বয়সৰ বাধা অতিক্ৰম কৰি টেনিছ খেলুৱৈ নাজনীন জাফৰ জিলিকি উঠিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত

Story by  Munni Begum | Posted by  [email protected] • 4 Months ago
টেনিছ খেলুৱৈ নাজনীন ৰহমান জাফাৰ
টেনিছ খেলুৱৈ নাজনীন ৰহমান জাফাৰ
 
মুন্নী বেগম / গুৱাহাটী
 
এগৰাকী ৪০ উৰ্দ্ধৰ মহিলা। তেওঁ এগৰাকী পত্নী, মৰমীয়াল মাতৃ আৰু আদৰ্শবান বোৱাৰী। ইয়াৰোপৰি তেওঁৰ আছে এক সুকীয়া পৰিচয়। তেওঁ হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ। গুৱাহাটীৰ বাসিন্দা নাজনীন ৰহমান জাফৰ নামৰ এইগৰাকী মহিলাই প্ৰমান কৰি দেখুৱাইছে যে, এগৰাকী মহিলাই যদি বিচাৰে, তেন্তে তেওঁ কৰিব নোৱাৰা কাম একোৱে নাই।
 
তেওঁ এই কথাও প্ৰমাণ কৰি দেখুৱাইছে যে সফলতা অৰ্জনৰ ক্ষেত্ৰত বয়স বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে, ইয়াৰ বাবে প্ৰয়োজন মাথো ইচ্ছাশক্তি আৰু দৃঢ়তা। নাজনীন জাফৰে দুটা সন্তানৰ মাতৃত্ব গ্ৰহণ কৰাৰ পিছতো নিজৰ সংসাৰ সুচাৰুৰূপে পৰিচালনা কৰি ক্ৰীড়া জগতত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। তেওঁ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টেনিছ খেলুৱৈ নাজনীন জাফৰে কয়, "মই শৈশৱত স্কুলত কিছু খেলিছিলো যদিও, পেছাদাৰীভাৱে মই কোনো ধৰনৰ ক্ৰীড়াৰ সৈতে জড়িত নাছিলো। কলেজত পঢ়ি থকাৰ সময়টো মই কেৱল পঢ়াতে বেছি গুৰুত্ব দিছিলো। এক কথাত কবলৈ গ'লে মই বহু দেৰিকৈ খেলা আৰম্ভ কৰিছিলো। বিয়াৰ পিছতহে মই টেনিছ খেলিবলৈ লৈছিলো। দহবছৰমান খেলাৰ পিছত মই খেলৰ পৰা বিৰতি লব লগা হৈছিল। কিয়নো লৰা-ছোৱালীৰ দায়িত্ব আহি পৰিছিল। কিন্তু ২০১১ চনৰ পৰা মই ভালকৈ টেনিছ খেলিবলৈ আৰম্ভ কৰিছিলো। ২০১২ ৰ পৰা মই সদৌ অসম ভিত্তিত টেনিছ খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ললো। প্ৰতিযোগিতাবোৰত সফলতা লাভ কৰি গৈ থাকোতে মোৰ মনত খেলিবলৈ আৰু অধিক আগ্ৰহ জন্মিছিল আৰু পিছত মই ভালকৈ টেনিছৰ প্ৰশিক্ষণ ললো আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গ'লো।"
 
এগৰাকী মাতৃ হোৱাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলিবলৈ যোৱা নাজনীন জাফৰে আইটিএফ মাষ্টাৰ্ছত শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰিছিল। টেনিছ খেলাৰ বাবে তেওঁ তেওঁৰ কন্যাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল। কিয়নো তেওঁৰ কন্যাও এগৰাকী ভাল টেনিছ খেলুৱৈ। বৰ্তমান তেওঁৰ কন্যা টেক্সাছ এএণ্ডএম ইউনিভাৰ্চিটিত অধ্যয়ন কৰি আছে।
 
