আৱাজ-দ্য ভইচ / শ্ৰীনগৰ
ট্ৰাক চলোৱাক নিজৰ নিচা আৰু পেছা কৰি লোৱা এগৰাকী মহিলাৰ সাহস আৰু দৃঢ়তাৰ কাহিনী এয়া। ছমাহৰ ভিতৰত তেওঁ ভাৰতৰ আধাসংখ্যক ৰাজ্য ভ্ৰমণ কৰিছে আৰু তাৰ পৰা ট্ৰাকেৰে তেওঁ বিভিন্ন সামগ্ৰী কঢ়িয়াই লৈ গৈছে। কেতিয়াবা চাৰি বছৰীয়া ছোৱালীজনীক সংগী হিচাপে দেশৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰি ফুৰা মহিলাগৰাকী হৈছে কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা ট্ৰাক চালক ৰাবিয়া ইয়াছিন।
ৰাবিয়াৰ স্বামী ইমতিয়াজ আহমেদ মিৰো এজন ট্ৰাক চালক। কাশ্মীৰৰ ৰামবানৰ পাৰ্নোটেৰ বাসিন্দা ৰাবিয়া ইয়াছিনে ছবছৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ৱাখেৰৱান অঞ্চলৰ মহম্মদ ইমতিয়াজ আহমেদ মিৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। প্ৰথম অৱস্থাত ৰাবিয়াই কৌতুহলৰ বাবে আৰু অপেশাদাৰী চালক হিচাপে কেতিয়াবা স্বামীৰ ট্ৰাকখন চলাইছিল। কিন্তু লাহে লাহে তেওঁ এই কামটো উপভোগ কৰিবলৈ ধৰিলে আৰু ইয়াক নিজৰ পেছা কৰি লোৱাৰ কথা ভাবিলে।
ট্ৰাকৰ ভিতৰত ৰবিয়া ইয়াছিন
ইয়াৰ পিছত এদিন তেওঁ স্বামীক ক'লে, "আপুনি মোক কিয় ভালকৈ ড্ৰাইভিং শিকিবলৈ নিদিয়ে?" ইমতিয়াজ আহমেদে পত্নীৰ আগ্ৰহক গুৰুত্ব দি তেওঁক ড্ৰাইভিং শিকালে আৰু এবছৰ নৌহওঁতেই ৰাবিয়াই ভাৰতৰ প্ৰায় আধাসংখ্যক ডাঙৰ ৰাজ্যত ট্ৰাক চলাইছে। "ই এক আচৰিত অনুভৱ, বিভিন্ন সময়ত মই প্ৰত্যাহ্বানৰো সন্মুখীন হৈছো।"-ৰাবিয়াই কয়।
ছ’চিয়েল মিডিয়াৰ উত্থান আৰু পুৰুষ প্ৰধান খণ্ডত কাশ্মীৰী মহিলাৰ সৱলীকৰণৰ প্ৰসংগ উত্থাপন কৰি ৰাবিয়াই কয়, "মই কৃতজ্ঞ যে মই মনে বিচৰা কামটো কৰিব পাৰিছো আৰু এতিয়ালৈকে সকলোৱে শলাগ লৈছে।" উল্লেখ্য যে, ইনষ্টাগ্ৰামত Rabiya Vlogs 786-ৰ জৰিয়তে তেওঁ ট্ৰাক চলোৱাৰ বিভিন্ন অভিজ্ঞতা শ্বেয়াৰ কৰি আহিছে।
মানুহৰ পৰা পোৱা অপাৰ মৰম আৰু সমৰ্থনে তেওঁক সকলো বাধা ভংগ কৰি যাবলৈ অনুপ্ৰাণিত কৰিছে বুলি ৰাবিয়াই জানিবলৈ দিয়ে। "সমাজ, বিশেষকৈ কাশ্মীৰত মানুহে নাৰীৰ প্ৰতি পক্ষপাতিত্ব কৰে। অৱশ্যে আপুনি তেওঁলোকক গুৰুত্বসহকাৰে লওক বা নিজকে গুৰুত্বসহকাৰে লওক সেয়া নিৰ্ভৰ কৰে এজন ব্যক্তিৰ মানসিকতাৰ ওপৰত। যেতিয়া এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ হয়, তেতিয়া প্ৰতিটো পথেই সফলতালৈ লৈ যায়।"-তেওঁ কয়।
