ভাৰতৰ অৰ্থনৈতিক সম্বৃদ্ধিৰ বাবে মুছলমান মহিলাই বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু অংক শাস্ত্ৰত মনোনিবেশ কৰাটো প্ৰয়োজনীয়

Story by  atv | Posted by  Munni Begum • 25 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ড০ অমন মিৰ্জা
 
ভাৰতৰ মুছলমান মহিলাসকল ঐতিহাসিকভাৱে সৱলীকৰণ আৰু সংগ্ৰাম দুয়োটাৰে সংযোগস্থলত আছে। কিন্তু পৰ্যাপ্ত সমৰ্থন, শিক্ষাৰ সুবিধা, আৰু নেতৃত্বৰ সুযোগৰ দ্বাৰা তেওঁলোক পৰিৱৰ্তনৰ শক্তিশালী মাধ্যম হ’ব পাৰে। মহিলা সবলীকৰণৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ ই সামগ্ৰিক উন্নয়নত ইন্ধন যোগায়। যেতিয়া নাৰীক সৱলীকৰণ কৰা হয়, তেতিয়া তেওঁলোকে নিজৰ জীৱন উন্নত কৰাই নহয় সমগ্ৰ সমাজখনকো উন্নীত কৰে। সৱলীকৃত মহিলাৰ বহুমুখী প্ৰভাৱ থাকে, যিয়ে পৰিয়ালৰ মংগল, শিক্ষা, স্বাস্থ্য, আৰু অৰ্থনৈতিক বিকাশত অৰিহণা যোগায়। তথ্যই এই কথা দেখুৱাইছে যে বিশ্বজুৰি যিবোৰ দেশত মহিলা অধিক শক্তিশালী হয়, সেইবোৰ দেশে অধিক অৰ্থনৈতিক বৃদ্ধি আৰু সুস্থিৰতা লাভ কৰে।

সুযোগ লাভৰ ক্ষেত্ৰত কেতিয়াবা অনন্য প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ভাৰতীয় মুছলমান মহিলাসকলৰ বাবে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ চাবিকাঠি হৈছে সবলীকৰণ। আমি দ্ৰুতগতিত বিকশিত ভৱিষ্যতলৈ আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতীয় মুছলমান মহিলাসকলৰ অৱদান পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হ’ব। ভাৰতীয় মুছলমান মহিলাসকল দীৰ্ঘদিন ধৰি দেশৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ অংশ হৈ আহিছে আৰু ইয়াৰ ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সমাজ সংস্কাৰৰ সৈতে জড়িত হৈ বহু মুছলমানে স্থায়ী উত্তৰাধিকাৰ এৰি থৈ গৈছে। 
 
প্ৰতিনিধিত্বমূলক ছবি 
 
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া বেগম হজৰত মহল আৰু স্বাধীনতা সংগ্ৰামী মৌলানা মহম্মদ আলীৰ মাতৃ বি আম্মান (Bi Amman) নামেৰে অধিক পৰিচিত আবাদী বানো বেগমৰ দৰে মহিলাই ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধ সংগঠিত কৰিছিল। এই মহিলাসকলে সমাজত চলি অহা পৰম্পৰাক চেৰ পেলাই প্ৰমাণ কৰিছিল যে সাহস আৰু নেতৃত্বৰ ক্ষেত্ৰত লিংগ কোনো বাধা হ'ব নোৱাৰে। স্বাধীনতা সংগ্ৰামীৰ ভূমিকাৰ উপৰিও ভাৰতীয় মুছলমান মহিলাসকলে সমাজ সংস্কাৰতো গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে। লেখিকা তথা সমাজ কৰ্মী বেগম ৰকেয়া সাখাৱত হোছেইনে ২০ শতিকাৰ আৰম্ভণিতে নাৰী শিক্ষা আৰু অধিকাৰৰ পোষকতা কৰিছিল। তেওঁৰ দৃষ্টিভংগী আছিল সেই সময়তকৈ আগত আৰু তেওঁ মহিলাসকলক সবলীকৰণৰ মাধ্যম হিচাপে শিক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
 
