মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

Story by  atv | Posted by  [email protected] • 3 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ড° সুৰজিৎ কুমাৰ ভাগৱতী

যোৱা ১২ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নিযুত মইনা আঁচনিখনে ৰাজ্যৰ দহ লাখ ছাত্ৰীক আগন্তুক পাঁচটা বৰ্ষত উপকৃত কৰিব। একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ অধ্যয়ন কৰি থকা ছাত্ৰীসকলৰ আৰ্থিক বোজা হ্ৰাস কৰাৰ লক্ষ্যৰে ৰূপায়ন কৰা উক্ত আঁচনিৰ পৰা আঁতৰত ৰখা হৈছে মন্ত্ৰী-বিধায়কৰ কন্যা, বিবাহিতা ছাত্ৰী, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰ প্ৰাপ্ত ছাত্ৰীসকলক। 
 
ৰাজ্য চৰকাৰৰ এই আঁচনিৰ আঁৰত থকা মুখ্য লক্ষ্য হৈছে উচ্চ শিক্ষাৰ নামভৰ্তি অনুপাত বৃদ্ধি কৰা আৰু শিক্ষাৰ পৰা আঁতৰি যোৱা ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰা। বৰ্তমান ৰাজ্যৰ একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ অধ্যয়ন কৰি থকা প্ৰায় দুই লাখ ছাত্ৰীয়ে লাভ কৰিব চৰকাৰৰ আর্থিক সাহায্য। যিকি নহওক, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰীৰ কল্যাণৰ বাবে ঘোষণা কৰা নিযুত মইনা আঁচনিখনে নিশ্চিতভাৱে উৎসাহিত কৰিব ছাত্ৰীসকলক।
 
২০২১-২২ বৰ্ষত হোৱা সৰ্বভাৰতীয় উচ্চ শিক্ষাৰ গণনাৰ প্ৰতিবেদন মতে অসমৰ উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ ১৬.৯ শতাংশ। অর্থাৎ স্কুলীয়া শিক্ষাৰ দেওনা পাৰ কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিৰত থাকে উচ্চ ২০২১-২২ বৰ্ষত হোৱা সৰ্বভাৰতীয় উচ্চ শিক্ষাৰ গণনাৰ প্ৰতিবেদন মতে অসমৰ উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ ১৬.৯ শতাংশ। অর্থাৎ স্কুলীয়া শিক্ষাৰ দেওনা পাৰ কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিৰত থাকে উচ্চ শিক্ষাৰ পৰা। 
 
 
উচ্চ শিক্ষাৰ পূৰ্বে থকা বিভিন্ন পৰ্যায়ৰ শিক্ষাত চৰকাৰে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে যদিও ছাত্ৰৰ তুলনাত ছাত্ৰীৰ স্কুল ত্যাগৰ হাৰ অতিকৈ চকুত লগা। ২০২২-২৩ বৰ্ষত ৰাজ্যৰ প্ৰাথমিক শিক্ষা (চতুর্থ পৰা পঞ্চম শ্ৰেণীলৈ) ত্যাগ কৰা ছাত্ৰীৰ হাৰ ৮.০৩ শতাংশ। উক্ত বৰ্ষৰ তথ্যমতে উচ্চ প্রাথমিকত (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ) ছাত্ৰীৰ বিদ্যালয় ত্যাগৰ হাৰ ৯.২০ শতাংশ আৰু মাধ্যমিকত (নৱম আৰু দশম শ্রেণীত) ২৯.৯১ শতাংশ। পৰিসংখ্যাটোৰ পৰা ক'ব পৰা সত্যটো হৈছে ৰাজ্যৰ প্ৰাথমিকৰ পৰা মাধ্যমিক শিক্ষালৈ ছাত্ৰীৰ বিদ্যালয় ত্যাগ কৰাৰ গড় হাৰ ১৬.৮। অর্থাৎ আমাৰ মইনাসকলৰ ভিতৰত বহুতো মইনাই বিদ্যালয় শিক্ষাতেই ত্যাগ কৰে শিক্ষাৰ মাদকতা ৷
 
প্ৰাথমিকৰ পৰা মাধ্যমিক শিক্ষাত থকা ছাত্রীসকলে বিদ্যালয় ত্যাগ কৰাৰ কাৰণ বহুতো। বিভিন্ন গৱেষণাৰ প্ৰতিবেদন মতে অসমৰ বিদ্যালয়বোৰত চৰকাৰে প্ৰদান কৰা বিনামূলীয়া শিক্ষা, বিনামূলীয়া কিতাপ, বিনামূলীয়া পোছাকৰ সুবিধাবোৰে যদিও নাৰী শিক্ষাৰ প্রসাৰত সহায়ক হৈছে তথাপিও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা নাগৰিকৰ পৰিয়ালবোৰত শিক্ষাৰ প্ৰাপিত ব্যৰ্থ হৈ আছে ছাত্ৰীসকল। 
 
