৰু গ্ৰাহকৰ প্ৰিয় কৰি তুলিছে। লাখ লাখ লোকে মনলিছাৰ সৌন্দৰ্য্যৰ বৰ্ণনাত ব্যস্ত থকাৰ সময়তে একাংশই সেই পুৰুষসকলক সমালোচনা কৰিছে যে যিয়ে সৰল মনৰ যুৱতীগৰাকীক অবান্তৰ প্ৰশ্ন সুধি পবিত্ৰ অনুষ্ঠানটোক একপ্ৰকাৰ প্ৰদূষিত কৰিছে।  
 
মনালিছাৰ দৰে এগৰাকী সাধাৰণ যুৱতীৰ খ্যাতিৰ উত্থানে এই কথাটোকে প্ৰমাণ কৰিছে যে মহাকুম্ভ কেৱল ধৰ্মীয় অনুষ্ঠানে নহয়, ই বহুতো বৈচিত্ৰময় কাহিনীৰো সংগমস্থান।