ভাৰতৰ শেহতীয়া জি-২০ৰ অধ্যক্ষতাই মহিলা নেতৃত্বাধীন উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, যিয়ে কেৱল মহিলাসকলক সবলীকৰণৰ পৰা ৰাষ্ট্ৰীয় আৰু বিশ্ব প্ৰেক্ষাপটতত এগৰাকী শক্তিশালী নেত্ৰী আৰু সিদ্ধান্ত গ্ৰহণকাৰী ব্যক্তি হিচাপে পৰিচয় দিয়ালৈ এক ব্যাপক পৰিৱৰ্তনৰ সংকেত দিছে। মহিলা নেতৃত্বাধীন উন্নয়নে কেৱল মহিলাসকলক সুযোগ প্ৰদান কৰাৰ ধাৰণাটোতে সীমাবদ্ধ হৈ থকা নাই; ইয়াত এনে ভৱিষ্যতৰ কল্পনা কৰা হৈছে য'ত মহিলাসকল উদ্ভাৱন, নীতি নিৰ্ধাৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগৰণুৱা হ'ব। এই পৰিৱৰ্তনৰ সৈতে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ ব্যাপক লক্ষ্যৰ যথেষ্ট মিল আছে।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ছোৱাত মহিলা নেতৃত্বাধীন উন্নয়নৰ ওপৰত গুৰুত্ব দিয়াটোৱে এই কথাৰ স্বীকৃতি দিছে যে শিক্ষা, স্বাস্থ্য, আৰু প্ৰযুক্তিকে ধৰি মূল খণ্ডসমূহত মহিলাসকলে পৰিৱৰ্তনক আগুৱাই নিব পাৰে। বেটি বাচাও বেটি পঢ়াও (ছোৱালী সন্তানক বচাওক, ছোৱালী সন্তানক শিক্ষা দিয়ক)ৰ দৰে কাৰ্যসূচী আৰু মহিলাসকলৰ বাবে আৰ্থিক অন্তৰ্ভুক্তিৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক সৱল পদক্ষেপ। ভাৰতে উন্নয়নৰ ক্ষেত্ৰত বিশ্বব্যাপী এজেণ্ডা গঢ়ি তুলিবলৈ বিচৰাৰ সময়তে ই স্বীকাৰ কৰিছে যে এই ভৱিষ্যত পৰিচালনাৰ ক্ষেত্ৰত মহিলাসকলে, বিশেষকৈ মুছলমান মহিলাসকলে অত্যাৱশ্যকীয় ভূমিকা পালন কৰিব লাগিব। 
 
