বাংলাদেশত শ্বৰীয়ত আইন জাপি দি মহিলাৰ অধিকাৰ কাঢ়ি লোৱা হ'ব; তছলিমা নাছৰিনৰ আশংকা

Story by  atv | Posted by  [email protected] • 9 d ago
তছলিমা নাছৰিন
তছলিমা নাছৰিন
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
ভাৰতত নিৰ্বাসিত হৈ থকা বাংলাদেশৰ প্ৰখ্যাত লেখিকা, সমাজকৰ্মী আৰু চিকিৎসক তছলিমা নাছৰিনে সকীয়াই দিছে যে শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত বাংলাদেশৰ মহিলাসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। তেওঁৰ আশংকা যে উগ্ৰ ইছলামিক শক্তিসমূহে ক্ষমতা দখল কৰি শ্বৰীয়ত আইন জাপি দিব আৰু মহিলাসকলৰ অধিকাৰ কাঢ়ি নিব। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাত্‍কাৰত তছলিমা নাছৰিনে এই মন্তব্য আগবঢ়ায়।
 
সাক্ষাত্‍কাৰটোৰ কিয়দাংশ আগবঢ়োৱা হ'লঃ
 
প্ৰশ্নঃ বাংলাদেশে অস্থিৰতা আৰু অনিশ্চয়তাৰ মাজেৰে পাৰ হৈ আহিছে। মহিলাসকলৰ অৱস্থা কেনেকুৱা দেখিছে?
 
উত্তৰঃ মহিলাসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। উগ্ৰ ইছলামিকসকলৰ ক্ৰমবৰ্ধমান প্ৰাধান্য আৰম্ভ হৈছে। তেনে শক্তিসমূহে শ্বৰীয়ত আইনৰ অধীনত মহিলাৰ সকলো স্বাধীনতাত বাধা আৰোপ কৰিব আৰু নাৰীসকলৰ অধিকাৰ কাঢ়ি নিব। ইতিমধ্যে বিশ্ববিদ্যালয়সমূহে ইছলামিক সাজ-পোছাকৰ ওপৰত ডিক্টেট জাৰি কৰিবলৈ আৰম্ভ কৰিছে।
 
অলপতে হোৱা বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ দৃশ্য
 
প্ৰশ্নঃ শ্বেখ হাছিনাক উৎখাত কৰি অন্তৱৰ্তীকালীন চৰকাৰে শপত লোৱাৰ পিছত মহিলাৰ প্ৰতি থকা মনোভাৱৰ কিবা পৰিৱৰ্তন লক্ষ্য কৰিছেনে?
 
উত্তৰঃ হয়, সঁচাকৈয়ে। বহু বিশ্ববিদ্যালয়ৰ ছোৱালীক সাজ-পোছাকৰ নিয়ম মানি চলিবলৈ কোৱা হৈছে। হিজাব/নাকাব/বুৰখা পিন্ধাটো ড্ৰেছ কোড হিচাপে প্ৰৱৰ্তন কৰা হৈছে আৰু অতি সোনকালে ই নিয়মত পৰিণত হ’ব। যদি শ্বৰীয়ত আইন কাৰ্যকৰী হয়, তেন্তে মহিলাৰ কোনো অধিকাৰ একেবাৰেই নাথাকিব।
 
প্ৰশ্নঃ তাৰমানে মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত বাধা আহিব নেকি?
 
উত্তৰঃ অসহিষ্ণুতা বাঢ়িছে। মত প্ৰকাশৰ স্বাধীনতা নোহোৱা হৈছে। মানৱ অধিকাৰ খৰ্ব কৰা হৈছে আৰু অতি সোনকালে শ্বৰীয়ত আইন জাপি দিব। ইয়াৰ পিছত মহিলাসকল কোনো অধিকাৰ নোহোৱাকৈয়ে জীৱন কটাব লাগিব। হিজব উৎ-তাহৰিৰ, জামাত-ই-ইছলামী আৰু মৌলবাদী শক্তিসমূহে প্ৰতিদিনে সক্ৰিয় হৈ উঠিছে। হাছিনাৰ শাসনৰ সময়ত হিজব উৎ-তাহৰিৰ, জামাত-ই-ইছলামীক সন্ত্ৰাসবাদী সংগঠন হিচাপে গণ্য কৰা হৈছিল। সেই সংগঠনবোৰৰ বহু সদস্যক ব্লগাৰ/লেখকক হত্যা কৰাৰ অপৰাধত জেললৈ পঠিওৱা হৈছিল। এতিয়া তেওঁলোকক মুক্ত কৰা হৈছে, ইয়াৰ পৰা দেশৰ ভৱিষ্যত কি হ’ব তাৰ ইংগিত পাব পাৰি।
 
প্ৰশ্নঃ ইছলামিক উগ্ৰপন্থীৰ উত্থান হঠাতে হৈছিল নেকি?
 