২০২২ বৰ্ষত পৰ্টুগ'লত অনুষ্ঠিত ৱাৰ্ল্ড টেনিছ মাষ্টাৰ্ছ ট্ৰুনামেণ্টত নাজনীন ৰহমন জাফাৰ
 
নাজনীনে কয়, "মই যেতিয়া মোৰ ছোৱালী ৰাইনা জাফৰক টেনিছ খেলৰ প্ৰশিক্ষণৰ বাবে ষ্টেডিয়ামলৈ লৈ গৈছিলো, তেতিয়া তাইক খেলি থকা দেখি মোৰো খেলিবলৈ মন গৈছিল আৰু তেনেকৈয়ে মইও খেলিবলৈ আৰম্ভ কৰিছিলো। মোৰ একাংশ বন্ধুৱে  মোক সদায়ে কৈছিল যে, তুমি ইমান ভাল টেনিছ খেলা। তুমি কিয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেখেলা। আমি তোমাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ পতাকাৰ সৈতে চাব বিচাৰো। মইয়ো ভাবিলো মইনো কিয় চেষ্টা নকৰো। তাৰ পিছত মই অল ইণ্ডিয়া টেনিছ এছ'চিয়েচনে দেশত অনুষ্ঠিত কৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলবোৰত মই অংশগ্ৰহণ কৰিছিলো। মই প্ৰথমে হাৰিয়ানাত অনুষ্ঠিত টেনিছ খেলত অংশগ্ৰহণ কৰিছিলো। তাত মই প্ৰথমটো ট্ৰফী লাভ কৰিছিলো; ডাবলছত মই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলো। এই সাফল্যই মোৰ মনত আত্মবিশ্বাস দৃঢ় কৰি তুলিছিল।"
    
নাজনীন জাফৰে সদৌ অসম চিটিচি প্ৰতিযোগিতাৰ মিক্স ডাবলছত ২০২৩ আৰু ২০২৪ বৰ্ষৰ খিতাপ, ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছত ডুবাইত অনুষ্ঠিত মাষ্টাৰ্ছ টুৰ্ণামেণ্ট ২০০ ছিংগলছত ৰানাৰ্ছ আপৰ খিতাপ, ২০২৩ বৰ্ষত গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ টুৰ্ণামেণ্ট ২০০, দাৰ্জিলিং অনুষ্ঠিত মাষ্টাৰ্ছ টুৰ্ণামেণ্ট ২০০, গুৰুগ্ৰামত অনুষ্ঠিত মাষ্টাৰ্ছ টুৰ্ণামেণ্ট ১০০ত ছিংগলছত খিতাপ, থাইলেণ্ডত অনুষ্ঠিত মাষ্টাৰ্ছ টুৰ্ণামেণ্ট ৪০০ ডাবলছত খিতাপ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু খিতাপ লাভ কৰিছে।
 
নাজনীনে কয়, "মই লাহে লাহে আৰু অধিক টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ ল'লো আৰু মোৰ ৰেংকিংও উন্নত হৈ গৈ আছিল। তাৰ পিছত যেতিয়া ভাৰতে ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে মহিলা টেনিছৰ দল এটা পঠোৱাৰ কথা ভাবিছিল, তেতিয়া মোৰ সৈতেও কথা পাতিছিল আৰু মোক ভাৰতৰ মহিলা টেনিছ দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। মহিলা টেনিছৰ প্ৰথম দলটো পৰ্টুগাললৈ লৈ গৈছিলো আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে, আমাৰ দলত থকা প্ৰতিগৰাকী খেলুৱৈয়ে একো একো গৰাকী মাতৃ আছিল। ভাবিলে ভাল লাগে যে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছতো আমি নিজৰ এক সুকীয়া পৰিচয় গঢ়িব পাৰিছো।"
 
নাজনীন ৰহমান জাফাৰৰ কণ্যা ৰাইনা জাফাৰে খেলি থকা এক মূহুৰ্ত আৰু নাজনীন তেওঁ পৰিয়ালৰ সৈতে
 