দেশৰ ভৱিষ্যত গঢ় দিয়াত ভাৰতীয় মুছলমান মহিলাৰ ভূমিকা সম্পৰ্কে শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব নিদিয়াকৈ আলোচনা সম্ভৱ নহয়। শিক্ষা সদায় সৱলীকৰণৰ ভেটি হৈ আহিছে আৰু মুছলমান মহিলাসকলৰ বাবে গুণগত শিক্ষাৰ সুবিধাই সুযোগৰ নতুন দুৱাৰ মুকলি কৰিছে। শেহতীয়া বছৰবোৰত বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানত মুছলমান ছোৱালীৰ নামভৰ্তিৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। ২০১৯-২০২০ বৰ্ষৰ উচ্চ শিক্ষা সম্পৰ্কীয় সৰ্বভাৰতীয় সমীক্ষা (AISHE)ৰ তথ্য অনুসৰি ২০১৪-২০১৫ চনত মুছলমান মহিলাৰ নামভৰ্তি ৪.৪%ৰ পৰা পাঁচ বছৰত ৬.৯%লৈ বৃদ্ধি পাইছে। শিক্ষাৰ এই ধাৰাটোৱে এটা স্পষ্ট প্ৰমাণ যে, মুছলমান মহিলাসকলে এনে ভৱিষ্যতক আকোৱালি ল’বলৈ সাজু হৈছে য’ত তেওঁলোকে ভাৰতৰ সমৃদ্ধিত অৰ্থপূৰ্ণ অৰিহণা আগবঢ়াব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
ভাৰত চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ শিখৰত থিয় দিছে, যাক প্ৰায়ে উদ্যোগ ৪.০ বুলি কোৱা হয়। এই ভৱিষ্যতক কৃত্ৰিম বুদ্ধিমত্তা (AI), স্বয়ংক্ৰিয়কৰণ (automation), আৰু উদীয়মান প্ৰযুক্তি (emerging technologies)ৰ উদ্ভাৱনৰ দ্বাৰা সংজ্ঞায়িত কৰা হ’ব। শিক্ষা আৰু সম্পদৰ সুবিধা থকা ভাৰতীয় মুছলমান মহিলাসকলে এই ক্ষেত্ৰসমূহৰ প্ৰধান অংশীদাৰ হ’ব পাৰে। বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত (STEM)ত অংশগ্ৰহণ কৰিবলৈ অধিক মহিলাক উৎসাহিত কৰিলে কেৱল লিংগ ব্যৱধান দূৰ কৰাই নহয়, ই ভাৰতৰ প্ৰযুক্তিৰ ভৱিষ্যতো গঢ় দিয়ে। বিশ্বজুৰি STEM কৰ্মশক্তিৰ ৩০%তকৈও কম মহিলা, কিন্তু অন্তৰ্ভুক্তিৰ ওপৰত মনোনিৱেশ কৰা প্ৰচেষ্টাৰ দ্বাৰা ভাৰতত এই সংখ্যা যথেষ্ট বৃদ্ধি পাব পাৰে।
 
একেদৰে, কৃষি আৰু খাদ্য উৎপাদনৰ প্ৰযুক্তিগত উন্নতিৰ দ্বাৰা পৰিচালিত কৃষি ৪.০ (Agriculture 4.0)-এ ভাৰতীয় মুছলমান মহিলাসকলৰ বাবে দেশৰ কৃষি অৰ্থনীতিত অৰিহণা যোগোৱাৰ এক সুযোগ দাঙি ধৰে। এইটো এনে এটা খণ্ড য’ত পৰম্পৰাগতভাৱে মহিলাসকলে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ডিজিটেল সঁজুলি, স্মাৰ্ট ফাৰ্মিং, আৰু জলবায়ু-স্থিতিস্থাপক পদ্ধতিৰ একত্ৰীকৰণৰ জৰিয়তে মহিলাসকলে ভাৰতৰ কৃষি পৰিৱেশৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আগভাগ ল’ব পাৰে। শিক্ষা ৪.০ (Education 4.0)-এ প্ৰযুক্তিক শিক্ষণ প্ৰণালীৰ সৈতে একত্ৰিত কৰে আৰু ই মুছলমান মহিলাসকলক পৰৱৰ্তী প্ৰজন্মৰ শিক্ষাৰ্থীক প্ৰভাৱিত কৰাৰ এক পথ প্ৰদান কৰে। শিক্ষা খণ্ডৰ শিক্ষাবিদ, গুৰু, আৰু উদ্ভাৱক হৈ তেওঁলোকে সমালোচনাত্মক চিন্তাধাৰা, সমস্যা সমাধান, আৰু ডিজিটেল সাক্ষৰতাক গুৰুত্ব দিয়া সাংস্কৃতিক পৰিৱৰ্তনক আগুৱাই নিয়াত সহায় কৰিব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
জলবায়ু পৰিৱৰ্তন আন এক ক্ষেত্ৰ য’ত ভাৰতীয় মুছলমান মহিলাসকলে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। পৰিৱেশগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সম্প্ৰদায়ৰ সুস্থিৰতাৰ ক্ষেত্ৰত মহিলাসকল সদায় কেন্দ্ৰীয় বিষয় হৈ আহিছে। জলবায়ু পৰিৱৰ্তনে বিশেষকৈ দুৰ্বল অঞ্চলত জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগে লগে মহিলাসকলে বহনক্ষম পদ্ধতি, পৰিৱেশ শিক্ষা, আৰু সেউজ নীতিৰ পোষকতাত প্ৰচেষ্টাৰ নেতৃত্ব দিব পাৰে। উদ্যোগ ৪.০, এছটিইএম ক্ষেত্ৰ, কৃষি, শিক্ষা আৰু জলবায়ুৰ সুস্থিৰতাৰ দিশত মূল অৰিহণা যোগোৱা ভাৰতীয় মুছলমান মহিলাসকলৰ ভৱিষ্যতৰ পথ হয়তো প্ৰত্যাহ্বানহীন নহ’বও পাৰে। 
 