অসমৰ আদিবাসী সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলবোৰত কাৰ্যক্ষম হৈ থকা বিদ্যালয়সমূহত অধ্যয়নৰ লক্ষ্যৰে নামভৰ্তি কৰা কন্যা সন্তানসকলৰ ওপৰতে পৰে পৰিয়ালৰ দৰিদ্ৰতাৰ বোজা। পৰিয়ালৰ কৰ্মস্থলী চাহ বাগানত কামত ব্যস্ত থকা পিতৃ-মাতৃৰ অনুপস্থিতিত ঘৰৰ সকলো কাম কৰা, কেঁচুৱা ৰখা কৰ্মবোৰ কৰিব লাগে কন্যা সন্তানে। 
 
 
অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত থকা পৰিয়ালবোৰত আজিও গঢ় লোৱা নাই শিক্ষাৰ পৰিৱেশ। শৈশৱ কালতেই কন্যাৰ বিবাহৰ বাবে পাত্ৰ বিচৰা অভিভাৱক আজিও সুলভ সংখ্যালঘু অধ্যুষিত অঞ্চলত। যদিওবা বিগত বৰ্ষৰ পৰা ৰাজ্যচৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ হৈছে, ইতিপূৰ্বে বিবাহপাশত আৱদ্ধ হৈ শিক্ষা ত্যাগ কৰা ছাত্ৰীসকল সোমাই পৰিল বিদ্যালয় ত্যাগৰ সংখ্যাৰ মাজত৷
 
২০২১-২২ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা বিদ্যালয়ৰ পৰিসংখ্যা মতে অসমৰ বিদ্যালয়সমূহত অধ্যয়ন কৰি থকা ছাত্ৰীৰ সংখ্যা (প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ) ৩৬,১০,৩২১ গৰাকী। এনে এক বৃহৎ সংখ্যক ছাত্ৰীৰ মাজৰ পৰা ১৫.৮ শতাংশ ছাত্ৰীয়ে যদিহে বিদ্যালয় ত্যাগ কৰে তেনে ছাত্ৰীৰ সংখ্যা হ’ব আনুমানিক ৫,৭০,৪৩০ গৰাকী। প্ৰশ্নটো হৈছে বিদ্যালয়ৰ পৰা আঁতৰি যোৱা অসমৰ মইনা সকলৰ বাবে চৰকাৰে কি আঁচনি গ্ৰহণ কৰিব। ইতিমধ্যে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ বাবে চাইকেল বিতৰণ কৰি আহিছে চৰকাৰে কিন্তু বিনামূলীয়া চাইকেলখনেও যেন ৰোধ কৰিব পৰা নাই ছাত্ৰীৰ বিদ্যালয় ত্যাগৰ বৰ্ধিত হাৰ।
 
অসমৰ সংখ্যালঘু বা আদিবাসী নাগৰিকসকলৰ লগতে পাহাৰত বাস কৰা পৰিয়ালবোৰতো শিক্ষা ত্যাগৰ প্ৰৱণতা বেছি ছাত্ৰীৰ মাজত। ৰাজ্যৰ মইনা বুলিলে প্ৰকৃততে প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা ১৮,০১,১৯৩ গৰাকী, উচ্চ প্ৰাথমিকৰ ৯,৮৮,৪০২ গৰাকী, মাধ্যমিক শিক্ষাৰ ৫,০৯,১৯০ গৰাকী ছাত্ৰীৰ সুৰক্ষাৰ স্বার্থত মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনিখন সকলো ছাত্ৰীৰ বাবে (প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ শিক্ষালৈ) ৰূপায়ন কৰাটো প্ৰয়োজনীয় বুলি ক'ব পাৰি। অৱশ্যে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী আৰু উচ্চ শিক্ষাৰ ছাত্ৰীৰ মাজৰ বিত্তীয় সাহায্যৰ পাৰ্থক্য থকাটো উচিত হ'ব।
 
