মুন্নী বেগম / গুৱাহাটী
সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলৰ বাবে ৰামজান হৈছে আধ্যাত্মিক চিন্তা-চৰ্চা, আত্ম-অনুশাসন আৰু উপাসনা কৰাৰ উত্তম সময়। ৰমজানৰ এই সময়ছোৱাত প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে পুৱতি নিশাৰ পৰা সূৰ্যাস্তলৈকে ৰোজা পালন কৰাটো বাধ্যতামূলক।
কিন্তু দেখা যায় যে, বহু শিশুৱে বয়োজ্যেষ্ঠসকলক অনুকৰণ কৰিবলৈ এই পবিত্ৰ পৰম্পৰা পালন কৰিব বিচাৰে, যিটো তেওঁলোকৰ বাবে ব্যক্তিগত দায়বদ্ধতা নহয়। কিন্তু শিশুৰ বাবে, বিশেষকৈ বাঢ়ি অহা শিশুসকলে ৰোজা পালন কৰিলে তেওঁলোকৰ প্ৰতি অভিভাৱকৰ অতিৰিক্ত যত্ন আৰু মনোযোগৰ প্ৰয়োজন হয়।
এগৰাকী শিশুৱে তাৰাৱীহ নামাজ সম্পন্ন কৰা এক দৃশ্য
শিশুসকলে ৰোজা পালন কৰিবলৈ সাজু হয় নে নহয় কেনেকৈ জানিব
ইছলামিক শিক্ষাৰ মতে যৌৱনকাল নোপোৱালৈকে শিশুৰ বাবে ৰোজা বাধ্যতামূলক নহয়। কিন্তু এনে বহু শিশু বিশেষকৈ সাত বছৰৰ ওপৰৰ শিশুৱে ৰোজা পালন কৰাৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে। কিন্তু এইসময়ত অভিভাৱক হিচাপে তেওঁলোকে প্ৰতিগৰাকী শিশুৰ শাৰীৰিক আৰু আৱেগিক প্ৰস্তুতিৰ মূল্যায়ন কৰাটো অতি প্ৰয়োজনীয়।
শিশুৱে ৰোজা পালন কৰিবলৈ সাজু হ’ব পৰা কিছু কাৰক হৈছে
১/ শিশুৰ সামগ্ৰিক স্বাস্থ্য আৰু উন্নত পুষ্টিপূৰ্ণ শাৰীৰিক অৱস্থা
২/ শিশুসকলে ৰোজাৰ নিয়ম বুজিব পৰা আৰু পালন কৰিব পৰা ক্ষমতা
৩/ শিশুসকলৰ ধৰ্মীয় কাম-কাজত অংশগ্ৰহণৰ আগ্ৰহ
যদি আপোনাৰ শিশুটিয়ে ৰোজা পালন কৰিবলৈ আগ্ৰহী হয়, কিন্তু গোটেই দিনটো ৰোজা পালন কৰাৰ বাবে তেওঁলোক শক্তিশালী নহয়, তেন্তে আধা দিনৰ ৰোজা তথা মাজে মাজে ৰোজা পালন কৰাটো ক্ৰমান্বয়ে পদ্ধতি হিচাপে প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত বিবেচনা কৰিব পাৰে। আনহাতে তেওঁলোকক 'ট্ৰেইনিং ফাষ্ট' কৰিবলৈও উৎসাহিত কৰিব পাৰে, য'ত তেওঁলোকক মাত্ৰ কেইঘণ্টামান সময়ৰ বাবেহে ৰোজা পালন কৰিব পাৰে। শিশুসকলক কেৱল ছুটিৰ দিনত বা বিকল্প দিনত ৰোজা পালন কৰিবলৈ দিব লাগে, যাতে তেওঁলোকে এই অনুশীলন পালন কৰাত সহজ হৈ পৰে।
এগৰাকী শিশুৱে পবিত্ৰ কোৰাণ পাঠ কৰা এক দৃশ্য
শিশুৰ বাবে পুষ্টিকৰ ছেহেৰীৰ পৰিকল্পনা
সম্পূৰ্ণ ৰোজাৰ সময়ছোৱাত শিশুক স্থিৰ কৰি ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈছে ছেহেৰীৰ আহাৰ। শিশুসকলক হাইড্ৰেটেড আৰু সক্ৰিয় কৰি ৰাখিবলৈ ছেহেৰীত সুষম খাদ্য আৰু শক্তি সমৃদ্ধ খাদ্য যোগান ধৰিব লাগে। কিছু ছেহেৰী খাদ্যৰ উপাদান হ'ল ক্ৰমে-
সংমিশ্ৰিত কাৰ্বহাইড্ৰেট: ওটছ, ঘেঁহুৰ ৰুটি, ব্ৰাউন ৰাইচ আদিৰ দৰে গোটা শস্যই শৰীৰত দীৰ্ঘস্থায়ী শক্তিৰ যোগান ধৰে।