আমাৰ সমাজৰ অধিকাংশ মহিলাৰ মনতে এটা ধাৰণা আছে যে, মাতৃত্ব গ্ৰহণ কৰাৰ পিছতো নিজকে ফিট কৰি ৰখাটো এটি খুব কঠিন কাম। কিন্তু এই ক্ষেত্ৰত নাজনীন জাফাৰে এক ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিছে। কিয়নো নাজনীন এগৰাকী ক্ৰীড়াবিদ হোৱাৰ উপৰিও তেওঁ সামাজিক মাধ্যমত এগৰাকী সক্ৰিয় ফিটনেছ ইনফ্লুৱেন্সাৰ।
 
নাজনীনে কয়, "মই ভাবো ক্ৰীড়া আৰু শৰীৰচৰ্চা সদায়ে ইটো-সিটোৰ পৰিপূৰক। কিয়নো খেলিবলৈ গৈ যদি এগৰাকী খেলুৱৈয়ে নিজে ফিট হৈ নাথাকে, তেন্তে তেওঁ খেলিব নোৱাৰে। মই যেতিয়া মোৰ ছোৱালীক খেলৰ বাবে বিভিন্ন ঠাইলৈ লৈ যাব লগা হৈছিল, তেতিয়া তাইৰ শৰীৰ অৰ্থাৎ ফিটনেছৰ দ্বায়িত্ব মইয়ে লবলগীয়া হৈছিল। কিয়নো প্ৰতিবাৰে এজনকৈ ফিটনেছ প্ৰশিক্ষক লগত লৈ যোৱাটো যথেষ্ট ব্যয়বহুল হয়, সেয়েহে মই নিজেই এই ক্ষেত্ৰত অলপ অধ্যয়ন কৰিলো। কেনেকৈ আমি নিজেই নিজকে ফিট কৰি ৰাখিব পাৰো, এগৰাকী টেনিছ খেলুৱৈয়ে নিজৰ শৰীৰৰ বাবে কেনে ধৰনৰ গুৰুত্ব ল'ব লাগে, ফিট হৈ থাকিবলৈ কি কি কৰিব লাগে ইত্যাদি বিষয়বোৰ।"
 
নাজনীন তেওঁৰ ট্ৰ'ফীৰ সৈতে আৰু নাজনীনে ট্ৰ'ফী গ্ৰহন কৰি থকা এক মূহুৰ্ত
 
নাজনীনে লগতে কয়, "আমাৰ বয়সৰ মহিলাসকলৰ বাবে লৰা-ছোৱালী জন্ম হোৱাৰ পিছত নিজকে ফিট কৰি ৰখাটো যথেষ্ট কঠিন হৈ পৰে। কিন্তু আমি নিজকে ফিট কৰি ৰাখিব লাগিব। আমাৰ সমাজত বহু মহিলা আছে যিসকলে নিজকে যত্ন লোৱা এৰি দিয়ে, কিয়নো তেওঁলোকে ভাবে যে, আমি যিহেতু ঘৰতে থাকিম, সেয়েহে আমি নিজকে যত্ন নললেও হব। কিন্তু মই ভাবো আমাৰ বয়সৰ প্ৰতিগৰাকী মহিলাই নিজকে যত্ন লব লাগে, কিবা খেল খেলিব লাগিব বুলিয়ে নহয়, এনেয়ে নিজৰ শৰীৰ ভালে ৰাখিবলৈ যত্ন লব লাগে। প্ৰতিগৰাকী মহিলাই নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে দৈনিক অলপ সময়ৰ বাবে হলেওঁ খোজ কঢ়া, কেতিয়াবা যোগাসন আদি কৰিব লাগে। কাৰন আমি নিজে ভালে থাকিলেহে আমি আমাৰ পৰিয়ালটোক ভালে ৰাখিব পাৰিম। সাধাৰণতে ৩০ বছৰ বয়স পাৰ হোৱাৰ পিছত মহিলাসকলৰ পেশী গঠনত প্ৰভাৱ পৰে। আনহাতে ৪০ বছৰৰ পিছত যেতিয়া ৰজনীবৃতি সময়ত আহি পৰে, তেতিয়া বহু হৰমণৰ অসন্তুলন সমস্যাত ভোগা দেখা যায়। এই সকলোবোৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আমি নিজকে ফিট কৰি ৰাখিব লাগিব। এনে বহু মহিলা আছে যে এটা বয়সৰ পিছত আমি এইটো কাম কৰিব নোৱাৰো... সেইটো কাম কৰিব নোৱাৰো। কিন্তু মই ভাবো যে, শিকাৰ কোনো বয়স নাই। আত্মবিশ্বাস আৰু ইচ্ছা থাকিলে ৮০-৯০ বছৰীয়া এগৰাকী মহিলাইও বহু বস্তু শিকিব পাৰে বা কৰিব পাৰে। মই যেতিয়া খেলিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া অসমত বহু কম মহিলা আছিল, কিন্তু এতিয়া বহু মহিলাই ওলাই আহিছে।"
 