সমাজৰ বাধা, সম্পদৰ সীমিত সুবিধা, আৰু নেতৃত্বৰ পদত মহিলাৰ অপ্ৰতিনিধিত্ব এতিয়াও আছে। অৱশ্যে সন্মুখৰ পথটো প্ৰতিশ্ৰুতিৰে ভৰি পৰিছে। শিক্ষাত বিনিয়োগ কৰি, উদ্ভাৱনক উদগণি যোগাই, আৰু মহিলা নেতৃত্বাধীন উন্নয়নক প্ৰসাৰিত কৰি দেশখনে নিশ্চিত কৰিব পাৰে যে ভাৰতীয় মুছলমান মহিলাকে ধৰি বিভিন্ন দৃষ্টিভংগীৰে ইয়াৰ ভৱিষ্যত গঢ় দিয়া হয়। ভাৰতে এই দিশত আগবাঢ়ি যোৱাৰ সময়তে এই কথা স্বীকাৰ কৰাটো অতি প্ৰয়োজনীয় যে নাৰী সবলীকৰণ কেৱল নীতিগত বিষয় নহয় বৰঞ্চ নৈতিক আৰু অৰ্থনৈতিক আৱশ্যকতাও হৈ পৰিছে। মুছলমান মহিলাসকলে তেওঁলোকৰ অনন্য সাংস্কৃতিক আৰু ঐতিহাসিক অভিজ্ঞতাৰে বৈচিত্ৰময় অন্তৰ্দৃষ্টি আনে, যিয়ে বহুমাত্ৰিক সমৃদ্ধিত ইন্ধন যোগাব পাৰে। তেওঁলোক কেৱল উন্নয়নৰ হিতাধিকাৰী নহয়; তেওঁলোক দেশৰ প্ৰগতিৰ একোগৰাকী প্ৰতিষ্ঠাপক।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সেইসকলেহে ভৱিষ্যত গঢ় দিব পাৰিব, যিসকলে পৰিৱৰ্তনৰ সৈতে খাপ খাব পাৰিব, উদ্ভাৱনক আকোৱালি ল’ব পাৰিব, আৰু সহানুভূতি আৰু সুস্থিৰতাৰে নেতৃত্ব দিব পাৰিব। নেতৃত্বৰ চহকী ইতিহাস আৰু প্ৰগতিশীল শিক্ষাৰ প্ৰতি থকা তেওঁলোকৰ দৃষ্টিৰে ভাৰতীয় মুছলমান মহিলাসকলে এই পৰিৱৰ্তনৰ আঁত ধৰিবলৈ সাজু হৈছে। STEM, কৃষি, শিক্ষা, বা জলবায়ু ৰক্ষাৰ পদক্ষেপেই হওক, তেওঁলোকৰ অৱদানে আগন্তুক বছৰবোৰত ভাৰতৰ সমৃদ্ধিৰ কাহিনীৰ গতি নিৰ্ধাৰণ কৰিব। 
 
(ড০ অমন মিৰ্জা দিল্লী বিশ্ববিদ্যালয়ৰ SPM Collegeৰ সহযোগী অধ্যাপক)