মাৰ্জিয়া পাথান: সমাজসেৱাৰ পৰা ৰাজনীতিলৈ, এক অবিৰত যাত্ৰা

Story by  atv | Posted by  Munni Begum • 20 d ago
মাৰ্জিয়া পাথান
মাৰ্জিয়া পাথান
 
ভক্তি চলাক
 
মহাৰাষ্ট্ৰৰ থানে জিলাৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল মুম্ব্ৰাত অতি আত্মবিশ্বাসেৰে যান-বাহন পৰিচালনাৰ বাবে দুবছৰ পূৰ্বে ছ’চিয়েল মিডিয়াত বিখ্যাত হৈছিল মাৰ্জিয়া শ্বানু পাথান নামৰ এগৰাকী যুৱতী। বিশেষকৈ ৰমজানৰ সময়ত তেওঁ আৰু তেওঁৰ মহিলা সহকৰ্মীসকলে পুৱা ২ বজালৈকে যান-বাহন পৰিচালনা কৰিছিল। মাৰ্জিয়া পাথান হৈছে সমাজৰ এগৰাকী সাহসী আৰু দক্ষ সমাজকৰ্মী।
 
ৰাজনীতি আৰু সামাজিক কামত মহিলাৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়। মাৰ্জিয়াই এই ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী সামাজিক কামৰ জৰিয়তে আগবাঢ়ি আহিছে, যিয়ে তেওঁক জনসাধাৰণৰ দৃষ্টিত প্রিয় কৰি ৰাখিছে। তেওঁ অভাৱগ্ৰস্ত আৰু সংখ্যালঘু লোকৰ বাবে কাম কৰে আৰু তেওঁৰ এই অৱদানৰ বাবে তেওঁক শাৰদ পাৱাৰৰ দলৰ অংশ 'জাতীয়তাবাদী ছাত্ৰ কংগ্ৰেছ'ৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
 
মাৰ্জিয়াৰ সামাজিক কামৰ যাত্ৰা আৰু শেহতীয়া নিযুক্তি
 
মাৰ্জিয়া পাথানে দীৰ্ঘদিন ধৰি সামাজিক আৰু সাংস্কৃতিক কাম-কাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। সম্প্ৰদায়ৰ সমস্যা সমাধানৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই শেহতীয়াকৈ তেওঁক জাতীয়তাবাদী ছাত্ৰ কংগ্ৰেছ (শ্বাৰদ পাৱাৰ ফৈদ)ৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদত অৰ্জন কৰিছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি শৰদ পাৱাৰ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ আওহাদৰ পৰা তেওঁ নিযুক্তি পত্ৰ লাভ কৰে।
 
মাৰ্জিয়া পাথানে আগবঢ়োৱা সমাজসেৱামূলক কাৰ্যৰ এক মূহুৰ্ত
 
নিযুক্তি পোৱাৰ পিছত আৱাজ-দ্য ভইচৰ সন্মুখত মাৰ্জিয়াই কয়, "এই পদটোৰ বহু দায়িত্ব আছে। মই যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ পৰিকল্পনা কৰিছো, শিক্ষাৰ ওপৰত গুৰুত্ব দি তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ সৈতে মই  মোকাবিলা কৰিবলৈ সাজু।”
 
মাৰ্জিয়াই শিক্ষা খণ্ডৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি কয়, "আৰ্থিক দুৰ্দশাৰ বাবে আজি বহু ছাত্ৰ-ছাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ চৰকাৰী বৃত্তি তেওঁলোকৰ বাবে সুলভ হোৱাটো নিশ্চিত কৰাত মই গুৰুত্ব দিম। প্ৰায়ে আৰ্তজনৰ বাবে গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচী সৃষ্টি কৰা হয়, কিন্তু প্ৰশাসনিক সমস্যা বা সজাগতাৰ অভাৱৰ বাবে বহুতে এই সুযোগ হেৰুৱাই পেলায়। মই এই ব্যৱধান দূৰ কৰিব বিচাৰো, যাতে কোনোৱেই পিছ পৰি নাথাকে। নৱপ্ৰজন্ম শিক্ষিত হ’লেহে আমাৰ দেশ অগ্ৰগতি হ’ব, গতিকে যুৱক-যুৱতীৰ সমস্যা সমাধান কৰাটো মোৰ প্ৰধান অগ্ৰাধিকাৰ হ’ব।”
 
মাৰ্জিয়াৰ কামৰ প্ৰশংসা কৰি জিতেন্দ্ৰ আৱহাদে এবাৰ তেওঁক মালালা ইউছুফজাইৰ লগত তুলনা কৰে। তেওঁ কয়, ‘যেতিয়া তালিবানে পাকিস্তানৰ স্বাট উপত্যকা দখল কৰিছিল, তেতিয়া মালালাই সাহসেৰে শিক্ষাৰ বাবে যুঁজিছিল আৰু আনকি ২০১২ চনত গুলীবিদ্ধ হৈছিল। ঠিক একেদৰে মুম্ব্ৰাত মহিলাৰ শিক্ষাৰ অধিকাৰৰ বাবে প্ৰতিবাদ সংঘটিত হৈছিল, যাৰ নেতৃত্বত আছিল মাৰ্জিয়া, তেতিয়া মাৰ্জিয়াৰ বয়স মাত্ৰ ১০ বা ১২ বছৰ বছৰ আছিল। সেই সময়ৰ পৰাই মই তেওঁৰ কামৰ প্ৰতি থকা সমৰ্পণক পৰ্যবেক্ষণ কৰি আহিছো। মই সঁচাকৈয়ে বিশ্বাস কৰোঁ যে এই যুৱতীগৰাকী কেৱল মুম্ব্ৰাই নহয়, সমগ্ৰ মহাৰাষ্ট্ৰৰ নেতৃত্ব দিবলৈ সাজু।”
 