তেওঁ কয়, "মই বহু উদ্যান তথা খানাপাৰা খেলপথাৰত প্ৰায়ে বিনামূলীয়াকৈ যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছো। কিয়নো মই ভাবো যে, যোগ বা ব্যায়াম কৰাৰ বাবেই নহয়, আমি আমাৰ মানসিক স্বাস্থ্য ভালে ৰখাৰ বাবেও কাম কৰিব লাগে। এগৰাকী মাতৃ তথা গৃহিণী হিচাপে আমি বহুবাৰ বহু সমস্যাৰ সন্মুখীন হওঁ। মানসিকভাৱে নিজকে স্থিৰ কৰি এই সকলোবোৰ সমস্যাৰ সৈতে  মোকাবিলা কৰিবলৈ আমি নিজকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব লাগিব। যেতিয়া আমি মানসিকভাৱে সুস্থ হৈ থাকো, তেতিয়া আমি অত্যন্ত সুখত থাকো আৰু আনকো সুখী কৰি ৰাখিব পাৰো, সকলো সমস্যাৰ সৈতে মোকাবিলা কৰিব পাৰো। পৰিয়ালে যেতিয়া আমাৰ মাজত এই সলনিটো দেখিব, তেতিয়া তেওঁলোকেও নিজকে সলনি কৰিব বিচাৰিব।"
গুৱাহাটী হাফ মাৰাথন প্ৰমোচনৰ বাবে গুল পানাগৰ সৈতে নাজনীন
 
ভাৰতীয় সমাজত বহু ক্ষেত্ৰত এগৰাকী মহিলাই বিশেষকৈ মুছলমান মহিলাই বাহিৰলৈ ওলাই যাব লৈ অলপ সমস্যা হয়। তেনেক্ষেত্ৰত  এগৰাকী মুছলমান মহিলা হিচাপে নাজনীন জাফাৰে কেতিয়াও সমাজ তথা পৰিয়ালৰ তৰফৰ পৰা কোনো ধৰনৰ সমস্যাৰ সন্মুখীন হবলগীয়া হোৱা নাছিল। কিয়নো এই ক্ষেত্ৰত তেওঁ তেওঁৰ পৰিয়ালৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছিল।
 
