ফজল পাঠান / পুণে
এগৰাকী প'ষ্ট মাষ্টাৰৰ কন্যা ছাজিদা আব্দুল ৰছিদ মোল্লাই মহাৰাষ্ট্ৰৰ আকলোজ (Akloj)ৰ শংকৰ নগৰত খাদ্য সুৰক্ষা বিষয়া হিচাপে যোগদান কৰিবলৈ সাজু হৈছে। মহাৰাষ্ট্ৰ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ দুটাকৈ ব্যৰ্থ প্ৰয়াসৰ পিছত তেওঁ খাদ্য সুৰক্ষা বিষয়া হিচাপে চাকৰিত নিযুক্তি লাভ কৰি দৃঢ়তা আৰু কেতিয়াও হাৰ মানসিকতাৰ পৰিচয় দিছে।
২০২৩ চনত মহাৰাষ্ট্ৰ লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ছাজিদাই সুখ্যাতিৰে উত্তীৰ্ণ হয়। এই সন্মানীয় পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে মুছলমান পৰিয়ালটোৰ ঘৰখন সুখ আৰু আনন্দৰে ভৰি পৰে। চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হাহাকাৰ কৰাসকলৰ বাবে ছাজিদাই এটা পৰামৰ্শ আগবঢ়াইছে। তেওঁ কয়, “এই পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিমান বছৰ ব্যয় কৰিব, সেইটো সঠিকভাৱে সিদ্ধান্ত ল’ব লাগে আৰু তেওঁলোকে বিফলতাৰ পিছতো হাৰ মনা উচিত নহয়।"
ছাজিদাৰ পিতৃ আব্দুল ৰছিদ মোল্লাই কয়, "ছাজিদা সদায় পঢ়াত ভাল ছাত্ৰী আছিল। তেওঁ নিজৰ লক্ষ্যৰ প্ৰতি আবেগিক আছিল। প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁ অতি দৃঢ়তা আৰু অধ্যৱসায়েৰে অধ্যয়ন কৰিছিল। কোনো হেঁচা নোহোৱাকৈয়ে ছাজিদাই এই সফলতা লাভ কৰিছিল। পিতৃ হিচাপে মই তেওঁক লৈ অতি গৌৰৱান্বিত আৰু পৰিয়ালটোও আজি অত্যন্ত সুখী।"
তেওঁ কয়, “মোৰ পাঁচজনী ছোৱালী আছে। ছাজিদা আটাইতকৈ সৰু। আগতে মই ডাকঘৰত কাম কৰিছিলোঁ। কিন্তু মোৰ তৃতীয় ছোৱালীজনীৰ বিয়া হোৱাৰ পিছত মই ছাজিদাৰ পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ চাকৰি ত্যাগ কৰিলোঁ। মোৰ বাবে ল’ৰা আৰু ছোৱালী উভয়ে সমান। এজন পিতৃ হিচাপে মই সদায় অনুভৱ কৰিছিলো যে ছোৱালীয়ে শিক্ষা লাভ কৰি আগবাঢ়িব লাগে। মই ছাজিদাক শিক্ষা গ্ৰহণ কৰিবলৈ সদায় উৎসাহিত কৰিছিলোঁ। মোৰ আটাইকৈইগৰাকী ছোৱালী শিক্ষিত। ছোৱালী শিক্ষিত হ'ব লাগে। আমি সকলোৱে জানো যে ছোৱালী এজনী শিক্ষিত হ’লে গোটেই পৰিয়ালটোক শিক্ষিত কৰিব পাৰে।”
ছাজিদাই কয়, "মই এটা মধ্যবিত্ত পৰিয়ালত জন্ম লৈছিলো। আমি পাঁচজনী ভগ্নী। দেউতাই ডাকঘৰত প'ষ্টমেনৰ কাম কৰি প'ষ্টমাষ্টাৰলৈ উন্নীত হৈছিল। মোৰ মা এগৰাকী গৃহিণী। ডাক বিভাগত থকাৰ বাবে দেউতা সঘনাই বদলি হৈছিল আৰু আমি বিভিন্ন গ্ৰাম্য অঞ্চলত বাস কৰিছিলো।"
ছাজিদাই মল্লশীৰাছ তালুকা (Mallashiras taluka)ৰ জিলা পৰিষদ ছোৱালী স্কুলত চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিল আৰু পিছলৈ যেতিয়া পিতৃৰ চাকৰি আকলুজৰ য়েশৱন্তনগৰলৈ ট্ৰেন্সফাৰ হৈছিল, তেতিয়া তেওঁ লক্ষ্মীবাই বালিকা বিদ্যালয়ত নামভৰ্তি কৰে। "মই পঞ্চম শ্ৰেণীৰ পৰা বিদ্যালয়ত টপাৰ আছিলো। দশম শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ পিছত মল্লশীৰাছ তালুকাৰ সদাশিৱ ৰাও মানে কলেজত নামভৰ্তি কৰিলোঁ। তাত মই একাদশ আৰু দ্বাদশ শ্ৰেণীতো ভাল নম্বৰ লাভ কৰিছিলোঁ।"
মুম্বাইৰ মহাৰাষ্ট্ৰ লোকসেৱা আয়োগৰ কাৰ্যালয়ত ছাজিদা আব্দুল ৰছিদ মোল্লা
এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰেৰণাৰ বিষয়ে উল্লেখ কৰি ছাজিদাই কয়, "মই আন এটা পাঠ্যক্ৰম বাছি ল'বলগীয়া হৈছিল। মোৰ এজন জেষ্ঠ ভাতৃয়ে কৃষি বিষয়ত বি এছ চি কৰিছিল আৰু তেওঁ এজন কৃষি বিষয়া। তেওঁক দেখি মইও কৃষি বিষয়ত বি এছ চি কৰিবলৈ সিদ্ধান্ত লৈছিলো। ইয়াৰ পিছত ৰাহুৰীৰ মহাত্মা ফুলে কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কলহাপুৰৰ ৰাজশ্ৰী ছাত্ৰপতি শাহু মহাৰাজ কৃষি মহাবিদ্যালয়ত যোগদান কৰিলোঁ। এই কলেজৰ পৰাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ। তাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে মই ৰাহুৰীৰ বিশ্ববিদ্যালয়খনত পুনৰ নামভৰ্তি কৰো।"
এই বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ এক মঞ্চ আগবঢ়াইছিল। এই পাঠ্যক্ৰমত যোগদান কৰা বহু ছাত্ৰ-ছাত্ৰী বিভিন্ন চৰকাৰী বিভাগত বিষয়া হিচাপে কাম কৰি আছে। এইবোৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ ছাজিদাই ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।
"মই শুনিছিলোঁ যে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্লেন বি প্ৰস্তুত কৰি ৰাখিব লাগে আৰু মই বিশ্ববিদ্যালয়ত থাকি স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰিলোঁ। স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়াটো মোৰ বাবে কঠিন আছিল। মই ভাবিছিলো যে এম পি এছ চিৰ পৰীক্ষা (MPSC examination)ত উত্তীৰ্ণ হ'ব নোৱাৰিলে মই এম এছ চি সম্পূৰ্ণ কৰিম আৰু চাকৰি এটাত সোমাম।"-ছাজিদাই এইদৰে কয়।
তেওঁ পুনৰ কয়, "মই পিচিঅ'ডি (PCOD) ৰোগত আক্ৰান্ত। দুয়োটা বিষয় অধ্যয়ন কৰি মই শাৰীৰিক আৰু মানসিক অশান্তিৰ সন্মুখীন হৈছিলো। ঘৰতো কিছু সমস্যা হৈছিল। মোৰ মাৰ ব্ৰেইন টিউমাৰ ধৰা পৰিছিল। তাৰ পিছত মইও ফেইল কৰিলো। সেই সময়তে মই এগ্ৰি এম পি এছ চি (Agri MPSC) পৰীক্ষা দিছিলো। ইয়াত মই প্ৰাৰম্ভিক অৰ্হতা নিশ্চিত কৰিছিলোঁ কিন্তু মোৰ নম্বৰ যথেষ্ট নোহোৱাত মই সাক্ষাৎকাৰলৈ আমন্ত্ৰিত হোৱা নাছিলো। মোৰ সকলো বন্ধুৱে পাছ কৰিছিল। এই সকলোবোৰ একে সময়তে ঘটিছিল। ই মোক বহুত মানসিক চাপ দিছিল। কিন্তু মই সুস্থিৰ হৈ থাকিব বিচাৰিছিলো। পঢ়া-শুনাত মনোনিৱেশ কৰিব বিচাৰিছিলো।"
উল্লেখ্য যে, ২০২২ চনত পুনৰ এমপিএছচি পৰীক্ষা (MPSC Exam)ত অৱতীৰ্ণ হৈ তেওঁ প্ৰিলিমছত ফেইল কৰিছিল। তথাপি হাৰ মানিবলৈ সাজু নহৈ ছাজিদাই ২০২৩ চনত খাদ্য সুৰক্ষা বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সফল হৈছিল। এতিয়া তেওঁ খাদ্য সুৰক্ষা বিষয়া হিচাপে যোগদান কৰিবলৈ সাজু হৈছে।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ আকাংক্ষীসকললৈ পৰামৰ্শ আগবঢ়াই ছাজিদাই কয়, “প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ আৰম্ভণিৰে পৰা এটা শক্তিশালী প্লেন বি থাকিব লাগে। ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সকলোৱে পৰামৰ্শ দিয়ে। তেওঁলোকে ছিনিয়ৰৰ পৰা পথ প্ৰদৰ্শন ল’ব লাগে। আমি চতুৰতাৰে অধ্যয়ন কৰা উচিত আৰু মুখস্থ কৰিব নালাগে। বুজি লৈ পঢ়িলে কম সময়তে অধিক পঢ়া-শুনা কৰিব পাৰিব।”