প্ৰ'টিন: কণী, দৈ, বাদাম, আৰু মাংসই শিশুক বেছি সময়লৈ পুষ্টি যোগানত সহায় কৰে।
স্বাস্থ্যকৰ চৰ্বি: এভোকেডো, বাদাম আৰু অলিভ অইলে মগজুৰ কাৰ্য্যক্ষমতা আৰু স্থায়ী শক্তি প্ৰদান কৰে।
হাইড্ৰেচন: শিশুক প্ৰচুৰ পৰিমাণে পানী আৰু প্ৰাকৃতিক ফলৰ ৰস খাবলৈ উৎসাহিত কৰক যাতে তেওঁলোকে তৃষ্ণাতুৰ অনুভৱ নকৰে।
প্ৰচেছড খাদ্য, চেনিযুক্ত শস্য, আৰু অত্যধিক নিমখ পৰিহাৰ কৰিব লাগে। কিয়নো ইয়াৰ ফলত ৰোজাৰ দিনত শক্তিৰ ক্ষয় হয় আৰু তৃষ্ণা বৃদ্ধি হয়।
ইফটাৰ প্ৰস্তুতত শিশুসকলক নিয়োজিত কৰাৰ এক দৃশ্য
ৰোজাৰ সময়ত বিশেষকৈ দীঘলীয়া আৰু গৰম দিনত শিশুৰ বাবে ৰোজা পালন কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে। তেওঁলোকক আৰামদায়ক অনুভৱ কৰোৱাৰ বাবে কিছু উপায় হ’ল:
জিৰণি আৰু লঘূ কাৰ্য্যকলাপৰ বাবে উৎসাহিত কৰক: শিশুৰ বাবে ক্লান্তিকৰ শাৰীৰিক কাৰ্য্যকলাপ পৰিহাৰ কৰিব লাগে আৰু প্ৰয়োজন হ’লে টোপনি যাবলৈ সময় দিব লাগে। কিয়নো দুপৰীয়াৰ অলপ টোপনিয়ে শিশুৰ ভাগৰ কমোৱাত সহায় কৰে আৰু তেওঁলোকক সতেজ কৰি ৰাখে। ছেহেৰীৰ বাবে পুৱতি নিশা টোপনিৰ পৰা উঠাৰ বাবে তেওঁলোকক সোনকালে শুবলৈ দিয়াটো নিশ্চিত কৰিব লাগে।
আধ্যাত্মিক আৰু শৈক্ষিক কাৰ্য্যকলাপত জড়িত কৰক: ইছলামিক কাহিনী পঢ়া, লঘূভাৱে নামাজ পঢ়া, ৰমজানৰ তাৎপৰ্য্যৰ বিষয়ে জানিবলৈ দিয়া আদি কাৰ্যই শিশুসকলক অনুপ্ৰাণিত কৰি ৰাখিব। তেওঁলোকক খাদ্য বা ধন দান কৰিবলৈ দি দান-বৰঙণিৰ গুৰুত্ব বিষয়ে শিকাব লাগে। ইয়াৰোপৰি যদি তেওঁলোকে আৰামদায়ক অনুভৱ কৰে, তেন্তে তেওঁলোকক তাৰাৱীহৰ নামাজত যোগদান কৰৰোৱাব লাগে। তেওঁলোকক ৰোজা যে কেৱল খাদ্যৰ খোৱাৰ পৰা বিৰত থকাই নহয়, ই আত্ম-অনুশাসন আৰু কৃতজ্ঞতাও এই বিষয়ে জনাব লাগে।
অস্বস্তিৰ লক্ষণসমূহ নিৰীক্ষণ কৰক: যদি কোনো শিশুৰ অত্যন্ত ভাগৰুৱা, বমি ভাব, মূৰ ঘূৰোৱা বা তৃষ্ণাতুৰ অনুভৱ কৰাৰ লক্ষণ দেখা দিয়ে, তেন্তে তেওঁলোকক ৰোজা ভংগ কৰিবলৈ উৎসাহিত কৰিব লাগে। কিয়নো শিশুসকলৰ স্বাস্থ্যই সদায় প্ৰথম গুৰুত্ব লাভ কৰিব লাগে। কিয়নো ভোক আৰু পিয়াহ লগা অনুভৱে শিশুক খিংখিঙীয়া কৰি তুলিব পাৰে। তেনেক্ষেত্ৰত শিশুক দোৱা পাঠ কৰা, গভীৰভাৱে উশাহ-নিশাহ লবলৈ উৎসাহিত কৰিব লাগে। ইয়াৰোপৰি এই সময়ছোৱাত অভিভাৱকসকল সদায়ে ধৈৰ্য্যশীল আৰু সহায়কাৰী হব লাগে।
ইফটাৰৰ বাবে প্ৰস্তুত কৰা সুস্বদু খাদ্য
অত্যধিক স্ক্ৰীণ টাইম পৰিহাৰ কৰক: ৰোজা পালন কৰা শিশুৱে বেছি সময় টিভি চোৱা বা ভিডিঅ’ গেম খেলিলে তেওঁলোকে ক্লান্তি অনুভৱ কৰিব পাৰে। সেয়েহে ইয়াৰ পৰিৱৰ্তে তেওঁলোকক গল্প কোৱা, শিল্পকৰ্ম, বা ৰমজানৰ বিষয়ে জনা আদি লঘু কামত জড়িত কৰিব লাগে।