নাজনীনে কয়, "মই মোৰ পৰিয়াল তথা সমাজৰ পৰা বহু সমৰ্থন লাভ কৰিলো। সৰু থাকোতে মোক মোৰ দেউতাই, বিবাহৰ পিছত মোক মোৰ স্বামীয়ে যথেষ্ট সহায় আৰু সমৰ্থন আগবঢ়াই আহিছে। যিহেতু মোৰ স্বামী শ্বাহনাৱাজ জাফাৰ এন আই এছ স্বীকৃত এগৰাকী টেনিট প্ৰশিক্ষক। সেয়েহে তেওঁ জানে যে, এগৰাকী খেলুৱৈৰ ওচৰত কি কি গুণ থাকিব লাগে। খেলৰ বাবে সময়, জিৰণিৰ বাবে সময় আদি সকলো সুবিধা তেওঁৱে মোক কৰি দিছে। ভাৰতীয় সমাজত বহু ক্ষেত্ৰত এগৰাকী মহিলাই বিশেষকৈ মুছলমান মহিলাই খেলিবৰ বাবে ওলাই যাব লৈ অলপ সমস্যা হয় যদিও, মোৰ স্বামীয়ে মোক মুক্তভাৱে সকলোখিনি কৰাৰ বাবে আৰ্থিক তথা মানসিকভাৱে সমৰ্থন আগবঢ়াই আহিছে, এই ক্ষেত্ৰত মই নিজকে খুবেই সৌভাগ্যবান বুলি ভাবো।"
 
টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবে তুৰস্কত
 
খেলৰ লগতে ধৰ্মীয় তথা আধ্যাত্মিক দিশটোও সম্পূৰ্ণৰূপে পালন কৰি আহিছে নাজনীনে। তেওঁ কয়, "মই এগৰাকী মুছলমান মহিলা হিচাপে মই নিয়মিতভাৱে নামাজ আৰু ৰোজা পালন কৰো। কিন্তু খেল থাকিলে কেতিয়াবা অসুবিধা নোহোৱা নহয়। মই যেতিয়া খেলৰ বাবে ঘৰৰ বাহিৰলৈ যাবলগীয়া হয়, তেতিয়া মই ছিংগল কোঠাতে থাকো, যাতে মই মোৰ ধৰ্মীয় কাম-কাজখিনিও সুচাৰুৰূপে কৰি যাব পাৰো। কিয়নো আমাৰ ধৰ্মই আমাক শৰীৰ ভালে ৰখাত সহায় কৰে। আমি আমাৰ ধৰ্মৰ নিয়ম অনুসৰি এমাহ ৰোজা পালন কৰো। যিটো এটি অতি ইতিবাচক অনুশীলন হয় আৰু যি আমাৰ ধৰ্মই আমাক দিছে।  উপবাসে থকাৰ এই নিয়মৰ বহু বৈজ্ঞানিক তাৎপৰ্য আছে। এগৰাকী খেলুৱৈৰ বাবে এয়া বহু প্ৰয়োজন।"
 
এগৰাকী খেলুৱৈয়ে খেলৰ সময়ত নানান ধৰনৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা যায়। তেনে পৰিস্থিতিত খেলুৱৈ গৰাকীয়ে কেনেদৰে মানসিক স্থিৰতা ৰক্ষা কৰিব লাগিব। ভাল-বেয়া পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগিব, এই সকলোবোৰ নিয়ন্ত্ৰণ কৰাৰ  ক্ৰীড়াবিদ তথা ফিটনেছ ইনফ্লুৱেন্সাৰ নাজনীন জাফাৰে 'স্পোৰ্টছ চাইকোল'জী'ৰ এক ক'ৰ্চো সম্পূৰ্ণ কৰিছে। ইয়াৰ জৰিয়তে তেওঁ বহু খেলুৱৈক মানসিক স্থিতি কেনেদৰে স্থিৰ কৰি ৰাখিব, সেই বিষয়ে পৰামৰ্শ দি আহিছে।
 