 
বৰ্তমান অসমত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা ত্যাগৰ হাৰ হ্ৰাস কৰিবলৈ লোৱা চৰকাৰী আঁচনিবোৰৰ ৰূপায়ন প্রাথমিক শিক্ষাৰ পৰাই হোৱাটো প্ৰয়োজন। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কিম্বা মাজত থকা গাঁৱৰ সংখ্যা ২২৫১ খন আৰু উক্ত অঞ্চলত থকা বিদ্যালয়ৰ সংখ্যা ১৮৭২ খন। স্থান বিশেষে বাঁহৰ সাঁকো পাৰ হৈ ৪-৫ কি.মি. পথ খোজকাঢ়ি বিদ্যালয়ত উপস্থিত হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলে প্রাথমিক শিক্ষা সমাপ্তিৰ পিছত অধিক দূৰত্বত থকা মাধ্যমিক বিদ্যালয়লৈ যোৱাত বাধাৰ সন্মুখীন হয়। পৰিয়ালৰ আৰ্থিক দৈন্যতা, অসুৰক্ষিত যাতায়ত ব্যৱস্থা, ধৰ্মীয় গোড়ামি ইত্যাদি কাৰণত অসমৰ চৰ অঞ্চলত ছাত্ৰীৰ বিদ্যালয় ত্যাগৰ হাৰ অতিকৈ বেছি। অভিভাৱকৰ শিক্ষাৰ প্ৰতি থকা অনীহাৰ হেতুকে বহুতো ছাত্ৰীয়ে ঘৰত থাকি শিশুৰ লালন-পালন কৰা পৰম্পৰা আজিও সজীৱ অসমত।
 
শিক্ষাৰ প্ৰতি শিশুক আকৃষ্ট কৰাৰ গুৰু দায়িত্ব পালন কৰিব লাগে শিক্ষকসকলে। সত্যটো হৈছে গুৰু শিষ্যৰ প্ৰকৃত ভেটিতো কিমান শক্তিশালী হ'ব তাৰ নিৰ্ধাৰণ হয় প্রাথমিক শিক্ষাত। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্রাথমিক বিদ্যালয়ত এজন বা দুজন শিক্ষকৰ বিপৰীতে থাকে শতাধিক ছাত্র-ছাত্রী। প্রকৃতার্থত এগৰাকী ছাত্ৰীৰ জীৱনত থকা সমস্যাবোৰ অনুধাৱন কৰাত ব্যৰ্থ হয় বহুতো শিক্ষক।
 
গতানুগতিকভাৱে পাঠ্যক্ৰমৰ মাজতেই ছাত্র-ছাত্রীক আৱদ্ধ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰীক্ষা পাতি ফলাফল ঘোষণা কৰা বহুতো শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত সমস্যা অধ্যয়নৰ সময় সবিধা নাপায়। বিদ্যালয়লৈ বহুদিন নহা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ সমস্যাৰ বুজ লোৱা কাৰ্যখিনি কৰিবলৈ সময় সুবিধা নাপায় বহুতো শিক্ষকে। বর্তমান ৰাজ্য চৰকাৰে চলোৱা শিক্ষাসেতু এপ্‌টোক লৈ যদিও শিক্ষক সমাজ অসন্তুষ্ট, তথাপিও শিক্ষাৰ সমস্যাবোৰ বিচাৰি উলিওৱাত যেন কিছু সফল হৈছে ৰাজ্য চৰকাৰ।
 
 
অসমৰ বিদ্যালয়ৰ মইনাসকলৰ কল্যাণ ও সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা আঁচনিবোৰৰ সফলতাৰ বাবে অধিক সচেতন হ'ব লাগিব অভিভাৱকসকল। চৰকাৰে মইনাক দিয়া আৰ্থিক সাহায্যৰ দ্বাৰা যদিহে পৰিয়ালৰ অভাৱ পূৰণ কৰাৰ প্ৰয়াস কৰে, তেনে কাৰ্যই ৰুধিব নোৱাৰিব কন্যা শিক্ষাৰ সমস্যা । প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে প্ৰতিটো মাহত যদিহে দুশ টকা চৰকাৰৰ পৰা লাভ কৰে, নিশ্চিতভাৱে শিক্ষাৰ প্রতি অধিক আকর্ষিত হ'ব। বিদ্যালয় ত্যাগ কৰাৰ পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিশ্চিতভাৱে যুঁজ দিব কন্যা সন্তানে। 
 
গ্রামাঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰীসকলৰ শিক্ষাৰ দিশটো নিৰীক্ষণ কৰাতো স্থানীয় মাতৃগোট, আশাকর্মী বা চৰকাৰী গাঁওবুঢ়াজনৰো থাকে দায়বদ্ধতা। সকলো কামেই চৰকাৰলৈ এৰি দি নিৰ্লিপ্ত হৈ থকা অভিভাৱকসকলৰ সক্ৰিয়তা কামনা কৰো। অসুৰক্ষিত জীৱনৰ মাজত শিক্ষাৰ সপোন খেদি থকা চৰ অঞ্চলৰ মইনাসকলৰ লগতে অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ মইনাসকল সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অধিক সৰব হওক ৰাজ্যৰ মুখ্যমন্ত্রী, শিক্ষামন্ত্রী, বিষয়া, শিক্ষক আৰু অভিভাৱকসকল। তাকেই কামনা কৰিছো ৷