শিশুসকলৰ প্ৰতি নমনীয় হওক: যদি আপোনাৰ সন্তানে ৰোজা পালন কৰিবলৈ সংগ্ৰাম কৰি থাকে, তেন্তে তেওঁলোকক সোঁৱৰাই দিয়ক যে, তেওঁলোকৰ বাবে ৰোজা বাধ্যতামূলক নহয়। অহা বছৰ পুনৰ চেষ্টা কৰিবলৈ উৎসাহিত কৰক আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকক আধ্যাত্মিক দিশবোৰত মনোনিৱেশ কৰিবলৈ দিয়ক।
ইফটাৰক উপভোগ্য কৰি তোলক: শিশুসকলৰ মাজত ইফটাৰৰ সময়ছোৱাত উত্তেজনা সৃষ্টি কৰিবলৈ তেওঁলোকক ইফটাৰ প্ৰস্তুত কৰাত সহায় কৰিবলৈ দিব লাগে। তেওঁলোকৰ খাদ্যৰ লগতে পৰিয়ালৰ খাদ্যৰ পৰিকল্পনা কৰিব লাগে, যাতে তেওঁলোকে ৰোজা ভংগ কৰিবলৈ অধিক আগ্ৰহী হয়। তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰি ৰোজা সম্পূৰ্ণ কৰাৰ বাবে তেওঁলোকক সৰু সৰু পুৰস্কাৰ দি উৎসাহিত কৰিব পাৰে।
ইফটাৰত পুষ্টিকৰ খাদ্য গ্ৰহণ
ইফটাৰ সদায়ে হ’ব লাগে হেৰুৱা শক্তি আৰু পুষ্টিকৰ উপাদান পুনৰুদ্ধাৰ কৰাৰ সময়। শিশুৰ বাবে ইফটাৰত অন্তৰ্ভুক্ত কৰিব পৰা কিছু সুষম আহাৰ হৈছে ক্ৰমে
খেজুৰ আৰু পানী: শৰীৰত শক্তি আৰু হাইড্ৰেচনৰ মাত্ৰা দ্ৰুতভাৱে পুনৰুদ্ধাৰ কৰিবলৈ।
প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বি: কুকুৰাৰ চুপ, মাছ, মচুৰ দাইল, বাদাম আদিয়ে শৰীৰত শক্তি পুনৰ যোগানত সহায় কৰে।
ফল-মূল: শৰীৰত অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰে।
গোটা শস্য: শৰীৰত শক্তিৰ মাত্ৰা বজাই ৰাখিবলৈ ব্ৰাউন ৰাইচ, ঘেঁহুৰ ৰুটি।
শিশুৰ বাবে ইফটাৰত ডিপ ফ্ৰাইড আৰু অত্যধিক মিঠা খাদ্য পৰিহাৰ কৰিব লাগে।
দুটি শিশুৱে ইফটাৰ কৰি থকা এক দৃশ্য
ভাৰসাম্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা
ৰোজা পালন কৰাটো আধ্যাত্মিক অভ্যাস হ’লেও শিশুৰ সুস্থতাক শীৰ্ষ অগ্ৰাধিকাৰ দিয়া উচিত। যদি ৰোজা অতি কঠিন হৈ পৰে, তেন্তে তেওঁলোকক সোঁৱৰাই দিয়া উচিত যে ইছলামে দয়াক উৎসাহিত কৰে আৰু স্বাস্থ্যৰ মূল্যত ৰোজা ৰখাৰ প্ৰয়োজন নাই। দুখীয়াক খাবলৈ দিয়া, অতিৰিক্ত নামাজ পঢ়া আৰু যদি তেওঁলোকে ৰোজা ৰাখিব নোৱাৰে, তেন্তে তেওঁলোকক কোৰাণ পাঠ কৰা আদি বিকল্প কাম কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰক।
যত্ন আৰু প্ৰস্তুতিৰে ৰমজানৰ দিনত শিশুৱে'ৰোজা' পালন কৰাটো তেওঁলোকৰ বাবে এক অৰ্থপূৰ্ণ অভিজ্ঞতা হ’ব পাৰে। তেওঁলোকে পুষ্টিকৰ খাদ্য খোৱা, হাইড্ৰেটেড আৰু ভাল কামত লিপ্ত হোৱাটো নিশ্চিত কৰি অভিভাৱকসকলে তেওঁলোকৰ ৰমজানৰ অভিজ্ঞতাক পূৰ্ণতাপূৰ্ণ আৰু নিৰাপদ কৰি তোলাত সহায় কৰিব পাৰে। তেওঁলোকক মধ্যমীয়া আৰু ৰোজাৰ প্ৰকৃত সাৰমৰ্মৰ বিষয়ে শিকালে সহানুভূতি, কৃতজ্ঞতা আৰু আত্ম-অনুশাসন ইত্যাদিৰে পৰিপূৰ্ণ এই পবিত্ৰ মাহৰ প্ৰতি তেওঁলোকৰ আজীৱন প্ৰশংসা গঢ়ি তোলাত সহায় কৰিব।