ৰাজ্যিক মিক্সড ডাবলছৰ খিতাপ লাভ কৰাৰ এক মূহুৰ্ত
 
নাজনীনে কয়, "মই স্পোৰ্টছ চাইকোল'জীৰ এটা কোৰ্চ কৰিছিলো। টেনিছ খেল হৈছে এক বহু কঠিন খেল। য'ত বহু ভাল বেয়া অভিজ্ঞতাৰ সন্মুখীন হবলগীয়া হয়। যিহেতু মোৰ লগতে মোৰ ছোৱালী আৰু ল'ৰাইও খেলে। সেয়েহে মই এই কোৰ্চটোৰ জৰিয়তে মই মোৰ সন্তানক মানসিকভাৱে স্থিৰ হৈ থকাত সহায় কৰিব পাৰিছো। সন্তানৰ লগতে মই অন্য বহু খেলুৱৈক এই ক্ষেত্ৰত বহু পৰামৰ্শ আগবঢ়াই আহিছো। যাতে তেওঁলোকে যিকোনো পৰিস্থিতিতে বিচলিত নহয় মানসিকভাৱে স্থিৰ হৈ থাকিব পাৰে। যদি কোনো খেলুৱৈয়ে খেল হাৰে তেন্তে কেনেকৈ সেই সময়খিনিৰ সৈতে মোকাবিলা কৰিব। খেলৰ মৈদানত খোজ পেলাই এটা কথা স্থিৰ কৰি লব লাগিব যে এই খেলখনত মই যিকোনো প্ৰকাৰে জয় হব লাগিব। প্ৰতিযোগীতা যাৰে লগতে নাথাকক কিয় কিন্তু জয়ী কেবল মইয়ে হব লাগিব। দৰ্শকৰ আশাৰ সৈতে নিজৰ পৰিস্থিতিৰ সামঞ্জস্য ৰক্ষা কৰাত ই যথেষ্ট সহায় কৰে।"
 
বিগত বৰ্ষৰ ডিচেম্বত নতুন দিল্লীত অনুষ্ঠিত হোৱা পিকলবল ইভেণ্টত বিজয়ী নাজনীন জাফাৰ   
 
টেনিছ খেলুৱৈ নাজনীনে অসমত দ্ৰুত গতিত প্ৰসাৰিত হোৱা 'পিকল বল'ৰ বিষয়ে কয়, "পিকল বল হৈছে এবিধ অতি দ্ৰুত গতিত প্ৰসাৰিত হবলৈ ধৰা এবিধ খেল। আমেৰিকাৰ লগতে এছিয়ান দেশসমূহতো অতি দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান ভাৰততো প্ৰসাৰিত  হবলৈ ধৰিছে। এই খেলবিধ প্ৰসাৰিত হোৱাৰ মূল কাৰনটো হৈছে, এই খেলটি অতি সহজ আৰু সুবিধাজনক। এই খেলত কোনো ধৰনৰ কঠিন নিয়ম নাই। ই টেনিছ, টেবুল টেনিছ, বেডমিন্টন আদি খেলৰ মিশ্ৰিত সমাহাৰ। এইটো খেল সকলো বয়সৰ লোকে অৰ্থাৎ ১০-৯০ বছৰ বয়সলৈ খেলিব পাৰে। ফাইভাৰ, মাক্ৰফাইভাৰ আৰু  কাঠেৰে নিৰ্মিত এখন সৰু পেডেলেৰে পোলিমাৰ বল লৈ খেলা হয়। বৰ্তমান আমি অসমতো এই খেলবিধ আনিছো। অলপতে আমি বহু কেইখন স্কুল, আই এ এছ কোলনিত 'পিকল বল'ৰ ডেম'নষ্ট্ৰচন কৰিছিলো আৰু ইয়াৰ পৰা বহুত ভাল সঁহাৰিও লাভ কৰিছো।"
 
'পিকল বল' ভাৰতৰ ২৩ ৰাজ্যত আৰম্ভ হৈছে। এন চি আৰ, দিল্লী এন চি আৰ, পশ্চিম ভাৰতত দৈনিক নতুন প্ৰশিক্ষক আহি আছে আৰু প্ৰায় ১০ হাজাৰ খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। শেহতীয়াকৈ ডুবাইত 'পিকল বল' ৱ'ৰ্ল্ড ৰেংকিং বুলি এক প্ৰতিষ্ঠান মুকলি কৰা হৈছে।