এক ৰাজনৈতিক মূহুৰ্তত এন চি পি দলৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰদ পাৱাৰৰ সৈতে মাৰ্জিয়া পাথান
 
মাৰ্জিয়া পাথানৰ বিষয়ে জানো আহক
 
মাৰ্জিয়া পাথান থানেৰ এগৰাকী সুপৰিচিত, আবেগিক যুৱ কৰ্মী। মাৰ্জিয়া থানে পৌৰ নিগমৰ বিৰোধী দলৰ প্ৰাক্তন নেতা আশ্ৰফ শনু পাঠানৰ কন্যা। এই পিতৃ-কন্যাৰ দলটোৱে একেলগে বছৰ বছৰ ধৰি থানেত পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, স্বাস্থ্য আৰু মহিলাৰ সুৰক্ষাকে ধৰি মূল বিষয়সমূহৰ সমাধান কৰি আহিছে। মাৰ্জিয়াৰ সক্ৰিয়তাই মুম্ব্ৰা আৰু থানেৰ বিভিন্ন সমস্যা সমাধানত অৰিহণা যোগাইছে।
 
মাৰ্জিয়াই তেওঁৰ সংস্থা এম এছ পি কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁৰ সমাজ কৰ্মৰ যাত্ৰা আৰম্ভ কৰিছিল। এগৰাকী শিক্ষিত নেত্ৰী হিচাপে তেওঁ সক্ৰিয়ভাৱে কৰ্তৃপক্ষৰ আগত ছাত্ৰ-ছাত্ৰীৰ উদ্বেগ প্ৰকাশ কৰে আৰু ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ বাবে সংবিধানৰ ওপৰত সজাগতামূলক কাৰ্যসূচী আয়োজন কৰে। তেওঁৰ নেতৃত্বত মুম্ব্ৰাইত মাহেকীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে, য’ত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিনামূলীয়াকৈ চকুৰ ছানি পৰাৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হয়।
 
মাদ্ৰাছা বন্ধ কৰাৰ পৰামৰ্শৰ বিৰোধিতা
 
শেহতীয়াকৈ নেশ্যনেল কমিছন ফৰ প্ৰটেকচন অৱ চাইল্ড ৰাইটছ (এনচিপিচিআৰ) এ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মাদ্ৰাছাৰ বাবে ধন দিয়া বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল আৰু এই প্ৰতিষ্ঠানসমূহত নামভৰ্তি কৰা শিশুসকলৰ উপস্থিতিৰ ৰেকৰ্ড ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ ফলত ৰাষ্ট্ৰীয় আন্দোলনৰো সৃষ্টি হৈছিল। অৱশ্যে এতিয়া উচ্চতম ন্যায়ালয়ে এনচিপিচিআৰৰ পৰামৰ্শক স্থগিত ৰাখিছে।
 
মাৰ্জিয়া পাথানৰ নিৰ্বাচনী প্ৰচাৰ
 
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মাৰ্জিয়াই মাদ্ৰাছাৰ শিক্ষা বন্ধ নকৰাৰ আহ্বান জনায়। মাদ্ৰাছাত পৰম্পৰাগত পাঠদান পদ্ধতিৰ পুঁজি আৰু সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে মাৰ্জিয়াই আবেগিকভাৱে বুজাই এটা ভিডিঅ’ তৈয়াৰ কৰিছিল। তেওঁৰ বাৰ্তাটোৱে বহুলভাৱে অনুৰণন ঘটালে আৰু ভিডিঅ’টো অতি সোনকালে যথেষ্ট ভাইৰেল হৈ পৰিল।
 
মাৰ্জিয়াৰ প্ৰভাৱশালী কামক স্বীকৃতি দি জিতেন্দ্ৰ আৱহাদে তেওঁক জাতীয়তাবাদী ছাত্ৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিৰ ভূমিকাত পৰামৰ্শ দিয়ে আৰু ৰাষ্ট্ৰীয় সভাপতি ৰাজীৱকুমাৰ ঝাই তেওঁক আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰচাৰৰ বাবে তেওঁৰ নিযুক্তি দলৰ বাবে এক ডাঙৰ সুবিধা হিচাপে পৰিগণিত হৈছে। মাৰ্জিয়াৰ নিষ্ঠাবান সামাজিক কাম, প্ৰকল্পসমূহ সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি, শক্তিশালী সম্প্ৰদায়ীক সম্পৰ্ক, আৰু সক্ৰিয় ছ’চিয়েল মিডিয়াৰ উপস্থিতিয়ে দলটোৰ বৃদ্ধি আৰু নিৰ্বাচনী প্ৰচেষ্টাক সমৰ্থন কৰিব। এই গতিশীল নেত্ৰীগৰাকীৰ সামাজিক যাত্ৰাত অবিৰত সফলতা কামনা কৰিছোঁ।