উত্তৰঃ নাই, নাই নহয়৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তেওঁৰ শাসনকালত মৌলবাদীক উৎসাহিত কৰিছিল, সেয়েহে সমগ্ৰ দেশতে মাদ্ৰাছাবোৰ কাঠফুলাৰ দৰে গঢ় লৈ উঠিছিল। ইছলামিক পৰিবেশত ডাঙৰ-দীঘল হৈছিল যুৱ প্ৰজন্ম। যুৱক-যুৱতীসকলক যুক্তিসংগতভাৱে চিন্তা-চৰ্চা আৰু বিজ্ঞান অধ্যয়ন কৰিবলৈ উৎসাহিত কৰাৰ পৰিৱৰ্তে শ্বেখ হাছিনাই মৌলবাদী উপাদানসমূহক উৎসাহিত কৰিছিল, যিবোৰ অৱশেষত বুমেৰাঙত পৰিণত হৈছে আৰু তেওঁক শাসনৰ পৰা অপসাৰণ কৰা হয়। কিন্তু বৰ্তমানৰ চৰকাৰখন শ্বেখ হাছিনাৰ “স্বৈৰাচাৰী শাসন”তকৈও বেয়া।
 
শিক্ষকসকলে পদত্যাগ কৰিবলৈ বাধ্য হৈছে, পূৰ্বৰ চৰকাৰৰ সাংবাদিক, মন্ত্ৰী, বিষয়াক হত্যা কৰা হৈছে, তেওঁলোকক হাৰাশাস্তি কৰা হৈছে আৰু কাৰাগাৰত ভৰাই থোৱা হৈছে। কিন্তু মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে এনে কুকৰ্মৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ কৰা নাই।
 
তছলিমা নাছৰিন
 
প্ৰশ্নঃ অন্তৱৰ্তীকালীন চৰকাৰে কিবা আশাৰ সঞ্চাৰ কৰিছেনে?
 
উত্তৰঃ শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাৰ পিছত হোৱা হিংসাত্মক পৰিস্থিতিক মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখনে উদযাপন বুলি কোৱাৰ বাবে ফলত পৰিস্থিতি আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে। মন্দিৰসমূহ ভঙা হৈছে, শ্বেখ মুজিবুৰ ৰহমানৰ সংগ্ৰহালয় আৰু প্ৰতিমূৰ্তি ভঙা হৈছে, হিন্দুৰ দৰে সংখ্যালঘু লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। তাৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰখনে কৈছে যে এয়া হৈছে নতুন যুগৰ বিজয় উদযাপন কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিক্ৰিয়া। চৌদিশৰ পৰিস্থিতি ভাৰত বিৰোধী, নাৰী বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী। দেশত মৌলবাদ বহুগুণে বৃদ্ধি পাইছে। ইছলামপন্থীসকলে ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ কৈছে।
 
প্ৰশ্নঃ আপুনি ভাৰতত বসবাস কৰি থকা আজি বহু বছৰ হ’ল। শেহতীয়াকৈ আপুনি আপোনাৰ আৱাস অনুমতি (residence permit) নবীকৰণ নকৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে।
 
উত্তৰঃ ভাৰতত বসবাস কৰা আজি প্ৰায় দুটা দশক হ'ল। ২০০৫ চনৰ পৰা ২০১০ চনলৈকে মই ভাৰতত মাজে সময়ে আছিলো, কাৰণ অনুমতি পত্ৰই মোক একেৰাহে দীঘলীয়া সময়ৰ বাবে থকাৰ অনুমতি দিয়া নাছিল। অৱশ্যে ২০১১ চনৰ পৰা ভাৰত মোৰ ঘৰ। মোৰ ৰেচিডেন্স পাৰ্মিট ২৭ জুলাইত শেষ হ’ল। ইয়াৰ নবীকৰণৰ কোনো তথ্য আনুষ্ঠানিকভাৱে পোৱা নাই। অনলাইন ষ্টেটাছে দেখুৱাইছে যে ই প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি আছে। গতিকে ইয়াক নবীকৰণ কৰা হ’ব বুলি মই আশাবাদী। যেতিয়ালৈকে এয়া হৈ নুঠে, তেতিয়ালৈকে মই চিন্তিত। অস্ত্ৰোপচাৰৰ পৰা সুস্থ হৈ উঠিছো, যাৰ ফলত মোৰ গতিশীলতা প্ৰত্যাহ্বানজনক হৈ পৰিছে। মই আশাবাদী যে ৰেচিডেন্স পাৰ্মিটৰ এক্সটেনচন সোনকালে লাভ কৰিম।