ৰবিয়া ইয়াছিনে হায়দৰাবাদৰ এখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি থকা এক দৃশ্য
ৰাবিয়াই অৱশ্যে কয় যে কাশ্মীৰো এতিয়া সলনি হৈ আছে। এতিয়া কথাবোৰ পুৰণি কাশ্মীৰৰ দৰে নহয়, য'ত মহিলাসকলে নিজৰ সপোনক নিজৰ পাকঘৰৰ মাজতে সীমাবদ্ধ কৰি ৰাখিছিল। এতিয়া নিজৰ সপোনক সাৰ্থক কৰি ব্যক্তিগত পছন্দ অনুসৰি জীৱন যাপন কৰাৰ স্বাধীনতা আহি পৰিছে। অৱশ্যে এই লক্ষ্যত উপনীত হ’বলৈ বিশেষকৈ ছোৱালীৰ বাবে নিষ্ঠা অতি প্ৰয়োজনীয়।
ৰাবিয়াই কয় যে দৰিদ্ৰতা আৰু অসহায়তাৰ বাবে তেওঁ ট্ৰাক চলাবলৈ বাধ্য হৈছে বুলি বহুতে কয় যদিও এইটো সত্য নহয়। "মই এই বৃত্তিটো অসহায়তাৰ বাবে নহয় বৰঞ্চ মোৰ ভাল লগাৰ বাবেহে গ্ৰহণ কৰিছো। মই গধুৰ বাহন চলোৱাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলো। ভাগ্য ভাল যে মই এজন ট্ৰাক চালকৰ লগত বিয়া হৈছিলো। যেতিয়া মই মোৰ চখৰ কথা মোৰ স্বামীক ক'লোঁ, তেতিয়া তেওঁ সুখী হৈ মোক ট্ৰাক চলোৱা শিকাবলৈ মান্তি হ'ল। তিনি-চাৰি মাহত মই ট্ৰাক চলাবলৈ শিকিলোঁ।"-দৃঢ়মনা ৰাবিয়াই কয়।
তেওঁ কয়, "আজি মোৰ গধুৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ আছে আৰু মই জৱাহৰ সুৰংগ পাৰ হৈ কেৱল কাশ্মীৰলৈ নহয়, দেশৰ বিভিন্ন চুকলৈও সামগ্ৰী কঢ়িয়াই লৈ যাওঁ। ইছলামত মহিলাসকলে ঘৰত বা বাহিৰত কাম কৰাত নিষেধাজ্ঞা নাই, কিন্তু কাম কৰাৰ সময়ত মুখ ঢকা আৰু সীমাৰ ভিতৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা দিয়া আছে। মই এইটো অনুসৰণ কৰো।"
দুঃসাহসিক মহিলা ট্ৰাক চালক ৰাবিয়া ইয়াছিন
তেওঁ লগতে উল্লেখ কৰে, "আজি মোক ট্ৰাক চলাই থকা দেখি মানুহে থতমত খাইছে, অৱশ্যে, পিছত তেওঁলোকৰ মুখত এটা হাঁহি বিৰিঙি উঠে।" উল্লেখ্য যে, মহিলা ট্ৰাক চালক ৰাবিয়াৰ এটা চাৰি বছৰীয়া কন্যা সন্তান আছে আৰু মাজে সময়ে তেওঁ ছোৱালীজনীকো যাত্ৰাৰ সময়ত লগত লৈ যায়। কন্যাজনীয়েও যাত্ৰাৰ সময়খিনি খুৱ আনন্দৰে উপভোগ কৰে বুলি ৰাবিয়াই প্ৰকাশ কৰে।
ৰাবিয়াৰ শাহুৱেক শ্বাহনাজ বেগমে কয়, "মোৰ বোৱাৰীক লৈ গৌৰৱ অনুভৱ কৰিছো। তেওঁ নিজৰ চখ পূৰণ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত তেওঁৰ স্বামীৰ কোনো আপত্তি নাই। ৰাবিয়া মোৰ ছোৱালী হ’লেও মই তেওঁক নিশ্চয় সমৰ্থন কৰিলোঁহেঁতেন। ঘৰত থাকিলে তেওঁ মোৰ কামত সহায় কৰে। মই আশা কৰো যে তেওঁ যিমান দিনলৈ পাৰে, ট্ৰাক চলাওক। আমাৰ শুভকামনা আছে।"